মোডীক আঁতৰাই সদনত বিজেপিৰ নেতা হ'ব বিচাৰিছে অমিত শ্বাহ!
মোডীক আঁতৰাই সদনত বিজেপিৰ নেতা হ'ব বিচাৰিছে অমিত শ্বাহ!

মোডীক আঁতৰাই সদনত বিজেপিৰ নেতা হ'ব বিচাৰিছে অমিত শ্বাহ!

নবীন পাটনায়কক উদ্দেশ্যি কৰি কৰা অমিত শ্বাহৰ মন্তব্যক আধাৰ কৰি এক্সত মোডী, শ্বাহক কটাক্ষ পি চিন্দাম্বৰমৰ
Published on

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ পৰিৱৰ্তে অমিত শ্বাহেই হ'ব নেকি দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? অৰবিন্দ কেজৰিৱালে এই বিষয়ে শেহতীয়াকৈ বিজেপিৰ পূৰ্বৰ এক নীতিৰ কথা উল্লেখ কৰি নৰেন্দ্ৰ  মোডীৰ পৰিৱৰ্তে বিজেপি জয়ী হ'লে অমিত শ্বাহহে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব বুলি উল্লেখ কৰাৰ পাছত এইবাৰ পি চিন্দাম্বৰমেও একেই বাৰ্তা দিলে।

মঙ্গলবাৰে অমিত শ্বাহে ৰাজহুৱাকৈ কৰা এক মন্তব্যক আধাৰ কৰি পূৰ্বৰ বিত্তমন্ত্ৰী পি চিদাম্বৰমে দাবী কৰিছে সদনত বিজেপিৰ নেতা হ'ব বিচাৰিছে অমিত শ্বাহ। দৰাচলতে মঙ্গলবাৰে অমিত শ্বাহে উৰিষ্যাত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

তেওঁ কৈছিল- নবীন পাটনায়কৰ বয়স বাঢ়ি গৈছে। তেওঁ নিজৰ স্বাস্থ্যৰ কথাও চিন্তা কৰি ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব লাগে। ৭৭ বছৰীয়া  নবীন পাটনায়কক উদ্দেশ্য কৰি এইদৰে মন্তব্য কৰি তেওঁ লগতে এইটোও কয় যে যদিহে উৰিষ্যাত বিজেপিৰ চৰকাৰ গঠন হয় তেন্তে যুৱ-উৰিয়াভাষী এজন ভূমিপুত্ৰক মুখ্যমন্ত্ৰী পাতিব।

অমিত শ্বাহৰ এই মন্তব্যৰ পাছতে এক্সত পি চিন্দাম্বৰমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ মোডী আৰু শ্বাহক একেলগে কটাক্ষ কৰিছে। তেওঁ লিখিছে- যেতিয়া অমিত শ্বাহে নবীন পাটনায়কক বৰ্ধিত বয়সৰ বাবে অৱসৰ ল'বলৈ কৈছে সেই সময়ত তেওঁ নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লৈছে। যদি বিজেপিয়ে চৰকাৰ গঠন নকৰে তেন্তে এনে লাগিছে অমিত শ্বাহ আটাইতকৈ সুখী হ'ব। মোডীৰ পৰিৱৰ্তে তেওঁহে বিপক্ষৰ নেতা হিচাপে সদনত বহিব।

ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে নৰেন্দ্ৰ মোডীৰ পৰিৱৰ্তে অমিত শ্বাহহে প্ৰধানমন্ত্ৰী হ'ব বুলি সংবাদ মেলত উল্লেখ কৰিছিল। ৭৫ বছৰৰ পিছত বিজেপিৰ পৰা সকলো নেতাই অৱসৰ লোৱাৰ এক নিয়ম দলটোত কৰা হৈছিল বুলি উল্লেখ কৰি এই নিয়মৰ আধাৰতে লাল কৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতী আদিৰ দৰে শক্তিশালী নেতা তথা নেত্ৰীক অৱসৰৰ বাবে বাধ্য কৰোৱা হৈছিল বুলি কেজৰিৱালে কৈছিল। এই নিয়মৰ আধাৰতে ৭৩ বছৰ অতিক্ৰম কৰা নৰেন্দ্ৰ মোডীকো দলৰ পৰা আঁতৰাব অমিত শ্বাহে। আৰু ইয়াৰ পিছতে তেওঁ হ'ব দেশৰ প্ৰধানমন্ত্ৰী। অৱশ্যে কেজৰিৱালৰ এই অভিযোগক নস্যাত কৰিছে বিজেপিয়ে।

উল্লেখ্য যে, উৰিষ্যাত লোকসভা  নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈছে। ইয়াৰ বাবে মুঠ চাৰিটা পৰ্যায়ত ভোটগ্ৰহণ হব।

মোডীক আঁতৰাই সদনত বিজেপিৰ নেতা হ'ব বিচাৰিছে অমিত শ্বাহ!
দলীয় অনুশাসন ভংগঃ বিজেপিৰ পৰা বাহিৰ কৰিলে ভোজপুৰী অভিনেতা পৱন সিঙক...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in