প্ৰকৃত স্বাধীনতা এতিয়াও বাকী...

প্ৰকৃত স্বাধীনতা এতিয়াও বাকী...

author-image
Asomiya Pratidin
New Update
প্ৰকৃত স্বাধীনতা এতিয়াও বাকী...

৭৮ বছৰ হ'ল দেশ স্বাধীন হোৱা। স্বাধীনতাই আমাক কি দিলে? স্বাধীন হৈ আমি কি পালো আৰু কি নাপালো? সেই খতিয়ান আমি সৰ্বসাধাৰণৰ পৰা লৈছো জানো কেতিয়াবা? অসমীয়া প্ৰতিদিন ডিজিটেলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছিল আপোনাৰ মত প্ৰকাশৰ এই যাত্ৰা। বিষয় আছিল- 'স্বাধীনতাৰ ৭৮ বছৰৰ পোৱা নোপোৱাৰ খতিয়ান'। বহুজনে ইতিমধ্যে ইয়াৰ প্ৰতি সঁহাৰি জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ অনুভৱ। আজি মোৰ মতত নিৰ্বাচিত তৃতীয়টো লেখা। এই লেখা নগাঁৱৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিছে অংশুমান শইকীয়াই...

প্ৰাচীন কালৰে পৰাই সভ্যতা,সংস্কৃতিৰ পৃষ্ঠভূমি ভাৰতবৰ্ষ আছিল এক বিশাল পূণ্যভূমি। স্বকীয় মৰ্যাদাৰে গদ্-গদ্ ভাৰতভূমি আছিল বিভিন্ন সম্পদেৰে চহকী।

এই সম্পদৰ সন্ধান তথা ব্যৱসায়ৰ উদ্দেশ্যে ১৬০৮ খ্ৰীষ্টাব্দত ভাৰতলৈ পৰ্দাপণ ঘটিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ। পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা নিজৰ হাতলৈ অনাৰ প্ৰচেষ্টাত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে আৰম্ভ কৰিছিল জোৰদাৰ অভিযান।

লাহে লাহে এই সাম্রাজ্যবাদী অভিযানে চূড়ান্ত ৰূপ লোৱাত ভাৰতৰ জনগণৰ ওপৰত নানা অত্যাচাৰৰ যোগেদি দমনমূলক নীতি গ্রহণ কৰাৰ লগতে বিভিন্ন মূল্যৱান সম্পদৰ লুণ্ঠন আৰম্ভ হৈছিল। কোম্পানিয়ে ভাৰতৰ শাসনৰ বাঘজৰী ব্যৱস্থা নিজৰ হাতলৈ নিয়াৰ বাবে বিভিন্ন সময়ত প্ৰাদেশিক ৰাজ্যসমূহৰ সম্ৰাটসকলৰ লগত সঘনাই যুদ্ধত লিপ্ত হোৱাৰ উপৰিও নানা প্ৰলোভনেৰে ৰজাসকলক বশ কৰিবলৈ সক্ষম হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী।

অৱশেষত ১৭৫৭ খ্ৰীষ্টাব্দৰ পলাশী যুদ্ধৰ দ্বাৰা বৃহৎ বংগদেশৰ শাসনভাৰ কোম্পানীৰ আনুষ্ঠানিকভাৱে হাতলৈ যায়। ভাৰতৰ প্ৰায়বোৰ অঞ্চলেই নিজৰ অধীনলৈ আনিবলৈ সক্ষম হোৱা কোম্পানীয়ে নিজৰ কঠিন দমনমূলক নীতিৰ দ্বাৰা জনসাধাৰণৰ ওপৰত অধিক অত্যাচাৰ চলাবলৈ শক্তি পাইছিল।

কোম্পানীৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ভাৰতৰ জন গণ অতিষ্ঠ হৈ তেওঁলোকৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। স্বাধীন ভাৰতৰ স্বপ্নেৰে আৰম্ভ হোৱা এই সংগ্রামৰ পটভূমি ৰচনা হৈছিল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছৰে পৰাই।

এই বিদ্ৰোহৰ পিছতেই তৎকালীনভাৱে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায়। ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনবিৰোধীমূলক নীতি, দমনমূলক আইন আৰু কাৰ্যকলাপে দেশৰ জনসাধাৰণৰ মাজত জ্বলি থকা আন্দোলনৰ জুইকুৰাক অধিক উত্তাপেৰে জ্বলি উঠাত সহায় কৰে।

অৱশেষত হাজাৰ প্ৰত্যাহ্বান, ত্যাগ, কষ্ট আৰু সাধনাৰ ফলস্বৰূপে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ শিকলিৰ পৰা মুক্তি লাভ কৰি এখন স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি লাভ কৰে। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ আজিৰ আৰু সেই সময়ৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে।

স্বাধীনতাৰ ৭৮ টা বসন্ত অতিক্রম কৰা ভাৰতৰ পৰিৱৰ্তন অতি বিশাল আৰু ইয়াৰ পৰিসৰ অতি বহল। স্বাধীনতা লাভৰ পিছতেই ভাৰতৰ অৰ্থনীতি,ৰাজনীতি, সামাজিক সকলো দিশতেই কঁকাল পৰি গৈছিল।

দীৰ্ঘদিনীয়া আন্দোলনে সৃষ্টি কৰা অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহ দূৰ কৰাটো আছিল এক বৃহৎ প্ৰত্যাহ্বান। স্বাধীনতাৰ পিছৰ প্ৰথমখন স্থানীয় চৰকাৰৰ নেতৃত্ব গ্ৰহণ কৰি তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গ্ৰহণ কৰা বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক নীতিসমূহ সেই সময়ৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষেত্রত অতি গুৰুত্বপূৰ্ণ আছিল।

বিগত ৭৮ বছৰত ভাৰতে ৰাজনীতি, অৰ্থনীতি, সামৰিক তথা বৈদেশিক সম্পৰ্কৰ ক্ষেত্রত বিভিন্ন উত্থান-পতনৰ সন্মুখীন হ'ব লগা হৈছে। বিশেষকৈ ৰাজনীতিৰ ক্ষেত্রত ক্ষমতাৰ স্বাৰ্থত চৰকাৰ ভঙা পতা নীতিৰ পৰা আৰম্ভ কৰি সামৰিক ক্ষেত্রত ইন্দো-পাক যুদ্ধ, ভাৰত চীনা যুদ্ধ আৰু সংবিধানৰ চূড়ান্ত অৱমাননাৰ দ্বাৰা প্ৰৱৰ্তন কৰা জৰুৰীকালীন পৰিস্থিতিলৈকে বিভিন্ন ঘটনাৰ সাক্ষী ভাৰতবৰ্ষ।

শিক্ষাৰ ক্ষেত্রত ১৯৮০ চনৰ পিছত গ্ৰহণ কৰা নীতিসমূহে কিছু ফলপ্রসূ সমাধানৰ সূত্রপাত ঘটাইছে যদিও নতুন শিক্ষানীতি ২০২০ ৰ পৰা ৰাইজৰ আশা অধিক। বৈদেশিক নীতিৰ ক্ষেত্রত ভাৰত বিগত তিনি দশকত যথেষ্ট ক্ষীপ্ৰতাৰে আগবাঢ়িছে আৰু বিশ্বৰ আগশাৰীৰ দেশসমূহৰ লগত সম্পর্ক মধুৰ হৈছে।

জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা নিবনুৱাৰ সমস্যাই ভাৰতৰ বিকাশৰ দিশত হেঙাৰ হিচাপে থিয় দিছে। এই সমস্যাৰ লগত মোকাবিলা কৰাৰ নিমিত্তে সুপৰিকল্পিত নীতি ৰূপায়নৰ প্ৰয়োজনীয়তা আহি পৰিছে।

লগতে তেনেদৰে ক্ৰীড়া,সংস্কৃতি, সামাজিক আৰু অৰ্থনৈতিক দিশটো ভাৰতৰ প্ৰদৰ্শন অতি আশাব্যঞ্জক। বিশেষকৈ বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা নীতিসমূহে ইয়াৰ উত্থানত সাৰ পানী যোগাইছে বুলি ধাৰণা কৰিব পাৰি।

বিশ্বায়নৰ জৰিয়তে বৰ্তমান ভাৰতৰ বিশাল ভূ-খণ্ড এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে। স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ প্ৰযুক্তিৰ অভাৱো বৰ্তমান বহুগুণে কমিল। ঠিক সেইদৰে সামৰিক দিশটো ভাৰত বৰ্তমান অত্যন্ত শক্তিশালী।

স্বাধীনতাৰ ৭৮ টা বৰ্ষত ভাৰতবৰ্ষৰ ভাবিব নোৱাৰা ধৰণে পৰিৱৰ্তন হৈছে। অশেষ কষ্টৰ অন্তত ব্ৰিটিছৰ বিভেদকামী শাসনৰ পৰা ভাৰতে মুক্তি লাভ কৰিলেও কিন্তু আমাৰ প্ৰকৃত স্বাধীনতা এতিয়াও বাকী। ভাৰতে বৰ্তমানেও শিক্ষা, চিকিৎসা, অৰ্থনীতি, প্ৰযুক্তি তথা বৃত্তিগত দিশত বিশ্ব অন্যান্য উন্নত দেশৰ ওপৰত ভালেখিনি নিৰ্ভৰশীল, যিবোৰৰ ক্ষেত্রত স্ব-নিৰ্ভৰশীল অথবা আত্মনিৰ্ভৰশীল নোহোৱাপৰ্যন্ত সম্পূর্ণ স্বাধীনতাৰ আশা পূৰ্ণ নহ'ব।

Also Read: স্বাধীন ভাৰত আৰু কিছু প্ৰাসংগিক চিন্তা...

78th Independant Day