টুইট কৰিবলৈ বাধ্য হ’ল জমেট’, তোলপাৰ ছ’চিয়েল মেডিয়া

টুইট কৰিবলৈ বাধ্য হ’ল জমেট’, তোলপাৰ ছ’চিয়েল মেডিয়া
Published on
Updated on

ডিজিটেল ডেস্ক: অনলাইন খাদ্য বিতৰণ এপ সাধাৰণতে খাদ্য অৰ্ডাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু আজিকালি একাংশই ইয়াক প্ৰাক্তন প্ৰেমিকক প্ৰতিশোধ ল'বলৈ ব্যৱহাৰ কৰিবলৈ লৈছে।এয়া পিছে আমাৰ কথা নহয়। জনপ্ৰিয় খাদ্য বিতৰণ এপ জমেট'য়ে এয়া নিজেই কৈছে। হয়, এই বিষয়ে কোম্পানীয়ে টুইট কৰি ৰাজহুৱা কৰিছে। 

এই টুইটৰ মতে, ভূপালত অংকিতা নামৰ এগৰাকী মহিলা আছে, যিয়ে জমেট'ৰ পৰা তেওঁৰ প্ৰাক্তন প্ৰেমিকলৈ খাদ্য প্ৰেৰণ কৰে। কিন্তু তেওঁৰ প্ৰেমিকে খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। অংকিতাই এনেকুৱা বহুবাৰ কৰিছে।আচল কথাটো হ'ল প্ৰেমিকলৈ অৰ্ডাৰ দিয়া খাদ্যৰ বিল নিদিয়ে অংকিতাই।খাদ্য গ্ৰহণৰ সময়ত খাদ্যৰ দাম প্ৰেমিকক দিবলৈ তেওঁ এপৰ জৰিয়তে ঠিক কৰে। অৰ্থাৎ, যেতিয়া অৰ্ডাৰটো গ্ৰাহকক দিয়া  হয়, লওঁতাজনে বিলটো নগদ ধনত পৰিশোধ কৰিব লাগিব। সেয়েহে অংকিতাই জমেট' ব্যৱহাৰ কৰি তেওঁৰ প্ৰাক্তন প্ৰেমিক আৰু জমেট'ৰ সৈতে খেল খেলি আছে। যাৰ বাবে খাদ্য বিতৰণ এপটোৱে অংকিতাৰ নাম দি এটা টুইট কৰি এই সকলোবোৰ ৰাজহুৱা কৰে।ইয়াকে লৈ এতিয়া তোলপাৰ লাগিছে ছ'চিয়েল মেডিয়া।

জমেট'ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত উল্লেখ কৰা মতে, 'ভূপালৰ অংকিতা, আপুনি অনুগ্ৰহ কৰি আপোনাৰ প্ৰাক্তন প্ৰেমিকক নগদ ধনৰ বিনিময়ত খাদ্য প্ৰেৰণ কৰা বন্ধ কৰক।আপোনাৰ প্ৰেমিকে ধন পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰে। এনেকুৱা বহুবাৰ হৈছে।' ইয়াৰ পিছত আন এটা 'ফল'-আপ' টুইট কৰে জমেট'য়ে।য'ত উল্লেখ কৰা হৈছে, 'কোনোবাই অনুগ্ৰহ কৰি অংকিতাক কওঁক যে তেওঁৰ একাউণ্টত কেছ অন ডেলিভাৰী বন্ধ কৰি দিয়া হৈছে।'

এতিয়া এই টুইটটো ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ হৈছে। সকলো ব্যৱহাৰকাৰীয়েই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহুতেই বহু বহু হাঁহি উঠা কমেণ্ট লিখিছে। এজনে লিখিছে, অংকিতা ভাল খেলিছা। আন এজনে লিখিছে- অংকিতা, টকা দি পঠিয়াওঁক, কিয়নো সকলোকে আমনি কৰিছে ?বহুতেই আকৌ এয়া প্ৰেমত মন হৃদয় ভাঙিবলৈ কুণ্ঠাবোধ নকৰাসকলক প্ৰতিশোধ লোৱাৰ উত্তম উপায় বুলি উল্লেখ কৰিছে।

টুইট কৰিবলৈ বাধ্য হ’ল জমেট’, তোলপাৰ ছ’চিয়েল মেডিয়া
টুইটাৰত ভাইৰেল ‘স্ক্ৰীণশ্বট’, প্ৰতিক্ৰিয়া নাই প্ৰাক্তন প্ৰেমিকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in