ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত ৮০ শতাংশ হোটেল বুক

ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত ৮০ শতাংশ হোটেল বুক
Published on
Updated on

ডিজিটেল ডেস্ক : অযোধ্যাত অহা বছৰৰ ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰা হ'ব। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ দেশ-বিদেশৰ অগণন ভক্ত উপস্থিত থাকিব।

জানিব পৰামতে এই বিৰল মুহূৰ্তৰ সাক্ষী হোৱাৰ বাবে ভিৰ বাঢ়িছে হোটেল বুকিংৰ। অযোধ্য়াৰ প্ৰায় ৮০ শতাংশ হোটেল ইতিমধ্যে বুক হোৱাৰ খবৰ পোৱা গৈছে। ২১ৰ পৰা ২৩ জানুৱাৰী পৰ্যন্ত বুক কৰিছে হোটেলৰ কোঠা।

একোখন হোটেলৰ এনিশাৰ ভাড়া ২০ হাজাৰ টকা পৰ্যন্ত হৈছেগৈ। সাধাৰণতে অন্য সময়ত ইয়াৰ ভাড়া ১,৫০০-২,০০০ টকাৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে।

ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত ৮০ শতাংশ হোটেল বুক
আজি লক্ষ্মী দেৱীৰ পূজা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in