কৰ্তব্যৰ পাছত ঘৰলৈ উভতাৰ সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ

কৰ্তব্যৰ পাছত ঘৰলৈ উভতাৰ সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতত এতিয়া প্ৰচণ্ড শীত। ঘন কুঁৱলীয়ে ঢাকি ধৰিছে উত্তৰ ভাৰত। যাৰ বাবে দিল্লীকে ধৰি নয়ডা আদিৰ বিদ্যালয় সমূহত বন্ধ ঘোষণা কৰা হৈছে। ইয়াৰ মাজতে ঘন কুঁৱলীৰ বাবে প্ৰাণ গ'ল দুই আৰক্ষী বিষয়াৰ।

হাৰিয়ানাৰ সোনিপত জিলাৰ কুণ্ডলী সীমান্তৰ ওচৰত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ঘৰ ফলত দিল্লী আৰক্ষীৰ দুজন আৰক্ষী বিষয়াৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

মৃত দুজন ইনস্পেক্টৰ দীনেশ বেনিৱাল আৰু এটিই ইনস্পেক্টৰ ৰনবীৰ। দুয়ো আদৰ্শ নগৰ পুলিচ ষ্টেচনত কৰ্মৰত আছিল। সোনিপতস্থিত ঘৰলৈ উভতাৰ পথতেই এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

ইতিমধ্যে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

কৰ্তব্যৰ পাছত ঘৰলৈ উভতাৰ সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ
চৰকাৰ গঠনৰ এমাহৰ পাছতে উপ-নিৰ্বাচনত পৰাজিত বিজেপিঃ কংগ্ৰেছৰ শক্তি বৃদ্ধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in