১৯ জানুৱাৰীত মৃত্যু হয় কাব্যঋষি নীলমণি ফুকনৰ। জ্ঞানপীঠ বঁটা বিজয়ী গৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। চৰ্চালৈ আহিছে কাব্যঋষি গৰাকীৰ সৃষ্টিৰাজি তথা অসম তথা অসমীয়া ভাষাটোলৈ দি যোৱা অৱদানৰ কথা। কাব্যগৰাকীৰ স্মৃতিত আজি 'মোৰ মত' শিতানত ডাঃ হেমন্ত কুমাৰ গোস্বামীৰ এক লেখা আগবঢো়ৱা হ'ল-
ঋষি তুল্য ব্যক্তি কবি নীলমণি ফুকন দেৱৰ মৃত্যু হ'ল । তেখেতৰ মৃত্যু অস্বাভাৱিক নাছিল । প্ৰায় নৱৈ বছৰ বয়সত অসুস্থ ব্যক্তি এজনৰ মৃত্যু হোৱাটো অতি স্বাভাৱিক । সেইদৰে তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱা , শোক প্ৰকাশ কৰা আদি বোৰো নিতান্তই স্বাভাৱিক । কিন্তু কোনে কিমান বেছিকৈ ফুকন দেৱৰ সান্নিধ্য পাইছিল , ফুকন দেৱে কাক কিমান বেছি ভাল পাইছিল , ধৰণৰ কথাবোৰ কিছুদিনলৈ প্ৰচাৰ হৈ থাকিব যদিও তাৰ পৰা মৃতকৰ লাভ হ'ব লগা পিছে একো নাথাকে । তেখেত এতিয়া সকলো ধৰণৰ লাভ-লোকচানৰ উৰ্দ্ধত । জ্ঞানপীঠ বিজয়ী ফুকন ছাৰৰ কাব্য প্ৰতিভাও এতিয়া প্ৰশ্নাতীত ; কাৰো প্ৰমাণ পত্ৰ আৰু প্ৰশংসাৰ কোনো প্ৰয়োজন নাই ।
কিন্তু প্ৰশ্ন হোৱা উচিত এইটোহে যে কেইবাখনো অমূল্য গ্ৰন্থ উপহাৰ দি আমাৰ ভাষাটোক অমৰ কৰাত অৰিহনা যোগোৱা ফুকন দেৱক আমি জীয়াই থাকোতেনো কিমান সন্মান দিলোঁ , কিমান মৰম দিলোঁ ? ঘাত-প্ৰতিঘাত , দুখ-বেদনাৰে জীৱনৰ কেইবাটাও পৰ্যায় অতিক্ৰম কৰা ফুকন ছাৰৰ আমিনো কিমান খবৰ ৰাখিলোঁ ? বিদেশী কবিতা নকল কৰা বুলি মিছা অপযশ দিয়াৰ পৰা এগাল ভণ্ড দেশপ্ৰেমিকে গৈ ঘৰতে অপমান কৰালৈকে কিমানযে মনোকষ্ট তেখেতে সহ্য কৰিব লগা হ'ল !! সেই দু:সময়বোৰত কিমান অসমীয়াইনো তেখেতক সাহস দিবলৈ ওচৰ চাপিছিল ? বহু বছৰ ধৰি তেখেতে লেখা-মেলা কৰিব নোৱাৰা হৈ পৰাৰ অন্তৰালতো আছিল বহু মানসিক যন্ত্ৰণা , যাৰ বাবে আমি ফুকন ছাৰৰ গুণমুগ্ধ সকলে নিজকে অলপ হ'লেও দায়ী বুলি অনুভৱ কৰিছোনে কেতিয়াবা ?
১৯৯৭ চনৰ ১৬ মাৰ্চ সংখ্যা "প্ৰান্তিক"ত "আমাক জীয়াই থাকিবলৈ দিবনে " শীৰ্ষক এটা নিৱন্ধত নীলমণি ফুকন ছাৰৰ ঘৰত কিছুমান ভণ্ড দেশপ্ৰেমিকে অকাৰণতে কৰা অত্যাচাৰ-অপমানৰ প্ৰতিবাদ কৰি মই এনেদৰে লিখিছিলোঁ---
"সেই সকল ব্যক্তি-- যাৰ ৰাজনীতিৰ লগত নাই কোনো সম্পৰ্ক , সাধাৰণ ভাবে জীয়াই থকাৰ সংগ্ৰামতেই যাৰ জীৱন সীমাবদ্ধ , প্ৰেম আৰু শান্তিৰ এখন পৃথিৱীয়েই যাৰ কাম্য ,-- তেনে নিৰপৰাধী মানুহো যেতিয়া কিছুমান অমানুহৰ হাতত লাঞ্ছিত হয় , আৰু সেই অমানুহবোৰকেই যেতিয়া আমি বিপ্লৱী , দেশপ্ৰেমিক , জাতিপ্ৰেমিক বুলি মূৰত তুলি বন্দনা কৰিবলৈ ধৰোঁ , তেতিয়া সেইখন সমাজ মানুহৰ সমাজ হৈ নাথাকে ।"
-মোৰ ভালকৈ মনত আছে যে তেনে দু:সময়ত অসমৰ ক'তো প্ৰতিবাদৰ কোনো জোৱাৰ উঠা নাছিল ; সামান্য দুই-এটা গৰিহণা বিবৃতিতে সকলো শেষ হৈছিল ।
সেইদৰে ছাৰক বিদেশী কবিতা নকল কৰা বুলি অপযশ দিয়া সেই বিষয়টোতনো প্ৰকৃততে কোন জড়িত আছিল , সেই কথা উদঙাই লিখি মুখা খুলি দিবলৈ সেই সময়ত কাৰো ইচ্ছা বা সাহস নহ'ল । এতিয়া ছাৰৰ মৃত্যুৰ পিছত এটা বন্ধ খাম খুলি কিছুদিন হৈ-হাল্লা কৰাৰ নাটক চলিব আৰু প্ৰচাৰ মাধ্যমৰ TRP বাঢ়িব ...তাৰ পৰা সেই মৃত ব্যক্তি জনে জীয়াই থাকোতে পোৱা মনোকষ্ট বোৰ লাঘব হ'ব জানোঁ ? আনকি যোৱাবছৰ যিদিনা ছাৰে জ্ঞানপীঠ পুৰস্কাৰ লৈছিল , সেইদিনাই সংবাদ মাধ্যমৰ সংবেদনশীল ব্যক্তিয়ে ছাৰৰ নকল কবিতাৰ প্ৰসংগ উলিয়াই নতুন প্ৰজন্মৰ নজনা সকলক সেই প্ৰসংগটো জনাই দি পৰোক্ষভাৱে এটা সন্দেহৰ ভাব মনত সুমুৱাই দিছিল । তেনেকৈওযে কাৰোবাক শ্ৰদ্ধা(?) জনাব পাৰি সেইকথা সেইদিনা নতুনকৈ শিকিছিলোঁ !
দহবছৰমান আগতে এদিন ছাৰক লগ পাবলৈ তেখেতৰ ঘৰলৈ গৈছিলোঁ । কাৰণ এসময়ত ময়ো নীলমণি ফুকন ছাৰৰ স্নেহধন্য আছিলোঁ । কিন্তু সেই সময়ত মই কবি নাছিলোঁ । মই কেৱল নিৱন্ধ আৰু গল্প লিখো বুলিয়েই ছাৰে জানিছিল । কথা প্ৰসংগত সেইদিনা ছাৰে কোৱা এটা কথা আজি মোৰ খুব মনত পৰিছে । অতি কোমল হৃদয়ৰ ফুকন ছাৰে আবেগিক হৈ দুখ আৰু আক্ষেপত কৈছিল--আজিকালি মোৰ ওচৰলৈ আগৰদৰে কোনো নাহে ; আনকি মোৰ আঙুলিত ধৰি কাব্য জগতত খোজ কাঢ়িবলৈ শিকা দুজনমানেতো মোৰ নাম ল'বলৈও মন নকৰা হ'ল !!
- অথচ জ্ঞানপীঠ পোৱাৰ পিছৰ পৰা সেই অজীনপাতকী সকলৰ ছাৰৰ নাম জপ কৰাৰ প্ৰকোপ দেখি খঙো উঠিছে , লাজো লাগিছে ।
সেইবাবে এতিয়া ফুকন ছাৰৰ স্মৃতিত অনুষ্ঠিত হ'ব লগা সভা-সমিতি বোৰলৈ কেৱল সাধাৰণ পাঠকক মাতি ছাৰৰ কবিতা বোৰ পাঠ কৰিবলৈ দিয়া হওক , কাকত আলোচনীৰ সাহিত্য-পৃষ্ঠাবোৰত কেৱল নীলমণি ফুকন দেৱৰ কবিতা আৰু গদ্য অন্তত: দুমাহ মানলৈ একেৰাহে প্ৰকাশ কৰি থকা হওক । আমাক কোনো তথাকথিত গ্লেমাৰাছ ব্যক্তিৰ নিজকে জাহিৰ কৰিব বিচৰা কৌশলী কথা নালাগে ।
-আচলতে গ্লেমাৰৰ পিছে পিছে কেতিয়াও দৌৰি নোপোৱা সৰল অন্তৰৰ ফুকন ছাৰ এই কপট পৃথিৱীত থকাৰ আৰু প্ৰয়োজন নাই । ছাৰ একেবাৰে গ'লগৈ ভালেই হ'ল । মুক্তি পালে তেখেতে ।
ঘঁৰিয়ালৰ চকুপানীবোৰে সেই মহান আত্মাক এতিয়া আৰু স্পৰ্শ কৰিব নোৱাৰে ...তাতেই আমাৰ স্বস্তি ।।
আৰু পঢ়ক: এটা ৱাৰ্ম ফিলিং ৰৈ গ'ল...