ৰাজনীতিৰ নামত মোডীয়ে কৰিছে কেমিডি, শ্যাম ৰংগিলাই কমেডিৰ মাজেৰে কৰিব ৰাজনীতি...

প্ৰধানমন্ত্ৰী মোডীৰ নকল কৰি জনপ্ৰিয় হৈ পৰা শ্যাম হ'ব মোডীৰেই প্ৰতিদ্বন্দী
ৰাজনীতিৰ নামত মোডীয়ে কৰিছে কেমিডি, শ্যাম ৰংগিলাই কমেডিৰ মাজেৰে কৰিব ৰাজনীতি...
ৰাজনীতিৰ নামত মোডীয়ে কৰিছে কেমিডি, শ্যাম ৰংগিলাই কমেডিৰ মাজেৰে কৰিব ৰাজনীতি...
Published on
Updated on

ডিজিটেল ডেস্কঃ নেট দুনিয়াত তেওঁ বহু জনপ্ৰিয়, চৰ্চিত। এগৰাকী কমেডিয়ান হিচাপে খুব কম সময়তে তেওঁ অৰ্জন কৰিছে খ্যাতি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নকল কৰি প্ৰায়ে চৰ্চাত থকা এই কমেডিয়ানগৰাকীয়ে এতিয়া কেমেডিৰ মাধ্যমেৰেই ৰাজনীতিত ভৰি দিছে।

কমেডিৰ পৰা ৰাজনীতিলৈ জাপ মাৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা এই কমেডিয়ানগৰাকীয়ে আকৌ প্ৰতিদ্বন্দী হিচাপে বাচি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকেই।

শ্যাম ৰংগিলা, ৰাজস্থানৰ ২৮ বছৰীয়া যুৱক। নেট দুনিয়াৰ এটা চৰ্চিত নাম। শ্যামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নকল কৰি প্ৰস্তুত কৰা ভিডিঅ’বোৰ প্ৰায়ে ভাইৰেল হয়। এইগৰাকী শ্যামে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে।

তেওঁ প্ৰতিদ্বন্দিতা কৰিব বাৰণাসী সমষ্টিৰ পৰা। যি সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ মোডীয়েও। শ্যাম ৰংগিলাই জনোৱা মতে তেওঁ নিৰ্দলীয় হিচাপে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ পিছতে এতিয়া প্ৰশ্ন উঠিছে শ্যামে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে? এনে এক প্ৰসংগতে  শ্যামৰ স্পষ্ট উত্তৰ গণতন্ত্ৰৰ সৈতে আপোচ কৰিব নোৱাৰি। মানুহক বিকল্প লাগে। তেওঁৰ মতে মোডীৰ বিৰুদ্ধে বহুতেই মনোনয়ন দাখিল কৰি প্ৰত্যাহাৰ কৰাৰ কেইবাটাও উদাহৰণ আছে। তেওঁ কয়, চুৰাট, চণ্ডিগৰ, ইণ্ডোৰ আদিৰ দৰে যাতে পৰিস্থিতি বাৰণাসীতো একেই পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবেই তেওঁ সিদ্ধান্ত লৈছে।

ইউটিউবত ১০ লাখ ছাবছক্ৰাইবাৰ আছে শ্যাম ৰংগিলাৰ।  এটা সময়ত শ্যাম প্ৰধানমন্ত্ৰীৰ অন্ধ অনুৰাগী আছিল। কিন্তু তেওঁ প্ৰধানমন্ত্ৰী মোডীক নকল কৰি ব্যংগ কৰাত সমস্যাৰো সন্মুখীন হৈছে। বহু অনুষ্ঠান বাতিল হৈছে। কেতিয়া কেতিয়াবা হেঁচাত পৰি তেওঁ স্ক্ৰিপ্টো সলনি কৰিবলগীয়া হৈছে। মূল্যবৃদ্ধিকে ধৰি একাধিক ইছ্যুত ব্যাংগত্মক ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছে।

শ্যামৰ মতে মোডীয়ে যিহেতু ৰাজনীতিৰ নামত কমেডি কৰিছে সেয়ে তেওঁ কমেডিৰ মাধ্যমেৰে ৰাজনীতি কৰিব। উল্লেখ্য, শ্যাম ৰংগিলাই ২০২২ চনত যোগদান কৰিছিল আম আদমি পাৰ্টিত। কিন্তু এই দলটোত বেছি দিন থাকিব নোৱাৰিলে তেওঁ। আপৰ পৰা আতৰি আহি এইবাৰ তেওঁ মোডীৰ বিৰুদ্ধে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে।

কিন্তু এই সিদ্ধান্ত ল’লেওঁ তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে। তেওঁলোকৰ সন্দেহ শ্যামৰ বিৰুদ্ধে ইডি, চি বি আইৰ অভিযান চলিব পাৰে। অৱশ্যে শ্যামৰ মতে তেওঁ এগৰাকী প্ৰকৃত ফকিৰ, সঁচাকৈয়ে ঝোলা কান্ধত লৈ ওলাই যাব পাৰে। ইডি, চি বি আই আহিলেও তেওঁৰ একাউণ্টত একো বিচাৰি নাপায়।

ৰাজনীতিৰ নামত মোডীয়ে কৰিছে কেমিডি, শ্যাম ৰংগিলাই কমেডিৰ মাজেৰে কৰিব ৰাজনীতি...
হাওৰাঘাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন অধ্যক্ষক ছাত্ৰ সন্থাৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in