হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ বন্ধ ৭৫২ টা পথ, ২৪ ঘণ্টাত মৃত্যু ২১ জনৰ...

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ বন্ধ ৭৫২ টা পথ, ২৪ ঘণ্টাত মৃত্যু ২১ জনৰ...
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ বন্ধ ৭৫২ টা পথ, ২৪ ঘণ্টাত মৃত্যু ২১ জনৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে হিমাচল প্ৰদেশ। প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ২৪ ঘণ্টাত ২১ জনকৈ লোকে প্ৰাণ ত্যাগ কৰিছে পাহাৰীয়া ৰাজ্যখনত।

যোৱা নিশা ছোলান জিলাত অতিপাত বৰষুণৰ মাজতে ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে চিমলা চহৰত শিৱমন্দিৰ ভাঙি যোৱাৰ ফলত এই পৰ্যন্ত ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা গৈছে।

এইদৰে মাত্ৰ দুটা দিনত ৰাজ্যখনত ২১ জনকৈ লোকৰ মৃত্যু হৈছে। আশংকা কৰা হৈছে ভাঙি পৰা মন্দিৰৰ কংক্ৰিটৰ তলত এতিয়াও ১৫ ৰ পৰা ২০ জনকৈ দৰ্শনাৰ্থী আৱদ্ধ হৈ আছে। ফলত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে।

স্থানীয় সূত্ৰৰ আধাৰত প্ৰকাশিত বাতৰি অনুসৰি সোমবাৰে পুৱা চিমলাৰ ছামাৰ হিলছত থকা এই মন্দিৰটোত প্ৰায় ৫০ জন দৰ্শনাৰ্থী একটোগ হৈছিল। অতিপাত বৰষুণৰ ফলত হঠাৎ মন্দিৰটোৰ একাংশ ভাঙি পৰে। এই ভাঙি পৰা ধ্বংস্তূপৰ মাজত আৱদ্ধ হৈ পৰে মন্দিৰটোৰ দৰ্শনাৰ্থীসকল।

ইয়াৰ মাজৰ পৰা এই পৰ্যন্ত ৯ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চিমলাৰ উপায়ুক্ত আদিত্য নাগিয়ে সংবাদ সংস্থা পিটিআইক জনাইছে যে, অঞ্চলটোত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত বহু লোক মাটিৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

আনহাতে ফাগলি এলেকাৰ জাডোন গাঁৱত বহু কেইটা ঘৰ মাটিৰ তলত পোত গৈছে। তেওঁ জনোৱা অনুসৰি অতিপাত বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছে।আনহাতে ৬ জনক উদ্ধাৰ কৰা হৈছে। বানপানীত ধ্বংস হৈছে একাধিক ঘৰ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুয়ে জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱাৰ লগতে নদীৰ কাষলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে। ইয়াৰোপৰি তেওঁ জনসাধাৰণৰ ভূমিস্খলন হ’ব পৰা অঞ্চলৰ পৰাও আঁতৰি থাকিবলৈ আহ্বান জনাইছে। পৰ্যটকসকলকো তেওঁ এই সময়ছোৱাত ৰাজ্যখনলৈ নাহিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি হিমাচলত বৰষুণ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত বৰষুণৰ পৰিমাণ বহু বৃদ্ধি পাইছে। বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ। উফন্দী উঠিছে খৰস্ৰোতা বিপাসা নদী।

বৰষুণ আৰু ভূমিস্খলনৰ বাবেই ৰাজ্যখনত বন্ধ হৈ পৰিছে ৭৫২ টাকৈ পথ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি হিমাচলৰ চাম্বা, কাংড়া, হমিৰপুৰ, মান্দি, বিলাসপুৰ, ছোলান, চিমলা আদিত প্ৰচুৰ বৰষুণ অব্যাহত থাকিব। যোৱা কেইবছৰত বানপানী আৰু ভূমিস্খলনৰ ফলত দেশৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে পৰিগণিত হৈ পৰিছে হিমাচল আৰু উত্তৰাখণ্ড। এইবাৰ বাৰিষা হিমাচলত এই পৰ্যন্ত ৭ হাজাৰ কোটি টকাৰো অধিক ক্ষয়ক্ষতি হৈছে। আনহাতে মৃত্যু হৈছে ২৫৭ জন লোকৰ।

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ বন্ধ ৭৫২ টা পথ, ২৪ ঘণ্টাত মৃত্যু ২১ জনৰ...
সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in