ডিজিটেল ডেস্কঃ দিল্লীত ধাৰাসাৰ বৰষুণৰ মাজতে আজি নিশা সংঘটিত হয় এক ভয়ংকৰ অঘটন। উত্তৰ দিল্লীৰ ছবজি মণ্ডিত প্ৰৱল বৃষ্টিপাতৰ মাজতেই খহি পৰিল এটা বাসগৃহ।
এই ঘটনাৰ হতাহতিৰ প্ৰকৃত খবৰ এতিয়ালৈকে লাভ কৰা নাই যদিও উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে দৰিয়াগঞ্জ অঞ্চলত আকৌ এখন বিদ্যালয়ৰ প্ৰকাণ্ড দেৱাল বৰষুণৰ ফলতেই খহি পৰিছে। ফলত দেৱালখনৰ কাষতে পাৰ্কিং কৰি থোৱা বহু কেইখন বাহনৰ বিস্তৰ ক্ষতি হৈছে।
ছবজি মণ্ডিৰ ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ এজন শীৰ্ষ বিষয়াই কয়, আমি নিশা ৮-৫৭ বজাত ছবজি মণ্ডিত এটা বাসগৃহ ভাঙি পৰাৰ খবৰ পাইছিলোঁ।লগে লগে আমাৰ ৫ খন বাহন গৈ ঘটনাস্থলীত উপস্থিত হৈছে। উল্লেখ্য যে,স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰীয়ে চলাই থকা উদ্ধাৰ অভিযানৰ সহযোগ কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়েও।
Also Read: জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনা...