মোৰ সাংবাদিক জীৱনৰ আঁৰৰ মানুহজন...

মোৰ সাংবাদিক জীৱনৰ আঁৰৰ মানুহজন...

author-image
Asomiya Pratidin
New Update
মোৰ সাংবাদিক জীৱনৰ আঁৰৰ মানুহজন...

সংবাদক্ষেত্ৰখনৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত হৈ আছিল বিকাশ শৰ্মা। মৃত্যুৰ দুদিন আগলৈ শয্যাগত অৱস্থাত মোবাইলত টাইপ কৰি বাতৰি প্ৰেৰণ কৰিছিল তেঁও। শৰ্মাৰ সাংবাদিকতা ক্ষেত্ৰখনত বহু সময়ত সহযাত্ৰী হৈছিল গোলাঘাটৰ আন এগৰাকী জ্যেষ্ঠ সংবাদিক অপূৰ্ব বল্লভ গোস্বামী। বিকাশ শৰ্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে বিশিষ্ট ব্যৱসায়ী গোস্ৱামী সংবাদক্ষেত্ৰৰে জড়িত হৈছিল। বহু সংকট অতিক্ৰমী দুয়ো প্ৰত্যাহ্বান নেওচি সহযোদ্ধাৰূপে আগবাঢ়িছিল। বিকাশ শৰ্মাৰ অবৰ্তমানত আজি “মোৰ মত“ত তেঁওক সুঁৱৰি এই লেখা লিখিছে অপূৰ্ব বল্লভ গোস্বামীয়ে...

এগৰাকী সক্ৰিয় আৰু তথ্যশীল অভিজ্ঞ সাংবাদিক বুলি ক’লে খুব কম সংখ্যক সাংবাদিকৰ নামহে থাওকতে মনলৈ আহে। ইয়াৰ ভিতৰত অন্যতম এগৰাকী গোলাঘাটৰ, মোৰ অতি ঘনিষ্ঠ সদ্য প্ৰয়াত বিকাশ শৰ্মা। আজি পুৱা ৫.৩০ বজাত সকলোকে কন্দুৱাই মৃত্যুৰ কোলাত শুই পৰিল শৰ্মা।

বিকাশ শৰ্মা মানেই সংবাদক্ষেত্ৰখনৰ এক অক্লান্ত যোদ্ধা। অতি যুঁজাৰু মনৰ অধিকাৰী বিকাশ শৰ্মাই গোলাঘাটৰ সংবাদক্ষেত্ৰখনৰ এক নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বাতৰিৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল শৰ্মাই। সংবাদক্ষেত্ৰতখনত জড়িত হৈ পৰাৰ পৰা মৃত্যুৰ মুহূৰ্তলৈকে নিয়মিতভাৱে প্ৰতিদিনেই বাতৰি প্ৰেৰণ কৰি গৈছিল শৰ্মাই। শৰ্মাৰ এনে মনোবল সঁচাই প্ৰশংসনীয় আৰু অনুকৰণীয়।

এগৰাকী সাংবাদিক হিচাপে সমাজৰ বাবে যি দায়িত্ব সেয়া অতি তেখেতে অতি নিষ্ঠাৰে জীৱনৰ শেষ মুহূৰ্তলৈকে কৰি গৈছিল। তেখেতৰ বিষয়ে যদি কবলৈ যাও দুই দশকৰ পূৰ্বলৈ উভতি যাব লাগিব। সংবাদক্ষেত্ৰখনত জড়িত হৈ পৰাৰ পিছৰে পৰা বিকাশ শৰ্মাৰ সৈতে মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল।

অসুস্থ সতীৰ্থ বিকাশ শৰ্মাৰ কাষত অপূৰ্ব বল্লভ গোস্বামী
অসুস্থ সতীৰ্থ বিকাশ শৰ্মাৰ কাষত অপূৰ্ব বল্লভ গোস্বামী

১৯৯৭ চনৰ মানৰ কথা । এদিন শৰ্মাই হঠাৎ মোক লগ ল'লে কিংবদন্তী অসমীয়া বোলছবিৰ প্ৰথমগৰাকী নায়িকা ‘জয়মতী” খ্যাত আইদেউ সন্দিকৈৰ ঘৰলৈ। মই অলপো সময় নষ্ট নকৰি একাবাৰতে যোৱাৰ সিদ্ধান্ত ল’লো। দুয়ো কমাৰগাঁৱৰ পানীদিহিঙিয়াৰ এটি জুপুৰি সদৃশ কোঠাত সহজ-সৰল পৰিৱেশত প্ৰথমবাৰৰ বাবে আইদেউৰ লগত মুখামুখি হ’লো।

আইদেউৰ সংঘাতময় জীৱনৰ কথা জানি পুনৰ আমি উভতি আহিছিলোঁ। ঘৰলৈ উভতি আহি শৰ্মাই আইদেউৰ জীৱন সংগ্ৰামৰ কাহিনী সবিস্কাৰে অসমীয়া প্ৰতিদিন কাকতলৈ প্ৰেৰণ কৰিছিল। পিছদিনা কাকতত আইদেউৰ জীৱন কাহিনী প্ৰকাশ পোৱাৰ পিছতেই বিভিন্নজনে তেখেতৰ কাষলৈ গৈ সহায়-সহযোগিতা আগবঢ়োৱাত মোৰ মনটো আনন্দৰে ভৰি পৰিছিল আৰু সাংবাদিকতা বৃত্তিটোৱে মোক আকৰ্ষিত কৰি তুলিছিল। তাৰ পিছৰ পৰাই মই সংবাদক্ষেত্ৰখনত জড়িত হৈ পৰিছিলোঁ।

ইয়াৰ পিছত দুয়োজনে এইবাৰ ড্ৰাগছৰ সন্ধানত ১৯৯৯ চনত ম্যানমাৰলৈ যাত্ৰা কৰিলোঁ। আমাৰ লগত ভাতৃপ্ৰতীম সাংবাদিক সপোন তামুলীও গৈছিল। হয়তো শৰ্মাৰ পৰিচিত সকলোৱে জানে ইতিমধ্যে মৃত্যুৰ পূৰ্বৰলৈকে ফেচবুক প্ৰফাইলত সোণালী ত্ৰিভূজ শিৰোনামেৰে ড্ৰাগছৰ সন্ধানত ম্যানমাৰ যাত্ৰাৰ সম্পৰ্কত খণ্ড খণ্ডকৈ লিখি সম্পূৰ্ণ কৰিলে।

এইমুহূৰ্তত আৰু এটা ঘটনা মনত পৰিছে। এগৰাকীৰ সাংবাদিকৰ কলমৰ শক্তি কিমান তাকে যেন প্ৰমাণিত কৰে এই ঘটনাই। শৰ্মাৰ কলমৰ জোৰত আৰক্ষী অধীক্ষকো জেলৰ অতিথি হ’ব লগা হৈছিল।

১৯৯৪ চন মানৰ কথা। সেইসময়ত গোলাঘাটত এটা হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অভিযোগ আছিল ক্ষমতা অপপ্ৰয়োগ কৰি তদানীন্তন গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাঘৱেন্দ্ৰ অৱস্তিয়ে জ্যোতি লোহাৰ নামৰ এজন যুৱকক পৰিকল্পিত ভাৱে হত্যা কৰিছিল।

এই গোচৰটো ক্ষমতাৰ প্ৰয়োগ কৰি গাপ দিয়াৰ চেষ্টা কৰিছিল যদিও বিকাশ শৰ্মাই প্ৰতিদিন বাতৰি কাকতৰ জৰিয়তে প্ৰকৃত ঘটনাৰ ৰহস্য ভেদ কৰি ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছিল। যাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ হৈছিল আৰক্ষী অধীক্ষক ৰাঘৱেন্দ্ৰ অৱস্তি। অৱশ্যে সেইসময়ত শৰ্মাৰ প্ৰাণলৈও শংকা আহিছিল। আচলতে এনে বহু ঘটনা শৰ্মাৰ জীৱনত ঘটিছে এইটো মাত্ৰ এটা তেনে উদাহৰণহে।

এটা কথা আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব দায়ৱদ্ধশীল সাংবাদিকতা শৰ্মাৰ নিচা হৈ পৰিছিল। যদিও পূৰ্বৰ তুলনাত বৰ্তমান সময়ত সাংবাদিক ক্ষেত্ৰত কিছু সলনি হৈছে তথাপি শৰ্মাই নিজৰ নিস্বাৰ্থ আৰু আপোচহীন আৰু সত্যনিষ্ঠ সত্বাটোক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। শৰ্মাৰ বহু সাংবাদিকক্ষেত্ৰখনৰ ঘটনাৰ সাক্ষী আছিলোঁ মই। কেতিয়াবা হয়তো আনন্দৰ, কেতিয়াবা আকৌ বিপদ সংকুল।

সেইদিনাও পাতিছিলো বাতৰিৰে কথা...
সেইদিনাও পাতিছিলো বাতৰিৰে কথা...

এইখিনিতে আৰু এটা ঘটনা মনলৈ আহিছে। ১৯৯৮ চন মানৰ কথা । এবাৰ বোকাখাতৰ পৰা প্ৰায় ১৩ কিল'মিটাৰ পথ খোজ কাঢ়ি অতি দুৰ্গম পথেৰে শৰ্মা, মই আৰু বোকাখাতৰ কেইবাগৰাকী সতীৰ্থ সাংবাদিক কাকচাং জলপ্ৰপাতস্থলীলৈ গৈছিলোঁ। যিসময়ত সেই স্থানৰ কেউফালে উগ্ৰপন্থীৰ ৰাজত্ব। তাতে বাট পথো একেবাৰে দুৰ্গম। সেয়েহে তালৈ কোনেও যাব নিবিচাৰে। অৱশ্যে প্ৰথমতে অলপ ভয় খাইছিলো যদিও আমি গোটেই কেইজন সাংবাদিক হোৱাৰ সাহসতে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বৰ্তমান পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত হ’ল কাকচাং জলপ্ৰাপতস্থলী।

কেৱল সেয়াই নহয় য’তে যি খবৰ পাইছিল, সেই স্থানত উপস্থিত হোৱাত শৰ্মাই অলপো কৃপণালী কৰা নাছিল। ২০১৪ চনত উৰিয়ামঘাটত সংঘটিত হোৱা নগাৰ সন্ত্ৰাসৰ সময়তো অসম-নগালেণ্ড সীমান্তৰ সংঘৰ্ষত হটস্পট উৰিয়ামঘাটত স্বজমিন তদন্ত কৰি সংবাদ পৰিৱেশন কৰিছিলোঁ।

সেইসময়তো শৰ্মা আৰু মই ইজনে সিজনৰ ছাঁ দৰে আছিলোঁ। বিকাশ শৰ্মাৰ মৃত্যু নিঃসন্দেহে গোলাঘাটৰ সংবাদক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ অনুপস্থিতি বাৰুকৈৱে অনুভৱ কৰিম। এই মুহূৰ্তত শৰ্মাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ। য'তে থাকা কুশলে থাকা...

Also Read: বিশ্ব ক্ষুধা সূচাংকৰ তালিকাত বাংলাদেশ, শ্ৰীলংকা, নেপালতকৈ তলত ভাৰতৰ স্থান

বিকাশ শৰ্মা সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী