মহা বিড়ম্বনাঃ মহিলা উৎপীড়নৰ অভিযোগত অভিযুক্ত শতাধিক আইন প্ৰস্তুতকাৰী...

বিজেপিৰ সৰ্বাধিক বিধায়ক, সাংসদৰ বিৰুদ্ধে আছে এনে অভিযোগ
মহা বিড়ম্বনাঃ মহিলা উৎপীড়নৰ অভিযোগত অভিযুক্ত শতাধিক আইন প্ৰস্তুতকাৰী...
মহা বিড়ম্বনাঃ মহিলা উৎপীড়নৰ অভিযোগত অভিযুক্ত শতাধিক আইন প্ৰস্তুতকাৰী...
Published on
Updated on

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ছাত্ৰীৰ সৈতে হোৱা যৌন নিৰ্যাতন আৰু হত্যা কাণ্ডই সমগ্ৰ দেশ উত্তাল কৰি থকাৰ সময়তে মহাৰাষ্ট্ৰ, অসম আদি ৰাজ্যতো ছাত্ৰীৰ সৈতে সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। কলকাতাৰ ঘটনাৰ ন্যায় বিচাৰি অসমতো চলি থকা আন্দোলনৰ মাজতে ধিঙত এগৰাকী ছাত্ৰীক তিনি যুৱকে দলবদ্ধভাৱে যৌন নিৰ্যাতন চলোৱা ঘটনাক কেন্দ্ৰ কৰি অসমৰো পৰিৱেশ, পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে।

তাৰ মাজতেই আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত ধিং কাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামৰ পুখুৰীত পৰি মৃত্যু হৈছে। অসমকে ধৰি দেশৰ প্ৰায়বোৰ ৰাজ্যত বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে যৌন নিৰ্যাতনকে ধৰি নাৰীজনিত একাধিক ঘটনা সংঘটিত হৈ আহিছে।

এনে পৰিপ্ৰেক্ষিততে এছ’চিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক বিশেষ প্ৰতিবেদন এতিয়া চৰ্চালৈ আহিছে। যোৱা বুধবাৰে প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি দেশৰ বৰ্তমানৰ মুঠ ১৫১ গৰাকী নিৰ্বাচিত জন প্ৰতিনিধিৰ বিৰুদ্ধে আছে মহিলাক যৌন উৎপীড়ন চলোৱাৰ দৰে গুৰুতৰ অভিযোগ।

এ ডি আৰে প্ৰকাশ কৰা এই ৩০০ পৃষ্ঠাৰ প্ৰতিবেদনত দেশৰ আটাইকেইখন ৰাজ্যৰে বিধায়ক আৰু লোকসভা, ৰাজ্যসভাৰ সাংসদসকলৰ বিৰুদ্ধে থকা নাৰীজনিত অপৰাধ, যৌন উৎপীড়ন, এছিড আক্ৰমণ, টনা-আঁজোৰা, মহিলাক বিবস্ত্ৰ কৰাৰ উদ্দেশ্যৰে কৰা আক্ৰমণ, মহিলাক অনুসৰণ কৰা, নাৰী দেহ ব্যৱসায়ৰ বাবে কিশোৰী, যুৱতীক বিক্ৰী অথবা ক্ৰয় কৰা, মহিলা অপহৰণ, মহিলাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকৰ সৈতে সহৱস্থান, প্ৰথমা পত্নী থকাৰ পিছতো দ্বিতীয় বিবাহ আদিৰ দৰে অপৰাধৰ কথা উল্লেখ আছে। তাৰোপৰি কোন দলৰ কিমান জন বিধায়ক, সাংসদৰ বিৰুদ্ধে এই অভিযোগ আছে সেই বিষয়েও উল্লেখ আছে।

নিৰ্বাচনৰ সময়ত জন প্ৰতিনিধিসকলে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাৰ তথ্যৰ বিশ্লেষণ কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। মন কৰিবলগীয়া যে, বৰ্তমান দেশত ৪,৮০৯ গৰাকী সাংসদ আৰু বিধায়ক আছে। অৱশ্যে প্ৰতিবেদনখনত মুঠ ৭৭৬ গৰাকী সাংসদৰ ভিতৰত ৭৫৫ গৰাকীক আৰু ৪০৩৩ গৰাকী বিধায়কৰ ভিতৰত ৩৯৩৮ গৰাকী বিধায়কৰ সৈতে মুঠ ৪৬৯৩ গৰাকী জন প্ৰতিনিধিৰ হে শপতনামাৰ তথ্য এই প্ৰতিবেদনত বিশ্লেষণ কৰা হৈছে।

প্ৰকাশিত এই তথ্য অনুসৰিয়েই মুঠ ১৫১ গৰাকী জন প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত তেওঁলোকৰ বিৰুদ্ধে থকা মহিলাৰ উৎপীড়নৰ সৈতে জড়িত অপৰাধৰ বিষয়ে উল্লেখ কৰিছে। এই ১৫১ গৰাকী জন প্ৰতিনিধিৰ ভিতৰত ১৬ গৰাকী বৰ্তমানৰ সাংসদ আৰু ১৩৫ গৰাকী বৰ্তমানৰ বিধায়ক আছে।

নাৰী জনিত অপৰাধৰ অভিযোগ বা গোচৰ চলি থকা এই ১৫১ গৰাকী সাংসদ, বিধায়কৰ ভিতৰত ৫৪ গৰাকীয়েই হৈছে বিজেপি দলৰ। এই ৫৪ গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত ৪৪ গৰাকী হৈছে বিধায়ক আৰু ১০ গৰাকী সাংসদ। তাৰ বিপৰীতে এনে অভিযোগেৰে অভিযুক্ত হৈ আছে কংগ্ৰেছৰ ২৩ গৰাকী, তেলেগু দেশম পাৰ্টিৰ ১৭ গৰাকী, আম আদমি পাৰ্টিৰ ১৩ গৰাকী, তৃণমূল কংগ্ৰেছৰ ১০ গৰাকী আৰু ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডিৰ ৫ গৰাকী বিধায়ক, সাংসদ।

নাৰী জনিত অপৰাধৰ সৈতে জড়িত এনে জনপ্ৰতিনিধি সৰ্বাধিক আছে পশ্চিমবংগত। এই তালিকাৰ দ্বিতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ। প্ৰতিবেদনখনৰ মতে পশ্চিমবংগত ২১ গৰাকী বিধায়ক, ৪ গৰাকী সাংসদৰ সৈতে মুঠ ২৫ গৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে নাৰীজনিত অপৰাধাৰ অভিযোগ। অন্ধ্ৰপ্ৰদেশৰ ২১ বিধায়ক, ওড়িষ্যাৰ ১৬ বিধায়ক আৰু এজন সাংসদ, দিল্লীৰ ১৩ গৰাকী বিধায়ক, মহাৰাষ্ট্ৰৰ ১২ গৰাকী বিধায়ক আৰু এগৰাকী সাংসদৰ বিৰুদ্ধে আছে এনে অভিযোগ।

ইয়াৰোপৰি বিহাৰৰ ৯ গৰাকী, কৰ্ণাটকৰ ৭ গৰাকী, ৰাজস্থানৰ ৬ গৰাকী, মধ্যপ্ৰদেশ, কেৰালা, তেলেংগানাৰ ৫ গৰাকীকৈ, গুজৰাট, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ ৪ গৰাকীকৈ, ঝাৰখণ্ডৰ ৩ গৰাকী, পঞ্জাৱৰ ২ গৰাকী, অসম আৰু গোৱাৰ ২ গৰাকী, হিমাচল প্ৰদেশ, মণিপুৰ, দাদাৰা আৰু নগৰ হাৱেলী আৰু দমন ডিউৰ এগৰাকীকৈ জন প্ৰতিনিধিৰ বিৰুদ্ধে আছে নাৰী জনিত অপৰাধৰ গোচৰ বা অভিযোগ। এই জন প্ৰতিনিধিসকলৰ ভিতৰত ১৬ গৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধেই আছে বলাৎকাৰৰ দৰে মাৰাত্মক নাৰী জনিত অপৰাধৰ গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in