নিপা ভাইৰাছত আক্ৰান্ত ৬ জন

নিপা ভাইৰাছত আক্ৰান্ত ৬ জন
Published on
Updated on

ডিজিটেল ডেস্ক : কেৰালাৰ কোঝিকোডত নিপা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। এই ভাইৰাছত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ১০০৮ গৰাকী লোকক চিনাক্ত কৰা হৈছে।

ইয়াৰে ৩২৭গৰাকী স্বাস্থকৰ্মীও অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণত ৬গৰাকী ধৰা পৰিছে। ইয়াৰ ভিতৰৰ ২জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে ভাৰতত থকা সকলো ফলমূলতে নিপা ভাইৰাছৰ অৱস্থিতি থকাৰ আশংকা থকা বুলি উল্লেখ কৰা তথ্যই আতংকৰ সৃষ্টি কৰিছে। অৱশ্যে ই কিমান দূৰ সত্য; সেই সন্দৰ্ভত এতিয়াও কোনো প্ৰামাণিক তথ্য পোৱা নাই।

নিপা ভাইৰাছত আক্ৰান্ত ৬ জন
বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবছাইট মুকলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in