গৈছিল চিকাৰ কৰিবলৈঃ খাদ্য শেষ, নাৱত বিজুতি, পানীৰ মাজতেই মৃত্যু ৬ জনৰ

গৈছিল চিকাৰ কৰিবলৈঃ খাদ্য শেষ, নাৱত বিজুতি, পানীৰ মাজতেই মৃত্যু ৬ জনৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দূৰৱৰ্তী নাৰ্কোণ্ডাম দ্বীপত উদ্ধাৰ ৬ টাকৈ মৃতদেহ। এই মৃতদেহ কেইটা ম্যানমাৰৰ চোৰাং চিকাৰীৰ বুলি সন্দেহ কৰা হৈছে । দেওবাৰে আন্দামানৰ বিভাগীয় কৰ্তৃপক্ষই এই কথা জনায়।

সন্দেহ কৰা হৈছে যে সৰু আগ্নেয়দ্বীপটোত খাদ্য আৰু পানী শেষ হৈছিল চোৰাং চিকাৰীসকলৰ। খাদ্য আৰু খোৱা পানীৰ অভাৱতে নাৱৰ ওপৰত মৃত্যু হয় তেওঁলোকৰ। ইয়াৰোপৰি দ্বীপটোলৈ যাবৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰা নাওখনত যান্ত্ৰিক বিজুতি হৈছিল যাৰবাবে তেওঁলোক ঘূৰি আহিবও পৰা নাছিল।

তেওঁলোকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হৈছিল। নাৰ্কোণ্ডাম দ্বীপ ভাৰতৰ পূব অংশত অৱস্থিত। উত্তৰ আৰু মধ্য আন্দামান জিলাৰ নাৰ্কোণ্ডাম দ্বীপ ম্যানমাৰৰ কোকো দ্বীপৰ পৰা মাত্ৰ ১২৬ কিলোমিটাৰ দূৰত অৱস্থিত। ই 'এণ্ডেচাইট' নামৰ আগ্নেয়শিলাৰে নিৰ্মিত। ভাৰতীয় ভূতাত্ত্বিক জৰীপে (জিএছআই) দ্বীপটোক এক সুপ্ত আগ্নেয়গিৰিত শ্ৰেণীবদ্ধ কৰিছিল।

প্ৰায় ৭.৬ বৰ্গ কিলোমিটাৰ এলেকাত আগুৰি থকা এই দ্বীপটোত ম্যানমাৰৰ চিকাৰীসকলে প্ৰায়ে চিকাৰৰ বাবে আহে। উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত আন্দামান আৰক্ষীয়ে কেইজনমান চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিছিল। তদন্তৰ সময়ত তেওঁলোকে জনাইছিল যে নাৰ্কোণ্ডাম দ্বীপত তেওঁলোকৰ আৰু ৬ জন সংগী আছে। তাৰ পাছতেই তেওঁলোকক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

গৈছিল চিকাৰ কৰিবলৈঃ খাদ্য শেষ, নাৱত বিজুতি, পানীৰ মাজতেই মৃত্যু ৬ জনৰ
৬১ সংখ্যক জলখানা ভঠুৱাখানা মিলন সভা মহোৎসৱ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in