দুবন্ত চহৰ যোশী মথৰ দৰেই অৱস্থা জন্মু-কাশ্মীৰতঃ এই পৰ্যন্ত ২১ ঘৰত মেলিছে ফাট...

দুবন্ত চহৰ যোশী মথৰ দৰেই অৱস্থা জন্মু-কাশ্মীৰতঃ এই পৰ্যন্ত ২১ ঘৰত মেলিছে ফাট...

author-image
Asomiya Pratidin
New Update
দুবন্ত চহৰ যোশী মথৰ দৰেই অৱস্থা জন্মু-কাশ্মীৰতঃ এই পৰ্যন্ত ২১ ঘৰত মেলিছে ফাট...

দুবন্ত চহৰ যোশী মথৰ দৰেই অৱস্থা জন্মু-কাশ্মীৰতঃ এই পৰ্যন্ত ২১ ঘৰত মেলিছে ফাট...

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ যোশী মথৰ দৰেই অনুৰূপ পৰিস্থিতিৰ সূচনা হৈছে জন্মু কাশ্মীৰত। জন্মুৰ ডোডাত প্ৰায় ২১ টা ঘৰত ফাট মেলা পৰিলক্ষিত হৈছে।

যাৰ পৰিপ্ৰেক্ষিতত এছ ডি এমে দুৰ্যোগপীড়িতসকলক স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছেগৈ।

ঘটনা সন্দৰ্ভত ডোডা জিলাৰ দণ্ডাধীশ আথাৰ আমিনে কয় যে, ডিচেম্বৰত জিলাখনৰ কিছুমান ঘৰত ফাট মেলা খবৰ পোৱা গৈছিল। সময় আগবঢ়াৰ লগে লগে এইদৰে বাসগৃহত ফাট মেলাৰ সংখ্যা বৃদ্ধি পাই আহিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে উত্তৰাখণ্ডৰ যোশী মথত এইদৰে বাসগৃহত মেলিছিল ফাট। যোশী মথৰ ৮৪৯ টা ঘৰত মেলিছে ফাট।

যাৰ ভিতৰত আছে ১৫৫ টা ব্যক্তিগত বাসহগৃহ ১০ ব্যৱসায়িক প্ৰতিষ্ঠান। এই পৰ্যন্ত যোশী মথৰ ২৩৭ টা পৰিয়ালক স্থানান্তৰ কৰা হৈছে।

Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বাদশ North East Indian Linguistics Society সমাৰোহ

জন্মু কাশ্মীৰ যোশী মথ