নিউজ ক্লিকৰ সম্পাদক, প্ৰকাশকক গ্ৰেপ্তাৰ...

নিউজ ক্লিকৰ সম্পাদক, প্ৰকাশকক গ্ৰেপ্তাৰ...
নিউজ ক্লিকৰ সম্পাদক, প্ৰকাশকক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ডিজিটেল নিউজ ৱেবচাইট নিউজ ক্লিকৰ বিৰুদ্ধে সোমাবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা অভিযানৰ মাজতে শেহতীয়াকৈ অহা খবৰ অনুসৰি নিউজ ক্লিকৰ সম্পাদক আৰু প্ৰকাশক ক্ৰমে প্ৰবীৰ পুৰুকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক ইউ এ পি এ আৰু আই পি চিৰ বিশেষ ধাৰাত অধীনত গ্ৰেপ্তাৰ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি প্ৰায় ১০০ টা স্থানত অভিযান চলাই মুঠ ৩৭ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলাক সোধ-পোছ কৰে।

তেওঁলোকে ব্যৱহাৰ কৰা সকলো ইলেক্ট্ৰিক ডিভাইছ, নথিপত্ৰ আদি জব্দ কৰিছে। এতিয়াও নিউজ ক্লিকৰে জড়িত একাংশ সাংবাদিকক দিল্লী আৰক্ষীৰ বিশেষ কোষে সোধ-পোছ অব্যাহত ৰাখিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এই সংবাদ প্ৰতিষ্ঠানটোত ই ডিয়ে অভিযান চলাইছিল। সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে চীনৰ পৰা অবৈধভাৱে ৩৮ কোটি টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ বিৰুদ্ধে এই ক্ষেত্ৰত এফ চি আৰ আইন উলংঘা কৰাৰ অভিযোগ উঠিছে। ইয়াৰোপৰি সেই ৩৮ কোটি টকা দেশ বিৰোধী কাৰ্যকলাপত ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে।

নিউজ ক্লিকৰ সম্পাদক, প্ৰকাশকক গ্ৰেপ্তাৰ...
১০৭ গৰাকী সাংসদ,বিধায়কৰ বিৰুদ্ধে আছে ঘৃণামূলক ভাষণৰ গোচৰ: অধিকাংশ বিজেপিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in