দ্বিতীয় অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপঃ বৃহৎ জয়ৰে ছেমি ফাইনেললৈ লায়ন্স ক্লাৱ

দ্বিতীয় অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপঃ বৃহৎ জয়ৰে ছেমি ফাইনেললৈ লায়ন্স ক্লাৱ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলি থকা দ্বিতীয় অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ শুকুৰবাৰে অনুষ্ঠিত লায়ন্স ক্লাৱ বনাম হৰিশিঙা ক্ৰিকেট ক্লাৱৰ মাজৰ খেলত লায়ন্স ক্লাৱে বৃহৎ জয় সাব্যস্ত কৰে।

টছত জিকি হৰিশিঙা ক্ৰিকেট ক্লাৱে লায়ন্স ক্লাৱক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। লায়ন্স ক্লাৱে ৩৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৰকেট স্বৰ্গীয়াৰীৰ ৪২ ৰাণৰ বৰঙণিৰে ২১৪ ৰাণ সংগ্ৰহ কৰে। হৰিশিঙাৰ অনিল দৈমাৰীয়ে ৭.৩ অভাৰত ৪৬ ৰাণ দি ৪টা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত হৰিশিঙা ক্ৰিকেট ক্লাৱে বেটিং কৰি ২৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১২ ৰাণ সংগ্ৰহ কৰে। লায়ন্স ক্লাৱৰ সবপ্ৰীট সিঙে ৬ অভাৰত ২১ ৰাণ দি ৪ টাকৈ উইকেট দখল কৰে। এই বৃহৎ জয়ৰে লায়ন্স ক্লাৱে ছেমি ফাইনেলত দলৰ স্থান প্ৰায় নিশ্চিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in