সময় সলনি হয়। সময়ৰ লগে লগে সলনি হয় মানুহৰ জীৱন প্ৰণালী। সময়ৰ সোঁতত হয়তো বিলীন হৈ যায় বহু পুৰণি তথা আপোন আপোন লগা বহু কাহিনী...। যি সময়ে বান্ধি ৰাখিছিল নানা বান্ধোনেৰে। যি বান্ধোনত পাইছিলো আপোন আপোন লগা সুবাস। এতিয়াৰ সময়ত ঘটা বহু ঘটনাই ভবাই তোলে আমাক। হেৰুৱাই পেলাইছো নেকি সেই সময়? সেই সন্দৰ্ভতে যুৱ লেখক সৌৰভ ঠাকুৰীয়াৰ এটি লেখা 'মোৰ মত' শিতানত প্ৰকাশ কৰা হ'ল।
এটা সময় আছিল, যেতিয়া সকলো ফ্ৰী নাছিল। তেতিয়াই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বিয়পি পৰিছিল কিতাপৰ গোন্ধ। পঢ়া-শুনাত সচেতন পৰিয়ালৰ প্ৰতিজনৰে ঘৰৰ পৰা বিয়পিছিল এই পুৰণি কিতাপৰ গোন্ধ।
এই গোন্ধৰ বাবেই লাগিছিল বহুতৰে হেতা-ওপৰা। শ্ৰেণীৰ প্ৰথম ল'ৰা বা ছোৱালীজনীৰ ঘৰত এই হেতা ওপৰা বেছিকৈ হৈছিল। কিয়নো বিশ্বাস আছিল শ্ৰেণীৰ আগস্থানৰ কেইজনৰ পঢ়ি অহা কিতাপ পত্ৰবোৰৰ ওপৰতো গুৰুত্ব আছিল, সযতনে ৰাখিছিল।
যাৰ বাবে বছৰেকীয়া পৰীক্ষাৰ পিছতেই বহু পৰিয়ালত বাঢ়িছিল পুৰণি কিতাপৰ খবৰ লোৱাৰ ব্যস্ততা। প্ৰথমে প্ৰস্তাৱ আৰু বছৰেকীয়া পৰীক্ষাৰ ফলাফল দিয়াৰ দিনাই খবৰ লোৱাৰ চলেৰে পুৰণি কিতাপৰ গোন্ধ লোৱাৰ এটা স্বভাৱগত পৰিৱেশ আছিল এটা প্ৰজন্মৰ মাজত। কিন্তু এতিয়া সকলো সলনি হ'ল। সলনি হোৱা নাই,আছলতে ফ্ৰী হ'ল।
বিনামূলীয়া কিতাপ পাবই যিহেতু, পুৰণি কিতাপ বিচৰাৰ ব্যস্ততাবোৰো লাহে লাহে নোহোৱা হ'ল। যাৰ বাবে আগতে নোহোৱা কথাবোৰো বাতৰিৰ হেডলাইন হোৱা হ'ল- 'শিক্ষাবৰ্ষ আৰম্ভ হ'ল, এতিয়াও কিতাপ যোগান ধৰিব পৰা নাই বিভাগে।'
কেৱল ইমানেই নহয়, হিচাপতকৈ কম কিতাপ ছপা হোৱাৰ বাবেও বহু শিক্ষা খণ্ডই, নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ দুমাহৰ পিছতো লাগতীয়াল কিতাপ যোগান ধৰিব নোৱাৰে। যাৰ বাবে কিতাপ নোহোৱাকৈয়ে স্কুললৈ আহে বহু শিক্ষাৰ্থী। তথাপিও কিন্তু তেওঁলোকে নলয় পুৰণি কিতাপৰ গোন্ধ। কিয়নো নতুন কিতাপৰ গোন্ধেই সুকীয়া।
শিক্ষা সকলোৰে বাবে। যাৰ পৰিপ্ৰেক্ষিতত শিক্ষা খণ্ডৰ ওপৰত বাজেটৰ টকাৰ পৰিমাণো দিনে দিনে বৃদ্ধি কৰিছে নতুন- পুৰণি সকলো চৰকাৰে। কেৱল কিতাপেই নহয়, জ্যামিতি বক্স, বহী, কাপোৰ সকলো এতিয়া ফ্ৰী। মুঠতে চিন্তা ক'তোৱেই নাই।
কিন্তু সকলো ফ্ৰীতে আশা কৰি আমি হেৰুৱাই পেলাইছো আমাৰ সমাজৰ এটা ভাল গোন্ধ সেইয়া হৈছে পুৰণি কিতাপৰ গোন্ধ। যাৰ ফলত আমি হেৰুৱাই পেলাইছো সহযোগিতাৰ আন এখন সুস্থ সমাজো।
Also Read: মাতৃভাষাৰ বিদ্যালয়ৰ জয় জয়কাৰ...