১. অসমত আকৌ ১৮৪৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৩৭৫৩৩জনলৈ পাইছে বৃদ্ধি।
২. কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা । হোম কোৱাৰেন্টাইনত থকা সকলক নিৰীক্ষণ কৰিবলৈ সমিতি গঠন ।
৩. ৰাজ্য চৰকাৰে ব্যক্তিগত নাৰ্চিংহোম সমূহক ২৫০০ ৰেমচিডিভিৰ ইনজেকন যোগান ধৰিব । ব্যক্তিগত নাৰ্চিংহোম সকলে এই ইনজেকচন সমূহ চৰকাৰী মূল্যতহে বিক্ৰী কৰিব পাৰিব ।
৪. শেষ হ'ল কংগ্ৰেছ প্ৰাৰ্থীৰ অৱসৰ বিনোদন । ৩ দিন দিচাং ৰিজৰ্টত থাকি দেওবাৰে ৰিজৰ্ট এৰে কংগ্ৰেছ প্ৰাৰ্থী সকলে ।
৫. আইপিএলত দেওবাৰে চেন্নাই চুপাৰ কিংচৰ সন্মুখীন হয় ৰয়েল চেলেঞ্জাৰ্জ বেগাংলোৰ । এই খেলখনত চেন্নাই চুপাৰ কিংছ ৬৯ ৰানত জয়লাভ কৰে ।
৬. দেশৰ ৰাজধানী দিল্লীত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমনৰ লগতে অক্সিজেনৰ নাটনি ঘটিছে ৰাজ্যখনত । অক্সিজেনৰ বাবে সহায় বিচাৰি দেশৰ উদ্যোপতিলৈ পত্ৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ।
৭. পাঞ্জাৱত অক্সিজেনৰ যোগান দ্ৰুত গতিত হ্ৰাস পোৱাৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনলৈ দুদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আন এখন এছঅ'এছ পত্ৰ প্ৰেৰণ কৰে ।
৮. আইটিবিপি ডিজি এছ এছ দেশৱালে ছত্তৰপুৰৰ চৰ্দাৰ পেটেল কোভিড কেন্দ্ৰৰ প্ৰস্তুতি পৰিদৰ্শন কৰে। আইটিবিপিয়ে এই কেন্দ্ৰটো পৰিচালনা কৰিবলৈ নোডেল বাহিনী হিচাপে নিযুক্ত কৰা হৈছে । কেন্দ্ৰটোত ৫০০ খন বিচনা থাকিব, যাক আৰু বৃদ্ধি কৰা হ'ব।
৯. ৰাজ্যত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ পৰিস্থিতিৰ বাবে লামডিঙত বাতিল সাৰ্বজনীন ৰঙালী বিহুৰ অনুষ্ঠান ।
১০. মুখ্য নিৰ্বাচনী আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰিলে কংগ্ৰেছে । সূৰ্যাস্তৰ পূৰ্বে ভোটগণনা সমাপ্ত কৰাৰ দাবী ৰিপুন বৰাৰ । হিমন্তবিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগ কংগ্ৰেছৰ
১১. দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ ভয়াবহতাৰ বাবে গুৰুগ্ৰাম আৰু পঞ্চকুলাত ৰাজহুৱা অনুষ্ঠান নিষিদ্ধ কৰিছে হাৰিয়ানা চৰকাৰে ।
১২. মহাৰাষ্ট্ৰত আকৌ ৬৬১৯১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ৮৩২জনৰ মৃত্যু।
১৩. ওড়িশ্যাত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ প্ৰতিগৰাকী নাগৰিকক কোভিড ভেকচিন বিনামূলীয়াকৈ দিয়া হ'ব। – এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ।
১৪. পঞ্জাৱত আকৌ ৭০১৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৮১৫৪জন ৰোগী।
১৫. নাগপুৰৰ আকৌ কোৰোনাত আক্ৰান্ত ৭৭৭১জন লোক। এতিয়ালৈকে নাগপুৰত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৭৪১৮৮জনলৈ পাইছে বৃদ্ধি।
১৬. বিহাৰত আকৌ ১২৭৯৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও চিকিৎসাধীন হৈ আছে ৮৭১৫৪জন ৰোগী।
১৭. দেওবাৰে পদ্মবিভূষণ পণ্ডিত ৰাজেন মিশ্ৰাৰ দেহাৱসান। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
১৮. যোৱা ২৪ ঘন্টাত জম্মু-কাশ্মীৰত ২৩৮১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ২১জনৰ মৃত্যু।
১৯. হিমাচলপ্ৰদেশত আকৌ ১৩৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩২জনৰ মৃত্যু।
২০. গুজৰাটত আকৌ ১৪২৯৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৫৭জনৰ মৃত্যু।
২১. যোৱা ২৪ ঘন্টাত মুম্বাইত ৫৫৪২জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত মহানগৰীখনত কোৰোনাত আক্ৰান্ত ৬৪জনৰ মৃত্যু।
২২. কৰ্ণাটকত আকৌ ৩৪৮০৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬২১৬২জন ৰোগী।
২৩. ভোপালত ৩ মে'লৈকে কোৰোনা কাৰ্ফিউৰ সময়সীমা বৃদ্ধি। কোৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ।
২৪. ৰাজস্থানত আকৌ ১৫৮০৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৭৪জনৰ মৃত্যু।
২৫. কেৰালাত আকৌ ২৮৪৬৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত চিকিৎসাধীন হৈ আছে ২১৮৮৯৩জন ৰোগী।