আঞ্চলিকতাবাদ, অগপ আৰু থানেশ্বৰ বড়ো...

আঞ্চলিকতাবাদ, অগপ আৰু থানেশ্বৰ বড়ো...

author-image
Asomiya Pratidin
New Update
আঞ্চলিকতাবাদ, অগপ আৰু থানেশ্বৰ বড়ো...

নেতা আহে নেতা যায়। থাকি যায় জনমানসত নেতাই কৰা কামবোৰ। ৰাইজৰ প্ৰতিনিধি হোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা খাটিখোৱা জনৰ পৰা আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ মনে প্ৰাণে থাকি যোৱাটো। সাধাৰণ জীৱন-যাপন কৰিও অসাধাৰণ ব্যক্তিত্বৰ গৰাকী সদ্য প্ৰয়াত থানেশ্বৰ বড়োৰ সন্দৰ্ভত মোৰ মত শিতানত যুগান্ত বায়নৰ এই লেখা...

সামাজিক শৃংখলাবোধ আৰু কৃতজ্ঞতাবোধে এটা জাতিৰ জাতীয় সত্ত্বাক মহান কৰি তোলে। এটা কৃতজ্ঞ জাতিয়েহে বিশ্বৰ মানচিত্ৰত অনাদি, অনন্ত কালৰ বাবে নিজৰ জয় যাত্ৰাৰ গতি দূৰত্ব শক্তিৰে জীপাল কৰি ৰাখিব পাৰে। এনে কৃতজ্ঞতাবোধে অকল এখন সমাজকে নহয়, সমাজৰ প্ৰতিটো পৰিয়ালকে শৃংখলিতভাৱে পৰিচালিত কৰাৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগায়।

কিন্তু আধুনিকতাৰ নামত অত্যাধুনিকতা, গোলকীয়কৰণৰ নামত একাকীকত্বৰ পয়োভোৰৰ মাজত আজি জাতি এটাৰ জাতীয় জীৱনক উজ্জীৱিত কৰা পুৰোধা ব্যক্তিসকলে অথবা এখন সমাজৰ, এটা পৰিয়ালৰ আৰাধ্য লোকসকলে দেশ, জাতি, সমাজ তথা পৰিয়াল লৈ আগবঢ়াই যোৱা অনবৈদ্য অৱদানক এক "ৰুটিন" জাতীয় মানসিকতাৰে যেতিয়া সোঁৱৰণ কৰাৰ পৰিৱেশৰ সৃষ্টি হয়, তেতিয়া সমাজ, আকাশ তিমিৰাচন্ন হোৱাৰ আশংকা ঘনীভূত হৈ পৰে।

১৭ মে' অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অতি বেদনাদায়ক দিন। ১৯৯৬ চনৰ ১৭ মে'ৰ দিনটোতেই অসমীয়া জাতীয় সত্ত্বাক এক অনন্য আৰু ব্যতিক্ৰমী কাৰ্য্য-কুশলতাৰে উত্তৰণ ঘটোৱাৰ লক্ষ্য আগত ৰাখি "কলম"ক সাৰথি কৰি লোৱা অতি সাহসী আৰু নিৰ্ভিক সাংবাদিক পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হৈছিল। জাতীয় জীৱন আকাশৰ পৰা এটা জ্যোতিষ্ক নোহোৱা হৈছিল। কিন্তু তেওঁৰ মৃত্যুৰ ২৯ বছৰ পিছতো পৰাগ দাসে ন্যায় লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। ইয়াতকৈ কৃতজ্ঞতাৰ সংকট আৰু কিমান বেছি হ'ব পাৰে?

সমান্তৰালভাৱে ১৭মে' ২০২৪ৰ পুৱা ৯ বজাত আমাৰ মাজৰ পৰা হেৰাই গ'ল জাতীয় জীৱনৰ আন এটা উজ্জ্বল জ্যোতিষ্ক থানেশ্বৰ বড়ো। থানেশ্বৰ বড়ো, নামে যাৰ পৰিচয়। অসমৰ প্ৰতি কেন্দ্ৰৰ অৱহেলা অন্যায়, শোষণ আৰু প্ৰৱঞ্চনা কৰাৰ যি অভিযোগ স্বাধীনতাৰ পিছৰ পৰাই উত্থাপিত হৈ আছিল, সেই অভিযোগৰ উচিত প্ৰত্যুত্তৰ দিবলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত এক আঞ্চলিক শক্তিক জন্ম দিয়াৰ ক্ষেত্ৰত থানেশ্বৰ বড়োই আগবঢ়োৱা অৰিহণাই আজিও অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনক জোঁকাৰি আছে।

থানেশ্বৰ বড়োৰ লগত প্ৰয়াত নিবাৰণ বৰা, খনীন মহন্ত, নিশিথ দাস আৰু কৃষ্ণগোপাল ভট্টাচাৰ্য্য, পবিন্দ্ৰ ডেকা, অতুল বৰাৰ দৰে আপোচহীন জাতীয়তাবাদী নতাৰ বলিষ্ঠ নেতৃত্বত সত্তৰৰ দশকৰ পৰাই অসমত আঞ্চলিকতাবাদৰ বীজ ৰোপন হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত "অসম আন্দোলন", "অসম চুক্তি", "অসম গণ পৰিষদ"ৰ জন্ম আৰু আঞ্চলিকতাবাদৰ চৰকাৰৰ ইতিহাস সম্পৰ্কত নতুন ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাই।

থানেশ্বৰ বড়ো কেৱল ৰাজনৈতিক পথাৰখনৰে বনুৱা নাছিল। তেওঁ অসমীয়া ভাষা, সাহিত্যৰ লগতে, বড়ো ভাষা-সাহিত্যৰ জগতখনকো তেওঁৰ নিৰলস আৰু নিৰন্তৰ সাধনাৰে মহীয়ান কৰি গৈছে। দুটা কাৰ্যকালৰ শক্তিশালী আৰু প্ৰভাৱশালী কেবিনেট পৰ্যায়ৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতো অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছিল। জীৱনৰ মাজভাগত তেওঁৰ জীৱনসংগী আৰু একমাত্ৰ পুত্ৰৰ অকাল বিয়োগে তেওঁৰ সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখন লৈ কিছু স্থবিৰতা আনিছিল যদিও তেওঁৰ অধ্যয়ন পিপাসু মনটোৱে তগবগাই থাকি সাহিত্য জগতখনক উজ্বলাই ৰাখিছিল।

কিন্তু কৃতজ্ঞতাবোধৰ অধপতন ঘটা আজিৰ সমাজৰ একাংশ লোকৰ দৰে নিজ হাতে জন্ম দিয়া দলটোৰ শীৰ্ষ নেতৃত্বই যেতিয়া এইগৰাকী মহান লোকৰ মৃত্যুৰ দিনাই নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰিবলৈ হাস্যবদনে টেলিভিছনৰ কেমেৰাৰ সন্মুখত থিয় হয়, তেতিয়াই ভাৱ হয় আমি সঁচাই যেন এক নিৰ্জীৱ পদাৰ্থৰ দৰে আচৰণ কৰিব ধৰিছো।

যিটো দলৰ অতি সংকটপূৰ্ণ কালত দলটোৰ সভাপতিৰ দৰে গুৰু দায়িত্ব কান্ধ পাতি লৈ নানান ভাবুকি, প্ৰলোভনক প্ৰত্যাহ্বান জনাই আঞ্চলিকতাবাদৰ পতাকাখন উৰুৱাই ৰাখিবলৈ অহৰহভাৱে জীৱনৰ প্ৰতিটো ক্ষণ উৎসৰ্গা কৰিছিল, সেই বিদূষী নেতাজনৰ মৃত্যুৰ দিনটোত নিৰ্বাচনৰ হিচাপ-নিকাছ কৰাত ব্যস্ত দলীয় প্ৰাৰ্থী আৰু শীৰ্ষ নেতৃত্ব।

যিটো দলৰ কাৰণেই নেতাগৰাকীয়ে জীৱনৰ অন্তিম দিনকেইটা নানান প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰিলে এনে এজন আপোচহীন নেতাৰ মৃত্যুৰ দিনটোত দলটোৰ শীৰ্ষ নেতৃত্বৰ আচৰণ দুৰ্ভাগ্যজনক। সাধাৰণ প্ৰটোকল ৰক্ষা কৰি মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে দায়িত্ব সামৰা এনে লোকৰ অকৃতজ্ঞতাবোধে সচেতন লোকসকলক স্তম্ভিত কৰি তুলিছে।

সেয়েহে গণ দেৱতা আজি চিন্তিত, সংকিত। এনে লোকৰ ছত্ৰছায়াত অসমৰ জাতীয় জীৱন সুৰক্ষিত হৈ ৰ'ব নে?

Also Read: নিৰ্বাচনী ধামখুমিয়াত "বিদেশী" শব্দটো ক'ৰ'বাত হেৰাই গ'ল!

Mor mot thaneshwar bodo