বিবাহিত জীৱনত অশান্তি হ’লে তুলসীৰ তলত কৰিব এই কাম

বিবাহিত জীৱনত অশান্তি হ’লে তুলসীৰ তলত কৰিব এই কাম
Published on
Updated on

ডিজিটেল ডেস্ক: তুলসী হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ উদ্ভিদ। যাৰ বাবে অধিকাংশৰ ঘৰতেই তুলসী ৰোপন কৰা হয়। প্ৰকৃততে তুলসীক দেৱীৰ মৰ্যাদা দিয়া হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়।যাৰ বাবে তুলসীক হৰিবল্লভ বুলিও কোৱা হয়। দেৱী তুলসী ভগৱান বিষ্ণুৰ ৰূপ শালিগ্ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এইটো বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৱে তেতিয়াহে দেৱুথানি একাদশীত সাৰ পায়, যেতিয়া তেওঁক হৰিবল্লভ বুলি কোৱা হয়। তদুপৰি, তুলসীৰ গছ ঘৰত থাকিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে।কিন্তু ঘৰত তুলসী থাকিলে কেতবোৰ বিশেষ দিশত মন দিয়া উচিত। আজি সেই বিষয়ে জানো আহক-

১)  তুলসী সদায় টাব বা যিকোনো পাত্ৰত ৰোপণ কৰিব লাগে।ইয়াক কেতিয়াও মাটিত পোনপটীয়াকৈ ৰোপন কৰিব নালাগে।কিয়নো তুলসী অতি পবিত্ৰ, যাৰ বাবে মাটিত পোনপটীয়াকৈ ৰোপন কৰাটো উচিত নহয়।

২) আপুনি হয়তো তুলসীক দৈনিক উপাসনা কৰে। কিন্তু দেওবাৰে কেতিয়াও তুলসীক উপাসনা কৰিব নালাগে। এই দিনটোত তুলসীত পানীও দিব নালাগে।

৩) বাস্তুৰ মতে, ঘৰৰ চোতালৰ উত্তৰ-পূব বা উত্তৰ দিশত তুলসী গছ ৰোপণ কৰিব লাগে। তুলসী কেতিয়াও দক্ষিণ দিশত ৰোপণ কৰিব নালাগে। কিয়নো এই দিশত তুলসীৰ গছ থাকিলে ঘৰৰ মূল মানুহজনৰ খং উঠি থাকিব পাৰে। 

৪) দক্ষিণ দিশটো যমদূতৰ দিশ বুলি গণ্য কৰা হয়। সেয়েহে এই দিশত তুলসী ৰোপণ কৰিলে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে আৰু ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে।

৫) সূৰ্যোদয়ৰ পিছত তুলসীক কেতিয়াও স্পৰ্শ কৰিব নালাগে। একাদশী, সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণৰ সময়তো ইয়াক স্পৰ্শ কৰাটো শুভ বুলি গণ্য কৰা নহয়। 

বিবাহিত জীৱনৰ বাবে তুলসীৰ প্ৰতিকাৰ

যদি আপোনাৰ বিবাহিত জীৱনত বিবাদ হয়, তেন্তে স্বামী আৰু পত্নীয়ে প্ৰতিদিনে তুলসীৰ তলত চাকি জ্বলাব লাগে। ই আপোনাৰ সম্পৰ্কৰ বান্ধোন শক্তিশালী কৰে আৰু বিবাহিত জীৱনলৈ অহা যিকোনো সমস্যা আঁতৰ কৰে। 

বিবাহিত জীৱনত অশান্তি হ’লে তুলসীৰ তলত কৰিব এই কাম
Vastu Tips: দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়সমূহ জানি লওক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in