অচিনাকী ব্যক্তিলৈ ভুলতে পঠিয়ালে মোটা অংকৰ ধন, তাৰ পিছত কি হ’ল জানেনে ?

অচিনাকী ব্যক্তিলৈ ভুলতে পঠিয়ালে মোটা অংকৰ ধন, তাৰ পিছত কি হ’ল জানেনে ?
Published on
Updated on

ডিজিটেল ডেস্ক: এগৰাকী মহিলাই অচিনাকী ব্যক্তিৰ একাউন্টলৈ ভুলতে পঠিয়ালে এক মোটা অংকৰ ধন।ইয়াৰ পিছতে ঘটিল এক অভাৱনীয় ঘটনা। হয়, ভুক্তভোগী মহিলাগৰাকীয়ে এই বিষয়ে ৰাজহুৱা কৰিলে ছ'চিয়েল মেডিয়াত আৰু স্বাভাৱিকভাৱেই এতিয়া ভাইৰেল এই ঘটনা।

@medusaflowerৰ নামত থকা এটা টুইটাৰ একাউন্টত এই বিষয়ে শ্বেয়াৰ কৰিছে মহিলাগৰাকীয়ে।টকা পঠোৱা ব্যক্তিগৰাকীৰ লগত হোৱা মেছেজৰ স্ক্ৰীণশ্বটটোও তেওঁ প'ষ্ট কৰে। এই প'ষ্টটোৰ কেপছনত তেওঁ লিখিছে, 'মই এটা ভুল নম্বৰলৈ টকা পঠিয়াইছিলো আৰু এজন অতি সুন্দৰ ব্যক্তিক লগ পাইছিলো।টকা পঠিয়াই মোৰ অৱস্থা বেয়া হৈ গৈছিল।'

স্ক্ৰীণশ্বটটোৰ মতে, মহিলাগৰাকীয়ে তেওঁ ভুলতে পঠিওৱা ব্যক্তিজনৰ পৰা টকাখিনি ঘূৰাই বিচাৰিছিল।কিন্তু অচিনাকি ব্যক্তিজনে প্ৰথমে ধেমেলীয়াকৈ টকাখিনি ঘূৰাই নিদিও বুলি কয় যদিও পাছ মূহুৰ্ততে তেওঁ টকাখিনি ঘূৰাই পঠিয়ায়।

এই প'ষ্টটো শ্বেয়াৰ হোৱাৰ পাছতে লাখ লাখ ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে এই অচিনাকি ব্যক্তিজনক প্ৰশংসা কৰে।একাংশই লেখিছে ‘পৃথিৱীত এতিয়াও ভাল মানুহ আছে।’ আন একাংশৰ মতে, ''মানৱতাক জীয়াই ৰখা এনে কাম কোনোয়ে কৰিলে ভাল লাগে।' আনহাতে, টকা ঘূৰাই পোৱা মহিলাগৰাকীয়ে অচিনাকী ব্যক্তিজনৰ লগত চিনাকি হৈ নিজকে ভাগ্যৱান বুলিহে উল্লেখ কৰে।তেওঁ সেই ব্যক্তিজনৰ লগত এতিয়া অতি মধুৰ সম্পৰ্ক বজাই ৰাখিছে বুলিও সকলোকে জানিবলৈ দিয়ে।

অচিনাকী ব্যক্তিলৈ ভুলতে পঠিয়ালে মোটা অংকৰ ধন, তাৰ পিছত কি হ’ল জানেনে ?
জন চিনাৰ মুখত ‘চক দে ফট্টে, নাপ ডে গিল্লী, ছাম ক’ বম্বে, ছুবাহ ক’ দিল্লী’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in