জম্মু-কাশ্মীৰৰ ৮ স্থানত নিয়াৰ অভিযান : ২জনক আটক

জম্মু-কাশ্মীৰৰ ৮  স্থানত নিয়াৰ অভিযান :  ২জনক আটক
Published on
Updated on

ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদীৰ আশ্ৰয়ঘাটী থকাৰ সন্দেহত জম্মু-কাশ্মীৰৰ ৮ স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ৰ এটি দলে অভিযান চলায়। লস্কৰ-ই-তৈবাকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ কেডাৰৰ আশ্ৰয়স্থলীৰ সন্দেহত শুকুৰবাৰে ৰাজ্যখনৰ বাথিণ্ডি এলেকাকে ধৰি ৮স্থানত নিয়াই অভিযান কাৰ্য চলায়।

নিয়াৰ এই অভিযানত ২গৰাকী কেডাৰক সন্দেহৰ ভিত্তিত আটক কৰে। লস্কৰ-ই-তৈবা নামৰ নিষিদ্ধ সংগঠনটোৰ বিভিন্ন অপৰাধযুক্ত কাৰ্যকলাপৰে জড়িত থকাৰ সন্দেহত ধৃত লোক দুজনক নিয়াই আটক কৰে।

জানিব পৰামতে ২ ধৃতৰ পৰা নিয়াই কাৰ্টিজ আৰু গ্ৰেণেড উদ্ধাৰ কৰে। এই সন্দৰ্ভত সম্প্ৰতি নিয়াৰ তদন্ত অৱ্যাহত আছে। কিয়নো অধিক তথ্যৰ বাবে নিয়াই ধৃত লোক দুজনক সোধা-পোছা কাৰ্য চলাই আছে।

জম্মু-কাশ্মীৰৰ ৮  স্থানত নিয়াৰ অভিযান :  ২জনক আটক
মৃত্যু উপত্যকালৈ পৰিণত হৈছে কাইফলাংচু জলপ্ৰপাত....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in