ডিজিটেল ডেস্কঃ গুৱাহাটী। সকলোৰে হেঁপাহৰ গুৱাহাটী। উত্তৰ-পূবৰ দুৱাৰমুখ এই গুৱাহাটী মহানগৰ। ভাৰতৰ এখন উল্লেখযোগ্য মহানগৰ। প্ৰাচীণ কালত নাম আছিল প্ৰাগজ্যোতিষপুৰ। উত্তৰ-পূব ভাৰতৰ তিনিখন মহানগৰৰ ভিতৰত কলকাতা আৰু পাটনাৰ পাছতেই গুৱাহাটীৰ স্থান।
গুৱাহাটী এনে এখন মহানগৰ যাৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে মেঘালয়ৰ পাহাৰ। ২০১১চনৰ লোকপিয়ল অনুসৰি গুৱাহাটীৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। এফালে পাহাৰ, আনফালে নদী আৰু কামাখ্যা দেৱালয়, উমানন্দ আদি পৌৰাণিক মন্দিৰেৰে ভৰা এই গুৱাহাটী চহৰ।
গুৱাহাটী পৌৰ নিগমৰ অধীনত আছে ২১৬ বৰ্গ কিঃমিঃ আৰু মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত আছে ৩৪০ বৰ্গ কিঃমিঃ। এই গুৱাহাটীতেই আছে উত্তৰ-পূব ভাৰতৰ বহু কেইটা শৈক্ষিক প্ৰতিষ্ঠান। আই আই টি গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় সেইবোৰৰ ভিতৰত অন্যতম।
শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু প্ৰশাসনীয় কেন্দ্ৰবিন্দু এই গুৱাহাটী মহানগৰ। জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ গুৱাহাটী চহৰ। এতিয়াও গুৱাহাটীত ওলাই বাঘ। সমীপৰে দীপৰবিললৈ আহে জাক জাক পৰিভ্ৰমী চৰাই।
এই গুৱাহাটীতেই হৈছিল শৰাইঘাটৰ যুঁজ। অসম জয় কৰিবলৈ ১৭বাৰ প্ৰচেষ্টা চলাইছিল মোগলে। ১৬৭১চনত লাচিত বৰফুকনৰ নেতৃত্বত মোগলক পৰাস্ত কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল আহোম সেনাই। তাৰ সাক্ষী মোমাইকটা গড়।
কৃষ্ণচূড়াৰ দেশ জালুকবাৰী। আজিও সজীৱ সেই জালুকবাৰী। বহুতৰ বাবে সপোনপুৰী। কৃষ্ণচূড়া ফুলাৰ বতৰত ৰঙা হয় জালুকবাৰীৰ আকাশ-বতাহ।
বিশাল সম্ভাৱনাপূৰ্ণ নদী ব্ৰহ্মপুত্ৰৰ পাৰৰ এই মহানগৰখন এদিন আছিল চৌদিশৰ পৰাই মনোমোহা। মধ্যযুগত আহোম সকলে গুৱাহাটীক এক বিশেষ গুৰু্ত্বপূৰ্ণ স্থানৰূপে ব্যৱহাৰ কৰিছিল। চাৰিচকীয়া দীঘলীপুখুৰী আছিল ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন। আহোম ৰজাই নাৱৰ বন্দৰ ৰূপে ব্যৱহাৰ কৰিছিল।
আপুনি-মই গুৱাহাটীতেই থাকো। হয়তো আমি লক্ষ্য নকৰো আজি কি পৰ্যায়ত আছে গুৱাহাটী মহানগৰ। মহানগৰীৰ গছ-বনে ভৰা পাহাৰবোৰ এফালৰ পৰা কাটি নিয়া হ'ল। উদং পাহাৰ আৰু বাটে-পথে পৰি থকা জাৱৰে মহানগৰীত গঢ়ি তুলিছে এক কদৰ্যময় পৰিৱেশ।
চৰকাৰে মাজে সময়ে চূণ-তেল লগাই পদপথ, ডিভাইডাৰবোৰ ধুনীয়া কৰিবলৈ চেষ্টা চলায়। সেয়াও সামুহিকভাৱে এক-দুমাহৰ বাবে সম্ভৱ হয়, তাৰ পাছত কাৰোবাৰ তামোল-পানৰ পিকে, অৱহেলাৰ বাবে পুনৰ সেই একেই কদৰ্যপূৰ্ণ গুৱাহাটী মহানগৰ হৈ ৰৈ যায়।
এই গুৱাহাটী চহৰলৈ বহু আশাৰে আহিছিল ইউৰোপৰ লিথুয়েনিয়াৰ এগৰাকী মহিলা। আচলতে তেওঁ অসমৰে বোৱাৰী। ইউৰোপত থকা অসম সন্তান ভাস্কৰ্য শিল্পী অলকজ্যোতি পাঠকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ শহুৰেকৰ ঘৰলৈ আহিছিল তামাৰাই নামৰ বিদেশী বোৱাৰীগৰাকী।
গুৱাহাটীলৈ আহি তেওঁ আচৰিত হ'ল। পকী ৱালত অলাগতীয়াল পোষ্টাৰ-বেনাৰ, তামোলৰ পিক এইবোৰ দেখি তেওঁৰ সহ্য নহ'ল। শহুৰৰ ঘৰৰ পৰা তেওঁ ওলাই আহিল মহানগৰীৰ ৰাজপথলৈ। হাতত ৰঙৰ টেমা আৰু পানীৰ মগ।
ৰং সানি মহানগৰীৰ লেতেৰা দেৱালবোৰ তেওঁ চফা কৰিবলৈ প্ৰয়াস কৰিলে। লগত আন কেইজনমান যুৱক। শনিবাৰে উলুবাৰীত চফাই অভিযান চলালে এইগৰাকী বিদেশী বোৱাৰীয়ে। যি কথাই মহানগৰীবাসীক চিন্তিত কৰা নাছিল, সেই কথাই চিন্তিত কৰি তুলিছিল তেওঁক।
তেওঁ কেৱল চমক দিবৰ বাবে এই কাম কৰিব খোজা নাই। এই কাম যাতে ধাৰাবাহিকভাৱে হৈ থাকে তাৰ বাবে তেওঁ গঠন কৰিছে এটা স্বেচ্চাচাৰী সংগঠন। নাম দিছে 'পৰিৱৰ্তন'। তেওঁৰ ইচ্ছা- এই 'পৰিৱৰ্তনে' এদিন পৰিৱৰ্তন কৰিব মহানগৰবাসীৰ মন।
তামাৰাইৰ মতে, সুস্থ পৰিৱেশ নাথাকিলে নাথাকিব এদিন জীৱকুল। প্ৰকৃতিৰ এই ৰম্যভূমিত এতিয়া চলে মানুহৰ দপদপনি। যাৰ বাবে সুন্দৰ গুৱাহাটী এতিয়া কদৰ্যময় হৈ পৰিছে। স্বচ্ছতাৰ সলনি জাৱৰেৰে ভৰি থাকে মহানগৰীৰ অলি-গলি।
গুৱাহাটীত থাকি গুৱাহাটীবাসীয়ে যি কথা লক্ষ্য নকৰিলে, সেই কথা অনুভৱ কৰিলে এই দুদিনৰ বাবে গুৱাহাটীলৈ অহা এইগৰাকী বিদেশৰ তামাৰাই। তেওঁ চকু খুলি দিছে গুৱাহাটীবাসীৰ। ইয়াৰ পাছত গুৱাহাটীবাসীয়ে নিশ্চয় অনুভৱ কৰিব- ধুনীয়া গুৱাহাটীক আমি কিমান কদৰ্য কৰি পেলাইছো। সেই কথা দুদিনৰ বাবে অহা এগৰাকী বোৱাৰীৰ চকুত ধৰা পৰি গৈছে।