মহাৰাষ্ট্ৰত অন্ত পৰা নাই কৃষকৰ সমস্যা, ৭২ ঘন্টাত ৯ জন কৃষকৰ আত্মহত্যা...

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰত অন্ত পৰা নাই কৃষকৰ সমস্যা, ৭২ ঘন্টাত ৯ জন কৃষকৰ আত্মহত্যা...

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত অন্ত পৰা নাই কৃষকৰ আত্মহত্যাৰ ঘটনা, বৰং দিনক দিনে বৃদ্ধি পাই গৈ আছে আত্মহননৰ পৰিসংখ্যা । বিগত ৩টা দিনত মহাৰাষ্ট্ৰৰ বিদৰ্ভ প্ৰদেশত সংঘটিত এই ঘটনা কেইটাৰ অন্তৰালত কৃষক সকলৰ আৰ্থিক সংকটৰ কথা প্ৰকাশ পাইছে । আত্মহত্যাৰ পথ বাছি লোৱা কৃষক কেইগৰাকীৰ পত্নী সকল কৰ্ম সংক্ৰান্তত নিয়োজিত হৈ থকা এক বেচৰকাৰী সংস্থা 'বিদৰ্ভ জন আন্দোলন সমিতি'য়ে পাছত জানিবলৈ দিয়ে যে বিগত ৭২ ঘন্টাত সৰ্বমুঠ ৯ টা কৈ আত্মহননৰ ঘটনা সংঘটিত হৈছে প্ৰদেশ খনত ।

সমিতি খনে দিয়া তথ্য অনুসৰি, বিগত কিছু দিনত বৃদ্ধি পোৱা প্ৰৱল বৃষ্টিপাত আৰু তাৰ পাছত অহা বানৰ বাবে নষ্ট হৈ পৰিছে ফচলবোৰ । আনহাতে, পুনৰাই খেতি কৰিবলৈ হাতত ধনৰ অভাৱ কৃষক সকলৰ । তেনেস্থলত নিজৰ পৰিয়ালক পোহ-পাল দিবলৈ অক্ষম হৈ চৰম হতাশাত বাচি লৈছে আত্মহননৰ সিদ্ধান্ত ।

উল্লেখ্য যে, বিদৰ্ভ প্ৰদেশৰ অকোলা, অমৰাৱতী, য়বতমাল, বাশ্বিম আৰু বৰ্ধা অঞ্চলত আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল বানৰ ।

এই অঞ্চলসমূহৰ কৃষক সকলক বেংক আৰু আন ঋণদাতা সমূহে কোনো ধৰণৰ সকাহ প্ৰদান কৰিবলৈ সন্মতি নিদিয়াৰ বাব শেষত আত্মহত্যাৰ পথ অৱলম্বন কৰিব লগীয়া হয় কৃষক সকলে ।

maharashtra suicide case