১০৭ গৰাকী সাংসদ,বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ: অধিকাংশ বিজেপিৰ...

১০৭ গৰাকী সাংসদ,বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ: অধিকাংশ বিজেপিৰ...
১০৭ গৰাকী সাংসদ,বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ: অধিকাংশ বিজেপিৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ ১০৭ গৰাকী সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ। ইয়াৰে অধিকসংখ্যকেই আকৌ ভাৰতীয় জনতা পাৰ্টিৰ। আনহাতে এনে গোচৰ থকা ৪৮০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

দিল্লীৰ এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ আৰু নেচনেল ইলেকশ্যন ৱাচ্চৰ এক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, এই সংস্থা দুটাই মুঠ ৪ হাজাৰ ৭৬৮ গৰাকী প্ৰাৰ্থীৰ স্বঘোষিত শপতনামা বিশ্লষণ কৰিছিল। এই বিশ্লেষণৰ পাছতে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।

এই জনপ্ৰতিনিধিসকলে নিজৰ শপতনামাত উল্লেখ কৰা তথ্য অনুসৰি ৩৩ জন বৰ্তমানৰ সাংসদ আৰু ৭৪ জন বিধায়কে তেওঁলোকৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ গোচৰ থকাৰ কথা উল্লেখ কৰিছে। ৰাজ্যিক ভিত্তিত এই ক্ষেত্ৰত আগবাঢ়ি আছে উত্তৰ প্ৰদেশ।

উত্তৰ প্ৰদেশৰ ৭ জন সাংসদ আৰু ৬ জন বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ ৰুজু আছে। দ্বিতীয়স্থানত আছে বিহাৰ। ৰাজ্যখনৰ ১২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ। এই তালিকাৰ তৃতীয় স্থানত আছে তেলেংগানা আৰু তামিলনাডু। আনহাতে এই তালিকাৰ একেবাৰে তলত আছে কেৰেলা। কেৰালাৰ মাত্ৰ এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে এনে গোচৰ।

দল হিচাপে চালে আকৌ এই তালিকাৰ প্ৰথমস্থানতে আছে বিজেপি। দলটোৰ মুঠ ৪২ গৰাকী বিধায়ক, সাংসদৰ বিৰুদ্ধে আছে এনে গোচৰ। কংগ্ৰেছৰ ১৫ গৰাকী সাংসদ, বিধায়ক, আপৰ ৭ গৰাকী নেতাৰ বিৰুদ্ধে আছে এনে গোচৰ। সেইদৰে ডিএমকে, সমাজবাদী পাৰ্টী আৰু ৱাইএছআৰ কংগ্ৰেছৰ ৫ গৰাকীকৈ নেতাৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ।

আটাইতকৈ লক্ষণীয় কথাটো হ'ল বিজিপেৰি অমিত শ্বাহ, প্ৰহ্লাদ যোশী, গিৰিৰাজ সিং, আপৰ ৰাঘৱ চাড্ডা, কংগ্ৰেছৰ শশী থাৰুৰৰ দৰে জনপ্ৰিয় নেতাৰ বিৰুদ্ধে আছে এনে গোচৰ। এই তালিকাত আছে আছাদুদ্দিন ওৱেইছি, সঞ্জয় ৰাউত, কানিমোঝি আদিৰ দৰে সাংসদৰ নাম। বিহাৰৰ তেজস্বী যাদৱ, চন্দ্ৰশেখৰ ৰাও, এম কে ষ্টেলিন আদিৰ দৰে নেতাও বাদ পৰা নাই এই তালিকাৰ পৰা।

১০৭ গৰাকী সাংসদ,বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ: অধিকাংশ বিজেপিৰ...
চীনৰ পুঁজিৰে সংবাদ সংস্থা পৰিচালিতৰ অভিযোগঃ সাংবাদিকৰ বাসগৃহকে ধৰি প্ৰায় ১০০ স্থানত আৰক্ষীৰ তালাচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in