শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ। মহাসপ্তমী পূজাৰ এই দিনটোত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা সু-লেখক ভাস্কৰজ্যোতি মহন্তৰ এটি লেখা-
কলিকতাৰ ৰবীন্দ্ৰ সৰোবৰ প্ৰাংগণত দেৱী দুৰ্গাৰ কেইভাগিমান মৃণ্ময় মূৰ্ত্তি এবছৰৰ বাবে সংৰক্ষণ কৰা হৈছে। অনিন্দ্যসুন্দৰ এই মূৰ্ত্তিসমূহ পৰম্পৰাগত গঢ়ত নিৰ্মাণ কৰা আৰু সচৰাচৰ দেখি থকা মূৰ্ত্তিৰ দৰে নহয়। অপূৰ্ব সৃষ্টিশীলতাৰ বাবেই এইসমূহ কেৱল পূজাৰ বেদীৰ প্ৰতিমা হৈ নাথাকি একো একোটা চালে চকু ৰোৱা শিল্পকৰ্মলৈ উন্নীত হৈছে।
নিপুন ভাস্কৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই মূৰ্ত্তিসমূহে কেৱল নয়ন সাৰ্থকেই নকৰে, অনুভৱ কৰাই একধৰণৰ মৃণ্ময় স্বৰ্গীয়তাও। এই মূৰ্ত্তিকেইভাগি যোৱাবছৰ কলকাতাৰ বিভিন্ন পাৰাত অনুষ্ঠিত হোৱা দুৰ্গাপূজাত প্ৰতিষ্ঠা কৰা হৈছিল আৰু মূৰ্ত্তিকেইভাগিয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
সেয়ে ষষ্ঠীত প্ৰতিষ্ঠা কৰা এই দেৱীক 'বিজয়াৰ বিফল সন্ধ্যা'ত বিসৰ্জন দিয়াৰ পৰিৱৰ্তে এইদৰে ৰবীন্দ্ৰ সৰোবৰত সংৰক্ষণ কৰি ৰখা হৈছে এবছৰৰ বাবে। কোনোৱে ক'ব পাৰে- এয়া পৰম্পৰা বিৰোধী, এয়া ধৰ্মীয় চেতনাৰ প্ৰতি প্ৰত্যাহ্বান। পিছে, এই মত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।
প্ৰযুক্তিনিৰ্ভৰ চমকে গৰিষ্ঠসংখ্যকৰ দৃষ্টি কাঢ়ি নিয়া এই সময়ত, ব্যয়বহুলতাৰ অশুভ প্ৰতিযোগিতাত গৰিষ্ঠসংখ্যকে ভাগ লোৱা এই পৰিৱেশত কোনো খনিকৰে যদি বেদীৰ দেৱীক ধৰ্মীয় গণ্ডীৰপৰা কিছু মুক্ত কৰি উন্নত মানৰ 'ফিগাৰেটিভ স্কাল্পচাৰ' অৰ্থাৎ ৰূপক ভাস্কৰ্যৰ শাৰীলৈ তুলি ধৰিব পাৰে, তেন্তে আপত্তিৰ অৱকাশ ক'ত? এনে সম্পৰীক্ষাই জানো শিল্প সাধনাৰ উত্তৰণৰ পথ প্ৰশস্ত নকৰে?
প্ৰকৃতিৰ শ্ৰেষ্ঠ অভিযন্তা হিচাপে খ্যাত টোকোৰা চৰায়ে সজা বাঁহটো দেখি আমি সকলোৱে বিস্ময় অনুভৱ কৰো। একোগৰাকী নিপুন শিল্পীৰ দৰেই সাজি উলিওৱা এই বাঁহসমূহো যেন একো একোটা উন্নত মানৰ শিল্পকৰ্মই। পিছে, বিষয়টো অন্য এক দৃষ্টিৰেও চাব পাৰি।
সেয়া হৈছে- টোকোৰা চৰাইৰ বাঁহটোত আমি নতুনত্ব একো দেখা নাপাও। অৰ্থাৎ, বছৰ বছৰ ধৰি টোকোৰা চৰায়ে সেই একেটা বাঁহকে সাজি আছে, য'ত নতুন সৃষ্টিশীলতাৰ আভাস নাই, উত্তৰণৰ চিন নাই, সম্পৰীক্ষা নাই। আছে কেৱল পুৰাতন পদ্ধতি, গতানুগতিকতা, স্থৱিৰতা। মৃণ্ময় মূৰ্ত্তিকো বিস্ময়কৰভাৱে প্ৰাণৱন্ত কৰি তোলা খনিকৰসকলকো মোৰ কেতিয়াবা সেই টোকোৰা চৰাইৰ দৰেই লাগে।
তাৰ মাজতো যেতিয়া কোনোবা খনিকৰে যাদুকৰী হাতৰ পৰশেৰে গতানুগতিকতাৰ পৰিধি ভাঙি, নতুনত্বৰ সমাহাৰ ঘটাই বেদীৰ প্ৰতিমাকো উন্নত তথা আধুনিক শিল্পকৰ্মৰ শাৰীলৈ, ৰূপক ভাস্কৰ্যলৈ তুলি ধৰাৰ প্ৰয়াস কৰে, তেতিয়া স্বাভাৱিকতে অভিভূত হওঁ। বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী খনিকৰসকল যে টোকোৰা চৰাই নহয়, সেই কথা প্ৰমাণিত হ'লে মনত সন্তোষ পাওঁ। সেইবাবেই কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰত এবছৰৰ বাবে সংৰক্ষণ কৰি ৰখা সেই মৃণ্ময় মূৰ্ত্তিকেইভাগিয়ে আমাৰ দৃষ্টি কাঢ়ি নিয়ে।
এই আপাহতে সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আশীৰ্বাদত সমাজৰ পৰা হিংসা-বিদ্বেষ, অসূয়া-অপ্ৰীতি, অপায়-অমংগল দূৰ হওক, অশুভ শক্তিৰ বিনাশ ঘটক আৰু সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।
(ভাস্কৰজ্যোতি মহন্ত অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা বৰ্তমান ৰাজ্যিক তথ্য আয়োগৰ মুখ্য আয়ুক্ত। সাহিত্য- সংস্কৃতিৰ নীৰৱ সাধক মহন্ত এগৰাকী চিন্তাশীল লেখক।)
Also Read: পূজাৰ বতৰত চিন্তা...