এন বীৰেন সিঙক অপসাৰণ কৰিলেই শান্ত হ'ব মণিপুৰ ! ১৯ বিজেপি বিধায়কে জনালে প্ৰধানমন্ত্ৰীক...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ ১৯ বিজেপি বিধায়কৰ
এন বীৰেন সিঙক অপসাৰণ কৰিলেই শান্ত হ'ব মণিপুৰ ! ১৯ বিজেপি বিধায়কে জনালে প্ৰধানমন্ত্ৰীক...
এন বীৰেন সিঙক অপসাৰণ কৰিলেই শান্ত হ'ব মণিপুৰ ! ১৯ বিজেপি বিধায়কে জনালে প্ৰধানমন্ত্ৰীক...
Published on
Updated on

ডিজিটেল ডেস্কঃ চৰকাৰৰ অস্তিত্ব প্ৰায় নাই যদিও মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছে এন বীৰেন সিং। প্ৰায় ডেৰ বছৰ ধৰি অশান্ত হৈ থকা মণিপুৰৰ শান্তি প্ৰতিষ্ঠানত চূড়ান্ত ৰূপে ব্যৰ্থ হোৱা এইগৰাকী নেতাৰ নিজ দলৰে শীৰ্ষ নেতাৰ সন্মুখত মূৰ তুলি কথা কোৱাৰ সুযোগ নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো সাক্ষাতৰ বাবে হাবাথুৰি খাবলগীয়া হোৱা এই নেতাগৰাকীৰ বিৰুদ্ধে অৱশেষত নিজ দলতেই মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। ৰাজ্যখনৰ বিজেপিৰ ১৯ জনকৈ বিধায়কে মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অপসাৰণ কৰিবলৈ দাবী তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

এই পত্ৰত মণিপুৰ বিধানসভাৰ অধ্যক্ষ থৌকচম সত্যব্ৰত সিঙেও স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী তোলা এই ১৯ বিধায়কৰ মাজত কুকি, মেইটেই, নাগা সকলো সম্প্ৰদায়ৰে বিধায়ক আছে।

তেওঁলোক মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ বাবেই এই দাবী উত্থাপন কৰিছে। উল্লেখ্য যে, যোৱা ১৫ অক্টোবৰত দিল্লীত গৃহমন্ত্ৰণালয়ৰ উদ্যোগত মণিপুুৰৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে প্ৰথমবাৰৰ বাবে কুকি, মেইটেই আৰু নাগা সম্প্ৰদায়ৰ মন্ত্ৰী, বিধায়কসকলৰ মাজত অনুষ্ঠিত হৈছিল এক বৈঠক।

এই বৈঠকৰ পাছতে বিধায়কসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত তেওঁলোকে উল্লেখ কৰিছে মণিপুৰৰ শান্তি স্থাপনৰ বাবে এন বীৰেন সিঙক অপসাৰণ কৰিব লাগিব। এয়াই একমাত্ৰ উপায়। কেৱল সুৰক্ষা বাহিনী নিয়োগ কৰি মণিপুৰৰ শান্তি ঘূৰাই আনিব নোৱাৰি।

বিধায়কসকলে পত্ৰখনত এই কথাও লিখিছে ৰাজ্যখনত বিজেপি চৰকাৰক লৈ নানান প্ৰশ্ন উত্থাপন হৈছে আৰু জনতাৰ আস্থা নোহোৱা হৈছে। ইয়াৰ বাবে এন বীৰেন সিঙক অপসাৰণ কৰিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত হোৱা সেই বৈঠকত ২০ জন বিধায়ক উপস্থিত আছিল।

এন বীৰেন সিঙক অপসাৰণ কৰিলেই শান্ত হ'ব মণিপুৰ ! ১৯ বিজেপি বিধায়কে জনালে প্ৰধানমন্ত্ৰীক...
আকৌ দেশজুৰি বলিছে নিৰ্বাচনী বতাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in