ডিজিটেল ডেস্ক : পদত্যাগ কৰিলে বিহাৰৰ মহা মিত্ৰজোট চৰকাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙে । মহামিত্ৰজোট চৰকাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ সংৰক্ষণত মন্ত্ৰী পদ লাভ কৰিছিল সুধাকৰ সিঙে । ৰবিবাৰে সুধাকৰ সিঙৰ পদত্যাগ সন্দৰ্ভত বিহাৰৰ জগদানন্দ সিঙে নিশ্চিত কৰে এই সিদ্ধান্ত । উল্লেখ্য যে, সুধাকৰ সিং হৈছে জগদানন্দ সিঙৰে সন্তান ।
মহামিত্ৰজোট চৰকাৰ গঠনৰ দুমাহ সম্পূৰ্ণ নহওতেই এইয়া হৈছে বিহাৰৰ মন্ত্ৰীসভাৰ দ্বিতীয় গৰাকী মন্ত্ৰীৰ পদত্যাগ ।
সুধাকৰ সিঙৰ পদত্যাগ সন্দৰ্ভত ইতিমধ্যেই সৃষ্টি হৈছে বহু বিতৰ্কৰ । পদত্যাগ সন্দৰ্ভত সুধাকৰ সিঙৰ বক্তব্য অনুসৰি, সঘনেই দলীয় কূটনীতিৰ চিকাৰ হৈ আহিছে নেতা গৰাকী । যাৰ বাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হয় সিং ।
আনহাতে, এই সিদ্ধান্তলৈ সমৰ্থন আগ বঢ়াইছে ভাৰতীয় জনতা পাৰ্টীয়ে । বিহাৰৰ বিজেপি দলৰ সভাপতি সঞ্জয় যইচৱাল কয় যে, " ৰাষ্ট্ৰীয় জনতা দলত কোনেও নীতিশ কুমাৰৰ দাস হৈ থাকিব নিবিচাৰে, তেনেস্থলত পৰৱৰ্তী সময়ত আৰু নেতাই পদত্যাগ কৰা পৰিলক্ষিত হ'ব দলটোত।"