শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ।মহা অষ্টমী আৰু মহা নৱমীৰ দুয়োটা তিথি মিলা পূজাৰ এই দিনটোত আগবঢ়োৱা হৈছে সুলেখিকা, গল্পকাৰ, তথা 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তৰ এই লেখা।
অফিছৰ পৰা ঘৰলৈ বুলি খোজ কাঢ়ি আহি থাকোতে ফুটপাথৰ ধূলিৰ মাজত এটা নে দুটা সৰা শেৱালি দেখি মূৰ তুলি চাইছিলো৷ এঘৰৰ সমুখৰ প্ৰাচীৰখন নতুনকৈ নিৰ্মাণ কৰিবলৈ গছজোপাৰ একাংশ কাটি পেলোৱা হৈছে৷
বাচি থকা অংশটোত মাত্ৰ কেইটামান ফুল৷ মহানাগৰিকক শৰতৰ বতৰা দিবলৈ যেন কোনোমতে জীয়াই আছে! গ্ৰীচ দেশত শেৱালি ফুলক কোৱা হয় Tree of sorrow- বেদনা বৃক্ষ৷ অন্তত এই কেইপাহ শেৱালিৰ বাবে সচা!
আহি থাকোতে মন কৰিছো দোকানবোৰৰ বিলাসী সাজসজ্জা আৰু সেই বিলাসীতাক ইতিকিং কৰি ডাষ্টবিনত প্লাষ্টিক খুছৰি থকা কেইটামান দুৰ্বল শিশু৷ যাৰ হাতত বেলুন আৰু মিঠাইৰ পৰিবৰ্তে আছে একোটাকৈ লেতেৰা বস্তা৷
কোৱা হয় মানুহ সামাজিক জীৱ৷ কিন্তু আজিৰ সমাজ পাতি বাস কৰা পৃথিৱীখনত মানুহে নিজকে পুনৰ অকলশৰীয়া কৰি তুলিবলৈ নিজৰ কামকাজৰ মাজেৰেই চেষ্টা কৰা যেন অনুভৱ হয়৷ আজিৰ প্ৰদূষিত আবদ্ধ জীৱনৰ মাজত মুক্তি বিচাৰি মানবজাতিৰ হাহাঁকাৰ ৷
বিপৰীতে ৰূপান্তৰত জৰ্জড়িত প্ৰকৃতি ৷ যেন মানুহৰ অত্যাচাৰৰ পৰা সামান্য সকাহ পাব বিচাৰে৷ স্বাৰ্থপৰ মানুহে সৃষ্টি কৰা “ৰত্নাকৰ’ সমাজ৷ মানুহৰ আপোনপেটীয়া স্বভাৱৰ বাবে ৷
চহৰসমূহত এপিনে নিত্যনতুন চকুত চমক লগোৱা শ্বপিংমল, বিলাসী ৰেষ্টুৰেণ্ট আদি আৰু বিপৰীতে সমগতিত গঢ়ি উঠা আবৰ্জনাৰ পাহাৰ; এয়াতো কোনো চহৰ -নগৰৰ উন্নয়নৰ ছবি নহয় ৷ নগৰায়নৰ চৰিত্ৰ আৰু গতিক আমি নুবুজা নহয়। কিন্তু তাৰ অৰ্থ জানো অস্বাস্থ্যকৰ, পুতিগন্ধময়, দৃশ্য-শ্ৰাব্য একোতে সুখ নোপোৱা জঞ্জালভৰা চহৰীয়া জীৱন ?
যান-জঁট, বায়ু প্ৰদূষণ, কৃত্ৰিম বানপানীত জৰ্জড়িত চহৰ এখনে প্ৰকৃত উন্নয়ন সূচাব নোৱাৰে ৷ জীৱন ধাৰণৰ প্ৰকৃত মান সম্পৰ্কে সচেতন নোহোৱা আমিবোৰৰ প্ৰকৃততে সংস্কৃতিৰ অভাৱ নেকি? উপায় কেবল সহমৰ্মিতাৰ সুষম সমাজ ৷
আমাৰ অসমীয়া সমাজত এখন চিনাকি ছবি আছিল গাঁৱৰ ঘৰত যেতিয়া সকলো একেলগে ভাতসাঁজ খাবলৈ বহে তেতিয়া কাঁহীৰ কাষৰ মজিয়াত ঘৰৰ মেকুৰীজনীৰ কাৰণেও এগৰাহ ভাত সানি দিয়ে ৷ খোৱাৰ শেষতো কাঁহীৰ কানত এখুদমান ভাত এৰা আমাৰ পৰম্পৰা ৷
জ্যেষ্ঠসকলে কোৱা শুনিছিলো পূৰ্বপুৰুষৰ আত্মাৰ বাবে এৰিব লাগে এইদৰে ৷ কোনোৱে কৈছিল পৰুৱাৰ বাবে অলপ এৰিলে পুণ্য হয় ৷ গাঁৱত ডাঙৰ হোৱাসকলৰ বাবে ই হয়গৈ আজীৱন অভ্যাস, আটাইতকৈ পচন্দৰ খাদ্যৰো এটা অংশ মনলৈ সামান্যও লোভ নহাকৈ সন্তুষ্টিৰে এৰা হয় ৷
এনে পৰম্পৰাৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য আমাৰ বুজিবলৈ কঠিন নহয়, কিন্তু এই মানুহ যেতিয়া আগ্ৰাসী হৈ উঠে দুখ লাগে ৷ মানুহক কেবল নিজৰ বাবে লাগে, কেবল নিজৰ বাবে ৷ পৰুৱাৰ কাৰণেও কাঁহীৰ কাষত দুটা ভাত এৰিব নোখোজা মানসিকতা এতিয়া মানুহৰ৷ কঠিন সময়ত আমি সেই মানসিকতাৰ ফলাফল বুজি উঠিছো ৷
উৎসৱৰ আনন্দ থাকে বিলাই দিয়াৰ মাজত৷ পেণ্ডেল, ফটকা, ফুলজাৰিৰে বৃহৎ বাজেটৰ পূজাসমূহৰ সামান্য অংশ বিয়োগ কৰি পদপথৰ শিশুকেইটিৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলেহে দেবীৰ মুখৰ সেই স্মিত হাঁহিটিও অধিক উজ্জ্বল হৈ উঠিব৷ সমাজৰ প্ৰতিজনে একেলগে লও আহক উৎসবৰ আনন্দ৷
(মাইনী মহন্ত অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠত সুলেখিকা। সমাজ আৰু জাতীয় জীৱনৰ বিভিন্ন বিষয়ক লৈ সচেতন মহন্ত মাহেকীয়া মহিলা আলোচনী 'নন্দিনী'ৰ সম্পাদক)