এইবাৰ দিপাৱলীত চিন্তা নকৰাকৈ খাব পাৰিব মিঠাই

সমাগত পোহৰৰ উৎসৱ দিপাৱলী। দিপাৱলী মানেই যেন মিঠাই ! পোহৰৰে চৌদিশ উজ্জ্বল হোৱাৰ লগতে এই আনন্দৰ উৎসৱত ইজনে-সিজনক মিঠাই উপহাৰ দিয়া তথা মিঠাই খোৱাটো পৰম্পৰা বুলিয়েই ক’ব পাৰি।

author-image
Asomiya Pratidin
New Update
এইবাৰ দিপাৱলীত চিন্তা নকৰাকৈ খাব পাৰিব মিঠাই

healthy-tips

ডিজিটেল ডেস্ক: সমাগত পোহৰৰ উৎসৱ দিপাৱলী। দিপাৱলী মানেই যেন মিঠাই ! পোহৰৰে চৌদিশ উজ্জ্বল হোৱাৰ লগতে এই আনন্দৰ উৎসৱত ইজনে-সিজনক মিঠাই উপহাৰ দিয়া তথা মিঠাই খোৱাটো এক পৰম্পৰা বুলিয়েই ক’ব পাৰি।এই সময়তো আকৌ স্বাস্থ্য সচেতন একাংশই ওজন বৃদ্ধিৰ ভয়ত মিঠাই খোৱাৰ পৰা বিৰত থাকে।কিন্তু এনে লোকসকলৰ এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই।হয়, কেইটামান দিশৰ প্ৰতি মন দি আপুনি মিঠা খাইও ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। মিঠাই খাই আপুনি এই উৎসৱটো কেনেদৰে বিশেষ কৰিব পাৰে, আজি জানো আহক-

যথেষ্ট পৰিমাণে পানী খাব

আপোনাৰ শৰীৰ হাইড্ৰেটেড ৰাখিবলৈ দিনে কমেও ৭ -৮ গিলাচ পানী খাব। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে আৰু আপোনাৰ বিপাক বৃদ্ধি কৰে। পৰ্যাপ্ত পানী খালে আপোনাক সতেজ অনুভৱ কৰোৱাৰ লগতে ভোকও নিয়ন্ত্ৰণ কৰিব।

দৈনিক আধা ঘণ্টা খোজ কাঢ়ক

যদি আপুনি মিঠাই খাই আছে, তেন্তে দৈনিক কমেও আধা ঘণ্টা খুব খৰকৈ খোজ কাঢ়িব। ই কেলৰি দহন কৰাত সহায়ক হোৱাৰ লগতে আপোনাৰ মানসিক স্বাস্থ্যকো শক্তিশালী কৰিব। নিয়মীয়াকৈ খোজ কঢ়াটো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

আঁহেৰে সমৃদ্ধ খাদ্য খাব

উৎসৱৰ বতৰত মিঠাই খোৱাৰ লগতে আহাৰত আঁহ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব। ফল, পাচলি আৰু সম্পূৰ্ণ শস্য আপোনাৰ বাবে ভাল বিকল্প হ'ব পাৰে। আঁহ সমৃদ্ধ খাদ্যই পেটটো ভৰ্তি কৰি ৰাখে, যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে।

জিমলৈ যাব

যদি আপুনি বাহিৰত খোজ কাঢ়িব নোৱাৰে, জিমলৈ যোৱাৰ পৰিকল্পনা কৰক। নিয়মীয়া ব্যায়ামে ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাক সুস্থ কৰি ৰাখিব। শৰীৰৰ পৰা ঘাম বাহিৰ ওলোৱাটোৱে শৰীৰৰ বিপাকৰ হাৰ বৃদ্ধি কৰে, যিয়ে কেলৰি দহন কৰাত সহায় কৰে।

Also Read: আপুনিও বেছি শকত যদি খোজ কেনেকৈ কাঢ়িব লাগে জানি লওঁক