আয়তকৈ অধিক সম্পত্তিঃ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত জ্যেষ্ঠ মন্ত্ৰী

আয়তকৈ অধিক সম্পত্তিঃ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত জ্যেষ্ঠ মন্ত্ৰী
Published on
Updated on

ডিজিটেল ডেস্কঃ মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে তামিলনাডুৰ মন্ত্ৰী কে পণ্ডমুডিক । তামিলনাডুৰ শাসকীয় দল ডিএমকেৰ উচ্চ শিক্ষাৰ মন্ত্ৰী আছিল তেওঁ। দুৰ্নীতিৰ গোচৰত ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰাৰ পাছতে বিধায়ক আৰু মন্ত্ৰী পদক পৰা তৎকালীনভাৱে অযোগ্য ঘোষণা কৰে। ২১ ডিচেম্বৰত এই ৰায়দান কৰে ন্যায়ালয়ে।

ইয়াৰ পূৰ্বে ২৮ জুনত বেল্লোৰৰ সত্ৰ আদালতে অধিক সম্পত্তি ৰখাৰ গোচৰত মন্ত্ৰীগৰাকী আৰু তেওঁৰ পত্নীক প্ৰমাণৰ অভাৱত নিৰ্দোষী সাব্যস্ত কৰিছিল। কিন্তু মাদ্ৰাছ উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষী সাব্যস্ত কৰে। সম্ভৱত এই সপ্তাহৰ শেষলৈ তেওঁলোকৰ শাস্তি ঘোষণা কৰা হ'ব।

নেতাগৰাকীৰ বিৰুদ্ধে ১.৩৬ কোটিতকৈও অধিক সম্পত্তি থকাৰ অভিযোগ আছে। কেইবাবছৰ ধৰি চলি আছিল এই গোচৰ।

আয়তকৈ অধিক সম্পত্তিঃ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত জ্যেষ্ঠ মন্ত্ৰী
হায় গণতন্ত্ৰ ! লোকসভাত বিৰোধীয়ে নোৱাৰে, অমিত শ্বাহে যি ইচ্ছা তাকেই কৰিব পাৰে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in