শ্ৰদ্ধা কাপুৰৰ প্ৰেমত পগলা আছিল অনন্যা পাণ্ডেৰ প্ৰেমিক

সাম্প্ৰতিক সময়ৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। অৱশ্যে এই সম্পৰ্ক বেছিদিন নিটিকিল যদিও শ্ৰদ্ধা-আদিত্যৰ প্ৰেমে খুবেই চৰ্চা লাভ কৰিছিল।

author-image
Asomiya Pratidin
New Update
শ্ৰদ্ধা কাপুৰৰ প্ৰেমত পগলা আছিল অনন্যা পাণ্ডেৰ প্ৰেমিক

ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। অৱশ্যে এই সম্পৰ্ক বেছিদিন নিটিকিল যদিও শ্ৰদ্ধা-আদিত্যৰ প্ৰেমে খুবেই চৰ্চা লাভ কৰিছিল।

বলীউডৰ অন্যতম জনপ্ৰিয় ছবি 'আশিকী'ৰ দৃশ্যগ্ৰহণৰ সময়ত শ্ৰদ্ধা আৰু আদিত্য প্ৰেমত পৰিছিল। সেই সময়ত দুয়োকে সঘনাই একেলগে সময় অতিবাহিত কৰা দেখা গৈছিল।কিন্তু খুব কম দিনতে এই মধুৰ সম্পৰ্কৰ অৱসান ঘটিছিল। তেওঁলোকৰ সম্পৰ্ক ভাঙি যোৱাৰ কাৰণ অৱশ্যে এটা নাছিল।অনুৰাগীৰ চকু জুৰ পেলোৱা এই মধুৰ সম্পৰ্ক শেষ হোৱাৰ আঁৰৰ কাৰণবোৰৰ বিষয়ে আজি জানো আহক- 

সমৰ্থন নাছিল পৰিয়ালৰ

বলীউডী তাৰকাসকলৰ পৰিয়ালবোৰ মুকলি মনৰ হ’লেও শ্ৰদ্ধাৰ পৰিয়ালে আদিত্য ৰয় কাপুৰক ভাল পোৱা নাছিল।মূলতে এই সম্পৰ্কটোৱে পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰা নাছিল, যাৰ বাবে তেওঁলোক দুয়োৰে পথ পৃথক হৈছিল। 

ব্যক্তিত্বৰ পাৰ্থক্য

শ্ৰদ্ধা আৰু আদিত্যৰ ব্যক্তিত্ব একেবাৰে পৃথক। আদিত্য খুব অন্তৰ্মুখী। আনহাতে শ্ৰদ্ধা একেবাৰে বহিৰ্মুখী। আদিত্যত সময় পালে ঘৰতে কিতাপ পঢ়ে আৰু পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে।ইয়াৰ বিপৰীতে শ্ৰদ্ধাই পাৰ্টী কৰি আৰু নতুন নতুন মানুহৰ সৈতে চিনাকি হৈ ভাল পায়।ইও হৈছে তেওঁলোকৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলোৱাৰ এক মূল কাৰণ।

জীৱনৰ পৰিৱৰ্তন

‘আশিকী’ ছবিখনে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত শ্ৰদ্ধাই বহু ছবিত অভিনয়ৰ সুযোগ পাইছিল যদিও আদিত্যৰ কেৰিয়াৰত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাছিল।ফলত শ্ৰদ্ধাৰ ব্যস্ততা অধিক হোৱাত আদিত্যৰ পৰা তেওঁৰ দূৰত্ব বৃদ্ধি হৈছিল।

উল্লেখ্য কৰাৰ প্ৰয়োজন যে, যদিও এই কাৰণবোৰৰ বাবে আদিত্য আৰু শ্ৰদ্ধাৰ বিচ্ছেদ হৈছিল ঠিকেই, কিন্তু যদি আপুনি আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক চিৰদিন অটুট থকাটো বিচাৰে, তেন্তে যিকোনো পৰিস্থিতিৰ সৈতে যুঁজি তথা কঠিন সময়ত ইজনে সিজনক সমৰ্থন কৰি আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিব পাৰে।

Also Read: সংগীৰ সৈতে সম্পৰ্ক কিদৰে শক্তিশালী কৰিব পাৰি জানি লওঁক