ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী, অভিনেত্ৰী গৌতমী তাদিমাল্লাই সোমবাৰে বিজেপিৰ পৰা পদত্যাগ কৰে। সুদীৰ্ঘ ২৫ বছৰ বিজেপি দলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল ৰাজনীতিবিদ গৰাকী। সোমবাৰে টুইটাৰযোগে বিজেপিৰ পৰা পদত্যাগ কৰা কথা জনাই নিজৰ পদত্যাগ পত্ৰ সংবাদ মাধ্যমযোগে শ্বেয়াৰ কৰে প্ৰখ্যাত বিজেপি নেত্ৰীগৰাকীয়ে।
গৌতমী তাদিমাল্লাই নিজৰ পদত্যাগ পত্ৰত দলৰ একাংশ নেতাই তেওঁক প্ৰতাৰণা কৰা বুলি দাবী কৰা এজন লোকক সহায় কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত তেওঁ নিজৰ পদত্যাগ পত্ৰখনত এইদৰে লিখিছে "আজি মই মোৰ জীৱনৰ এক অকল্পনীয় সংকটৰ সময়ত থিয় দিছো আৰু দেখিছোঁ যে দল আৰু নেতাসকলৰ পৰা মোৰ প্ৰতি কোনো সমৰ্থন নাই, কিন্তু মোৰ জ্ঞাত হৈছে যে তেওঁলোকৰ মাজৰ কেইবাজনেও সেইজন ব্যক্তিক সক্ৰিয়ভাৱে সহায় আৰু সমৰ্থন কৰি আহিছে যিয়ে মোৰ আস্থাক প্ৰতাৰণা কৰিছে আৰু মোৰ জীৱনৰ সঞ্চয়ক প্ৰতাৰণা কৰিছে"।
A journey of 25 yrs comes to a conclusion today. My resignation letter. @JPNadda @annamalai_k @BJP4India @BJP4TamilNadu pic.twitter.com/NzHCkIzEfD
— Gautami Tadimalla (@gautamitads) October 23, 2023
বিজেপিৰ সৈতে ২৫ বছৰীয়া সম্পৰ্কৰ অন্ত পেলাই অভিনেত্ৰী গৌতমী তাদিমাল্লাই কয় যে, দলৰ একাংশ নেতাই চি আলাগাপ্পানক সক্ৰিয়ভাৱে সহায় আৰু সমৰ্থন কৰি আছে, যিয়ে অভিযোগ অনুসৰি তেওঁৰ সম্পত্তি, ধন আৰু নথি-পত্ৰ আদিৰ ক্ষেত্ৰত তেওঁক প্ৰতাৰণা কৰিছিল।
Also Read: "জয় শ্ৰী ৰাম" ধ্বনি দি এবিএমছুৰ সভাপতিৰ বাসগৃহত আক্ৰমণ দুৰ্বৃত্তৰ