ষাঠীৰ দশকতেই জাতিক বাট দেখুওৱা ভূপেন হাজৰিকা আজিও প্ৰাসংগিক

ষাঠীৰ দশকতেই জাতিক বাট দেখুওৱা ভূপেন হাজৰিকা আজিও প্ৰাসংগিক
Published on
Updated on

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা। যিগৰাকী শিল্পী জাতিক জগাবলৈ যোগাইছিল অসামান্য প্ৰেৰণা। গীত-মাত তথা বিভিন্ন মাধ্যমেৰে জাতিৰ সংকটৰ সময়ত থিয় দিছিল বিশ্ববৰেণ্য শিল্পীগৰাকী। আজি তেঁওৰ ওপজাদিন। বহু গীতৰ স্ৰষ্টা শিল্পীগৰাকীয়ে ৬০ দশকতেই সৃষ্টি কৰিছিল  দুটি কালজয়ী গীত। সেই গীত দুটিৰে সোঁৱৰাই দিছিল অসমীয়াক। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ ‘মোৰ মত’ শিতানত যুগান্ত বায়নৰ লেখা-

ষাঠীৰ দশকতেই অসমৰ হিয়াৰ আমঠু ড⁰ ভূপেন হাজৰিকাই সাম্প্ৰতিক সময়ত অসমৰ জাতীয় জীৱন লৈ অহা ভাবুকিক গীতৰ মাজেৰেই প্ৰকাশ কৰি অসমৰ ৰাইজক জাগ্ৰত হ'বলৈ সোঁৱৰাই দিছিল। ১৯৬৭ চনৰ পাছত সুধাকণ্ঠ ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহৰ ভিতৰত দুটি গীতে আজিও অসমৰ জাতীয় তথা সমাজ জীৱন আলোড়িত কৰি ৰাখিছে।

১৯৬৭ চনৰ নাওবৈচা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰচনা কৰা দুটা বিশেষ গীত আজিও অসমৰ বাবে আকৌ প্ৰাসংগিক হৈ পৰিছে। সেই গীত দুটাৰ মাজেৰে জাতিটোৱে বৰ্তমানে সন্মুখীন হোৱা "অস্তিত্বৰ সংকট"ৰ সমস্যাটো ৬০ৰ দশকতেই শিল্পীগৰাকীয়ে অসমত ৰাইজৰ মাজলৈ উলিয়াই আনি জাতিটোৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধ আৰু দৃষ্টিভংগী প্ৰকাশ কৰিছিল। চেষ্টা কৰিছিল শুই থকা জাতিটোক জাগ্ৰত কৰিবলৈ।

সেই বিশেষ গীত দুটা তেওঁৰ জাতীয়তাবাদী চিন্তাচৰ্চাৰ ফচল "আমি অসমীয়া নহওঁ দুখীয়া...." আৰু "বৰদৈচিলা নে সৰুদৈ চিলা...." । এই দুয়োটা গীতৰ মাজেৰে জাতিটোক অতি নিৰ্মোহভাৱে সমালোচনা কৰাৰ লগতে জাতিটোক আত্মসন্তুষ্টি লাভৰ পৰা বিৰত থাকি এক সবল, সুঠাম, সংস্কৃতিৱান জাতি হিচাপে বিশ্বৰ দৰবাৰত থিয় হ'বলৈ প্ৰয়াস কৰাৰ বাবে সংকল্প লোৱাৰ সময় সমাগত বুলি সকিয়াই দিছিল।

সেয়েহে তেওঁ গীতটোৰ মাজত গাইছিল- "গ’ল গ’ল বুলি মাথোঁ চিঞৰিলে, তাকে দেখি শেনহতে ৰগৰ কৰিলে। "অসমীয়া এইবোৰ ভাবি চাবৰ বহাগেই বতৰ কিজানি।" আজি এই মুহূৰ্তত "শেন ৰূপী" কিছু শক্তিয়ে জাতিটোক কংকাল লৈ পৰিণত কৰাৰ যি ভয়াৱহ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, সেই ব্লুপ্ৰিণ্টৰ কথা শিল্পীগৰাকীয়ে তাহানিতেই অনুধাৱন কৰি জাতিটোক সজাগ, সক্ৰিয় হ'বলৈ সোঁৱৰাই দিছিল।

নিজৰ দেশখনক, নিজৰ জাতিসত্ত্বাক অকৃত্ৰিমভাৱে ভাল পাব নোৱাৰিলে, কোনো শিল্পীয়ে এনে মননশীল সৃষ্টিৰাজি সৃষ্টি কৰিব নোৱাৰে। উগ্ৰজাতীয়তাবাদৰ আশ্ৰয় নলৈ এক সুস্থ আৰু নিৰ্ভেজাল জাতীয়তাবাদক প্ৰাধান্য দিয়া শিল্পীগৰাকীয়ে সমান্তৰালভাৱে গাইছে - "মোৰ আইক ভাল পাওঁ বুলিলে / আনৰ আইক জানো ঘৃণ কৰাটো বুজাব? পৃথিৱীত জননী সচেতন নহলে বিশ্বই জানো ভাল পাব।"- বুলি প্ৰকাশ কৰি অসমীয়া জাতিৰ উদাৰ দৃষ্টিভংগীৰ চিত্ৰখন সুন্দৰভাৱে উপস্থাপন কৰিছে।

আনহাতে "বৰদৈচিলা নে সৰুদৈ চিলা নে" গানটোৰ মাজত প্ৰকাশ কৰা "বাঁহতল শুৱনি কেতেকী বাৰীতে/ কৰবাৰ ফেঁটীসাপে বাহ ললে/ কেতেকী ফুলিলে / কেতেকী ফুলিলে/ তগৰো ফুলিলে / ফেঁটীসাপে গপাগপ তাকেই গিলিলে" কলিটোৰ মাজেৰে সুধাকণ্ঠই অবাধ প্ৰব্ৰজন, জনসংখ্যাৰ বিস্ফোৰণ, অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিৰ পথাৰখন এনেবোৰ শক্তিৰ আগ্ৰাসনত সংকুচিত হৈ অহাৰ আগজাননী ১৯৬৭ চনতেই অনুভৱ কৰি গীতৰ মাজেৰেই জাতিটোক সকীয়াই দিছিল।

বিহুগীত বা বিহুসুৰীয়া বহু গীতৰ মাজেৰে তেওঁ বহুবাৰ আজিৰ অসমীয়া সমাজখনত দেখা দিয়া অতি স্পৰ্শকাতৰ বিষয়সমূহ উপস্থাপন কৰিছিল। এটা গীতত তেওঁ গাইছিল "কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে, শান কৰা ধনৰে বলত । বিহুটি যাওক গৈ সিহঁতক চাই লম খাই ল'লো আজিয়ে শপত।“

কিন্তু এই দুৰ্ভগীয়া জাতিটোৰ এইবোৰ কথা ভাবিবলৈ আহৰি নাই। তথাকথিত আধুনিকতাৰ নামত কেতবোৰ বিজতৰীয়া সংস্কৃতি নিজৰ বুলি আদৰি লৈ তেখেতৰ মহান গীতবোৰক হৃদয়ঙ্গম কৰিবলৈ আমি যেন আজি সংকোচবোধ কৰিছো। গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৰুণ ৰাম ফুকন, জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি নামি অহা সংশয়ক ভালদৰে অনুধাৱন কৰিব পাৰিছিল।

মাজে সময়ে বিক্ষিপ্ত ৰাজনৈতিক দৰ্শনৰ মাজত সোমাই বিস্তাৰিত হৈ পৰা শিল্পীগৰাকীয়ে স্থিতাৱস্থাৰ বিপৰীতে গৰ্কীৰ কথা কৈছিল। লগতে তেওঁ অট্টালিকাৰ কথা, একেখন নাওৰে যাত্ৰীৰ কথা, তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ কথা।

তাৰপিছতো পৃথিৱীত এজনেই ভূপেন হাজৰিকা আছিল আৰু যিজনে অসমখন হাবি-জঙ্ঘলেৰে ভৰা এখন ৰাজ্য বুলি ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ ৰাইজে গ্ৰহণ কৰি থকা ধাৰণাক নস্যাৎ কৰি অসমখন যে বাৰেবৰণীয়া সংস্কৃতিৰে ভৰা এখন বিশাল পথাৰ, বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ সংগমস্থলী আৰু অসমীয়া জাতি যে এটা যুঁজাৰু জাতি তাক গীতৰ মাজেৰেই ভাৰতবৰ্ষৰ জনগণক বুজাই দিছিল।

কিন্তু ইমানৰ পিছতো ভূপেন হাজৰিকাই মৃত্যুৰ আগতে অসমীয়া সমাজৰদ্বাৰা অৱহেলিত হ'ব লগা হৈছিল। তেওঁৰ মাজত পুঞ্জীভূত হৈ থকা ক্ষোভবোৰ তেওঁৰ জীৱিতকালত অসমৰ ৰাইজে বুজিব নোৱাৰিলে। আনকি তেওঁৰ মৃত্যুৰ পিছটো তেওঁৰ গীতবোৰক যেন বহুক্ষেত্ৰত আবেগিকভাৱেহে মূল্যায়ন কৰা হ'ল।

সংগীতৰ মাজেৰে সমাজ গঢ়াৰ যি অভিযান আৰু ভাগি পৰা সমাজখনক পুনৰ সংগঠিত কৰাৰ বাবে যি সাহস, উৎসাহ আৰু অনুপ্ৰেৰণা তেওঁৰ গীতত আছিল সি সদায় নিৰ্ভেজাল ৰূপত অটুট থাকিব সেইয়ে আজি জন্মদিনৰ সুভক্ষণত সকলোৰে বাবে হওঁক এটা আমোষ মন্ত্ৰ।

ষাঠীৰ দশকতেই জাতিক বাট দেখুওৱা ভূপেন হাজৰিকা আজিও প্ৰাসংগিক
বিশ্বৰ ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদামৰ বিষয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in