এই মূৰ্তিত আছে ভগৱান বিষ্ণু-শ্ৰীৰামৰ অদ্ভুত সংমিশ্ৰণ

এই মূৰ্তিত আছে ভগৱান বিষ্ণু-শ্ৰীৰামৰ অদ্ভুত সংমিশ্ৰণ
Published on
Updated on

ডিজিটেল ডেস্ক: আযোধ্যা আহি পোৱাৰ পাছতে চৰ্চাৰ শীৰ্ষত আছে ভগৱান ৰামৰ সেই বিশেষ মূৰ্তিটো। ক'লা শিলত অতি আকৰ্ষণীয়ভাৱে খোদিত কৰা হৈছে এই মূৰ্তিটো।আযোধ্যাৰ ৰাম মন্দিৰত ২২ জানুৱাৰীত স্থাপনৰ বাবে  সাজু হোৱা এই ৫১ ইঞ্চি ওখ মূৰ্তিটো হ'ব দৈৱত্ব আৰু ৰাজকীয়তাৰ প্ৰতীক।

কৰ্ণাটকৰ প্ৰখ্যাত ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছে এই বিশেষ মূৰ্তিটো। ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে মূৰ্তিটোৰ বিষয়ে শেহতীয়াকৈ এক ৰোমাঞ্চকৰ বিৱৰণ প্ৰকাশ কৰিছে।সেই অনুসৰি, এই মূতিটোৰ নিৰ্মাণকাৰ্য খুবেই ব্যতিক্ৰমীভাৱে কৰা হৈছে।গাখীৰকে ধৰি বিভিন্ন পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেও এই মূৰ্তিটোৰ একো ক্ষতি নহয়। মূৰ্তিটোৰ নক্সাৰ উদ্দেশ্য হৈছে ৰজাৰ গৌৰৱ, শিশুৰ নিৰ্দোষতা তথা ভগৱান বিষ্ণুৰ দৈৱত্বৰ সাৰাংশ ধৰি ৰখা।এই মূৰ্তিটোত ভগৱান ৰাম আৰু ভগৱান বিষ্ণুৰ এক সংমিশ্ৰণ আছে, য'ত শিশুসুলভতাৰ স্পৰ্শ স্পষ্টভাৱে পৰিস্ফুত হৈছে । 

আনহাতে, ভগৱান ৰামৰ ভাতৃ, সীতা আৰু হনুমানৰ মূৰ্তি মন্দিৰৰ প্ৰথম মহলাত স্থাপন কৰা হ’ ব। এই মূৰ্তিসমূহ স্থাপনৰ বাবে উদ্বোধনী অনুষ্ঠানৰ পিছতো অতিৰিক্ত আঠ মাহ লাগিব। ইফালে, হিন্দু পুৰাণত ভগৱান বিষ্ণুৰ 'বাহন' বুলি বিবেচিত হাতী, সিংহ, ভগৱান হনুমান আৰু গৰুড়ৰ মূৰ্তি বিশাল ৰাম মন্দিৰৰ প্ৰৱেশ দ্বাৰত স্থাপন কৰা হৈছে। উল্লেখ্য যে, ১৬ জানুৱাৰীৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰ এই প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীসমূহ আৰম্ভ হ’ব। যোগীৰাজ অৰুণৰ কাৰুশিল্প সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হ'ব ১৮ জানুৱাৰীত। কিয়নো, এই বিশেষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উক্ত দিনাহে প্ৰদৰ্শন কৰা হ'ব।

এই মূৰ্তিত আছে ভগৱান বিষ্ণু-শ্ৰীৰামৰ অদ্ভুত সংমিশ্ৰণ
ৰাম মন্দিৰৰ পূজা-পাতলৰ বাবে নিবাৰ্চিত মাত্ৰ ২২ বছৰীয়া পুৰোহিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in