ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান, টি আই এ টাইকোৱানড’ত মনচুমৰ স্বৰ্ণজয়

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান, টি আই এ টাইকোৱানড’ত মনচুমৰ স্বৰ্ণজয়

ডিজিটেল সংবাদ, গুৱাহাটীঃ চতুৰ্থ ভাৰত টি আই এ মুকলি আন্তৰাষ্ট্ৰীয় টাইকোৱানড' প্ৰতিযোগিতাত জিলিকি উঠিছে অসম সন্তান মনচুম বৰা। ২৩-২৪ ডিচেম্বৰত কলকতাৰ খুহিৰাম অনুশীলন কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাখনৰ পুমছে শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে গুৱাহাটীৰ বশিষ্ঠস্থিত আৰ্মী পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থী মনচুমে।

তেওঁৰ লগতে পুমছে শাখাত অংশগ্ৰহণ কৰা বেলতলাস্থিত চেণ্টাৰ ফ'ৰ এক্সিলেনছ ইন টাইকোৱানড', অসমে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰূপে পৰিগণিত হয়। দলটোৱে সৰ্বমুঠ ১০টা সোণ, তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। মনচুমৰ লগতে অসমক প্ৰতিনিধিত্ব কৰা দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাত আনন্দিত হৈ পৰিছে তেওঁলোকৰ পৰিয়াল বৰ্গৰ লগতে অসমৰ ক্ৰীড়াপ্ৰেমী জনসাধাৰণ। দলটোৱে আগন্তুক পৰ্যায়ত অধিক সফলতা লাভ কৰাৰ কামনা কৰিছে তেওঁলোকৰ শুভাকাংক্ষীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in