পৃথিৱী আৰু চন্দ্ৰৰ সৈতে আদিত্য এল-১ৰ চেলফি!

পৃথিৱী আৰু চন্দ্ৰৰ সৈতে আদিত্য এল-১ৰ চেলফি!

author-image
Asomiya Pratidin
New Update
পৃথিৱী আৰু চন্দ্ৰৰ সৈতে আদিত্য এল-১ৰ চেলফি!

ডিজিটেল ডেস্কঃ যোৱা ২ চেপ্তেম্বৰত সূৰুযমুখী বাটত খোজ পেলাইছিল ভাৰতে। ১৪০ কোটি জনতাৰ মুখ গৌৰৱেৰে উজলাই পোহৰৰ দিশে গতি কৰিছিল ভাৰতৰ প্ৰথমখন সূৰ্য অভিমুখী মহাকাশযান আদিত্য এল-১।

ভাৰতৰ এই অভিলাষী মহাকাশযান আদিত্য-এল১য়ে বৃহস্পতিবাৰে পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থিত গন্তব্যস্থান লেগ্ৰেঞ্জিয়ান পইণ্ট (এল১)লৈ যোৱাৰ পথত সংগ্ৰহ কৰা পৃথিৱী আৰু চন্দ্ৰৰ ছবি প্ৰেৰণ কৰিছে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে টুইটাৰত এই ছবিসমূহৰ লগতে আদিত্য-এল১য়ে ক্লিক কৰা এখন চেলফিও শ্বেয়াৰ কৰিছে।

যোৱা ৪ ছেপ্টেম্বৰত আদিত্য এল-১ত থকা কেমেৰাই তোলা ছবিসমূহত VELC (Visible Emission Line Coronagraph) আৰু SUIT (Solar Ultraviolet Imager) যন্ত্ৰ দুটা দেখা গৈছে।

ইতিমধ্যে এই মহাকাশযানখনে দুটা আৰ্থ বাওণ্ড অৰ্বিটৰ মেনুভাৰ সম্পূৰ্ণ কৰিছে আৰু লেগ্ৰেঞ্জ বিন্দু এল ১ৰ ফালে গতি কৰাৰ পূৰ্বে আৰু দুটা আৰ্থ বাওণ্ড অৰ্বিটৰ মেনুভাৰ সম্পূৰ্ণ কৰিব লাগিব। আদিত্য-এল১ মহাকাশযানখন আৰু ১২৫ দিনৰ পিছত উদ্দেশ্যপ্ৰণোদিত কক্ষপথ এল ১ পইণ্টত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

এই অভিযানৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে সৌৰ ক’ৰ’না আৰু ইয়াৰ উত্তাপন ব্যৱস্থাৰ পদাৰ্থ বিজ্ঞান, সৌৰ বতাহৰ ত্বৰণ, সৌৰ বায়ুমণ্ডলৰ সংযোজন আৰু গতিশীলতা, সৌৰ বতাহৰ বিতৰণ আৰু উষ্ণতাৰ বিষমতা, আৰু ক’ৰ’নেল মাছ ইজেকচন (চিএমই) আৰু ফ্লেয়াৰ আৰু পৃথিৱীৰ ওচৰৰ মহাকাশৰ বতৰ আদিৰ অধ্যয়ণ কৰা।

উল্লখ্য যে, ইছৰোৰ অধ্যক্ষ এছ সোমনাথে জনাই যে, ভাৰতৰ অন্যান্য চলি থকা প্ৰকল্পসমূহৰ ভিতৰত আছে মানৱ মহাকাশ উৰণ কাৰ্যসূচী। যিয়ে সম্ভৱতঃ ২০২৫ চনৰ ভিতৰত প্ৰথমবাৰৰ বাবে মহাকাশচাৰীক কক্ষপথলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে।

isro