শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ। শৰতৰ এই বতৰত জ্যেষ্ঠ সাংবাদিক তথা কবি- লেখক লাচিত বৰ্মনৰ এটি লেখা প্ৰকাশ কৰা হ'ল-
তোমাৰো তিতেনে হৃদয়? এই দিন আৰু জোনাকে ধোৱা ৰাতিয়ে তোমাকো যাছেনে ভালপোৱা? লাহে লাহে খহি পৰিছে নে তোমাৰ চকুৰ এন্ধাৰ? এই শৰৎ সন্ধ্যা ফুলবোৰে হাঁহিছেনে, মানুহবোৰে উশাহ সলাইছেনে! সম্ভাৱনা মাটিয়ে-পানীয়ে।
সম্ভাৱনা শুকুলা মেঘৰ শাৰীয়ে শাৰীয়ে। ৰূপালী বালিৰ পাৰে পাৰে এজাক শৰালিয়ে হাঁহে। হে ঈশ্বৰ সন্তান। হে খেতিয়ক,পথাৰৰ সেউজীয়া সুবাসে তোমাৰ বুকুলৈ নমাই আনিছেনে জীৱন-প্ৰাৰ্থনা! তুমি এই সুবাসিত দিনবোৰৰ চকুপানী মচি মিচিকিয়াই হাঁহা। আমি উদযাপন কৰো জীৱনৰ প্ৰাৰ্থনা।নিঃসত্বাৰ গোপন নিশা আমি পালন কৰো প্ৰকৃতি আৰু সূৰ্যৰ সাতোৰঙী সুৰ।
এয়াতো গৈ থকাৰ সময়। বিগলিত কন্ঠস্বৰ।অসহায় দিনবোৰৰ ছাঁ।ইয়াৰ পাচতো তুমি অৰ্থহীন নহয় পুত্ৰ। গোপন ষড়যন্ত্ৰ আৰু হিংসাই গভীৰ কৰা ৰাতিবোৰত তুমি পোহৰৰ কলাকাৰ। জী থকা ফুলনিখনৰ নান্দনিকতা বিশ্বাস আৰু আশাবোৰ তোমাৰ খোজাত। তুমি কৰ্মহীন বিলাস নহয়। তুমি বিষাদময় কাব্যগাথা হ'লেও তোমাতে শিশুৱে ৰচনা কৰে নিৰ্মাণ আৰু পুননিৰ্মাণৰ সোণালী অধ্যায়। হে শস্যৰ সন্তান।ইয়াৰ পাছতো তোমাৰ হিয়া থকা-সৰকা? অনাটন,অন্যায়,অবিচাৰ,বিপৰ্যয়ে কাল কালজুৰি কৰি অহা আঘাতৰ অন্ত পৰাৰ কোনো পৰাৰ কোনো উজ্জ্বল বাট নেদেখি বিচলিত তুমি। ইয়াৰ পাচতো তুমিয়েইতো ক'বা সপোনেই আশালৈ যোৱাৰ সহজ বাট।
মই জানো। এনেকৈয়ে তোমাৰ পিতৃ-পিতামহৰ হাড়ৰ গজি উঠা ঘাঁহবোৰ সেউজীয়া হৈ উঠিছে। চহৰ-মহানগৰৰ অন্তহীন কোলাহলত ঢাক খাই পৰে তোমাৰ কৰুণ বিননি। তুমি প্ৰবঞ্চিত হোৱা বাৰে বাৰে। প্ৰতাৰকে শুহি নিয়ে তোমাৰ তেজবোৰ। কোনেবা শুনে তোমাৰ আকাশ ফালি যোৱা আৰ্তনাদ। বিশ্বায়নৰ নাম নুশুনা তুমি পথাৰৰ সন্তান। তাৰ পিছতো আন এটি নতুন গান।শ্ৰম আৰু ত্যাগৰ সৰ্ব্বোত্তম ভাৱনা। এই শৰতৰ ঠিকনা লৈ ফুৰা এটা কবিতা।ডঁৰিয়লিত তোমাৰেই নুফূটা মাত। সেই মাত তোমাৰ;যি মাতেদি হেঁপাহ বৈ আহিব। জোন ওলোৱাৰ বাটেদি মিচিকি উঠিবা।
তোমাৰ এতিয়াও টোপনি নাই ! টোপনি নাই? বতাহক সুধিছো তোমাৰ ঠিকনা। নদীৰ সোঁতত জ্বলি থকা চাকি আৰু এজন নাৱৰীয়াই জানে তোমাৰ সুৰৰ মায়া। তোমাৰ ভোকাতুৰ চুবুৰিয়ায়ো জানে এই শৰতৰ ৰাতি কি ৰাগ বাজে।পোহৰৰ সীমনাত থাকিও শূন্য়তাৰ চকুযুৰিত কিদৰে অপেক্ষা কৰি থাকে কুঁৱলী আৰু ৰ'দৰ তাপ।
হে অন্নদাতা মোক সহজ কৰি দিয়া সেই মাত। তুমি তোমাৰ বিষাদময়তাৰে মুহি আছা মোক। এই শৰতৰ বাজি উঠা বৰকাঁহখন হয় নে তোমাৰ হাত? মই জানো ময়ো এদিন তোমাক ক'ৰবাত বিচাৰি পাম। হয়তো উছল যোৱা পথাৰত; নহ'লে শেঁতা সেমেকা পুৱাত। সময় পুৰণি হ'ব। আকৌ গুচি যাম য'ৰ পৰা আহিছিলো তালৈ। ৰৈ যাব তোমাৰ ছাঁ। তোমাৰ কল্পতৰু। বাজি থাকিব নামঘৰে নামঘৰে হাতচাপৰিবোৰ। তোমাৰ আৰু তোমাৰ।
হয়, এতিয়া মৰি অহা অৰণ্যৰ বতৰ।আধা শুকোৱা নৈখনৰ ফালে তুমি বৈ থকা নিৰলে।কোনো চৰাই-চিৰিকটি নাই, নাই শিশুৰ বাবে চোতালখনো। ব্যস্ততাৰ এটা দীঘল হুমুনিয়াহ আৰু নিলিখা অলেখ দিনৰ ভাষা। তথাপি তুমি চপাই লোৱা সেই হাহাকাৰবোৰ। তোমাৰ কোৰোণাত যিদৰে ওচৰ চাপি আহে শস্যময়তা। তোমাৰ সেই শস্যধ্বনিক কোনে ৰুলে প্ৰকৃতিৰ আত্মা? আজি শৰতৰ দুপৰ-ৰাতি সেই নিঃসংগ জোনাকীবোৰ মোক দিয়া।মই শুব পাৰিম তোমাৰ ঘামে ধোৱা বিচনাত। তোমাৰ ভৰা ধানৰ ভঁৰাল যেন সপোনটো তোমাৰ হেঙুল হাইতাল।
তোমাৰ বুকুত ৰচা আকাশ ফৰকাল। এই শৰতৰে মায়া। তোমাৰ ৰঙা কলিজাটো। তোমাৰ হাতদুখন। কাঠৰ টুকুৰা যেন কলাফুল দুটা। কামিহাড়বোৰৰ বাবেইতো শেৱালিবোৰ অত আয়োজন। সেই শেৱালিৰ উলাহ-উতলা ৰাতিবোৰ সযতনে সাঁচি থবা তুমি। তোমাৰ দুচকুৰ নিজানত নিৰলে গজি উঠিব এধানি সেউজীয়া ভোক। হে শইচৰ পুত্ৰ। এই শৰতত তোমাৰ বিনে কিয়েইবা ভাবিব পাৰো মই !
( লাচিত বৰ্মন এগৰাকী জনপ্ৰিয় লেখক- কবি তথা জ্যেষ্ঠ সাংবাদিক )
Also Read: আমি পূজা নাচাওঁ, আমি পূজা দেখুৱাওঁ...