ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ বুলধনা জিলাত। দুখনকৈ যাত্ৰীবাহী বাছৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৬ গৰাকী যাত্ৰীৰ। আনহাতে আহত হৈছে ২৫গৰাকীকৈ যাত্ৰী।
মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হোৱা দুৰ্ঘটনাৰ ভয়াৱহতা আৰু আহতৰসকলৰ সংকটজনক অৱস্থালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা এখন বাছত আছিল তীৰ্থ যাত্ৰী।
তেওঁলোকে অমৰনাথ যাত্ৰা সামৰি হিংগোলীলৈ ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। এই তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনত আছিল প্ৰায় ৪০ গৰাকী যাত্ৰী। এই বাছখনৰ নম্বৰ এম এইছ ০৮ ৯৪৫৮।
আনহাতে দুৰ্ঘটনাত পতিত হোৱা আনখন বাছ নাগপুৰৰ পৰা নাচিক অভিমুখে যাত্ৰা কৰিছিল। এই বাছখনৰ নম্বৰ আছিল এম এইছ ২৭ বি এক্স ৪৪৬৬। বাছখনত আছিল প্ৰায় ৩০ গৰাকী যাত্ৰী।
শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীসহ উদ্ধাৰকাৰী দল।তেওঁলোকে দুয়োখন বাছৰ যাত্ৰীকে উদ্ধাৰ কৰে। ঘটনাত আহত ২৫ গৰাকীৰ ভিতৰত বহু কেইজনৰে অৱস্থা সংকটজনক।