নতুন পাকঘৰ বনাওঁতে এইসমূহ বাস্তু নিয়ম মানি চলিব

নতুন পাকঘৰ বনাওঁতে এইসমূহ বাস্তু নিয়ম মানি চলিব
Published on
Updated on

ডিজিটেল ডেস্ক: বিশ্বাস মতে, যদি ঘৰ এটা নিৰ্মাণ কৰোতে বাস্তু নিয়ম অনুসৰণ কৰা নহয়, তেন্তে এজন ব্যক্তিৰ জীৱনটো সমস্যাৰে আৱৰি থাকিব পাৰে। কেৱল ঘৰেই নহয়, বাস্তু শাস্ত্ৰত পাকঘৰ নিমাৰ্ণৰো কেতবোৰ বিশেষ নিয়ম আছে।পাকঘৰৰ কি সামগ্ৰী ক'ত ৰাখিব লাগে সেয়া বাস্তু শাস্ত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে।আজি এই বিষয়ে জানো আহক-

বেচিন

বাস্তু শাস্ত্ৰত বেচিন বা চিংকৰ বিশেষ গুৰুত্ব আছে। পাচলি ধোৱাৰ পৰা খোৱাৰ পিছত বাচন ধোৱালৈকে আমি সকলোয়ে বেচিনটো ব্যৱহাৰ কৰো।বেচিন সদায় পাকঘৰৰ উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব লাগে।ইয়াক কেতিয়াও দক্ষিণ-পশ্চিম দিশত নিৰ্মাণ কৰিব নালাগে।

গেছ ষ্ট’ভ

 গেছ ষ্ট’ভটো পূব আৰু দক্ষিণ-পূব দিশত থাকিব লাগে। এই দিশক পাকঘৰত গেছ বা জুইৰ সৈতে সম্পৰ্কিত বস্তুবোৰ ৰখাৰ বাবে সঠিক দিশ বুলি গণ্য কৰা হয়। সেয়েহে, এই দিশতে সদায়  গেছ ষ্ট’ভ ৰাখিব লাগে।

মাইক্ৰ'ৱেভ

বাস্তু শাস্ত্ৰৰ মতে, মাইক্ৰ'ৱেভ বা ইণ্ডাক্সন পাকঘৰৰ দক্ষিণ-পূব কোণত ৰাখিব লাগে। 

গোসাঁইঘৰ

বাস্তু নিয়ম অনুসৰি, পাকঘৰৰ ভিতৰত কেতিয়াও গোসাঁইঘৰ থাকিব নালাগে।ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ তেজ সম্পৰ্কীয় ৰোগ হ'ব পাৰে। 

পাকঘৰৰ বাস্তু ত্ৰুটি এইদৰে আঁতৰাব 

যদি আপোনাৰ পাকঘৰত কোনো ধৰণৰ বাস্তু ত্ৰুটি আছে, তেন্তে আপুনি পাকঘৰৰ দুৱাৰত ৰঙা ৰঙৰ ক্ৰিষ্টেল এটা ৰাখিব। ই পাকঘৰৰ বাস্তু ত্ৰুটিবোৰ আঁতৰ কৰিব। 

নতুন পাকঘৰ বনাওঁতে এইসমূহ বাস্তু নিয়ম মানি চলিব
Vastu Tips: জীৱনলৈ আহিব সুখ-সমৃদ্ধি, আজিয়েই ঘৰত ৰোপন কৰা এই ফুল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in