বদৰুদ্দিন আজমলকো মুখ্যমন্ত্ৰী হ’ব নিদিও, শিলাদিত্য দেৱকো নিদিওঃ লুৰিণজ্যোতি গগৈ, VIDEO

ফাইল ফটো
ফাইল ফটো
  • চাবুৱাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।
  • প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।
  • কাৰ বিৰুদ্ধে পুনৰ চৰকাৰক সকীয়নি লুৰিণজ্যোতিৰ।
  • সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু চাবুৱাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছিল এই প্ৰতিবাদী কাৰ্যসূচী।
  • লুৰিণজ্যোতিৰ স্পষ্ট কথা কোনো কাৰণতে বিদেশীৰ বোজা গ্ৰহণ কৰিব নোৱাৰো।
  • এইটোৱেই অসমৰ ৰাইজৰ কথা।
  • দিল্লীয়ে অসমৰ ৰাইজৰ কণ্ঠক গ্ৰহণ কৰা নাই।
  • এই আন্দোলনক ভেঙুচালি কৰিছে।
  • কৌশলপূৰ্ণ ভাৱে দমনৰ চেষ্টা চলাইছে।
  • ৩ ডিচেম্বৰত দিল্লীলৈ মাতি নিছিল।
  • মাতি লৈ যোৱাৰ ৮ ঘন্টাৰ পিছতে অসমৰ জনতাৰ সকলো ধৰণৰ বিৰোধ ভৰিৰে মোহাৰি এই আইন জাপি দিব বুলি কেবিনেটত সিদ্ধান্ত ল'লে।
  • সেই দিনাখনেই প্ৰমাণ হৈ গ'ল দিল্লীৰ ওচৰত অসমৰ মানুহৰ কোনো মূল্য নাই।
  • ৰাইজে আজি শক্তি দেখুৱাই দিছে।
  • চৰকাৰে ভয় খুৱাই বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব।
  • বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হবলৈ নিদিওৱেই শিলাদিত্য দেৱকো নিদিও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in