ডিজিটেল ডেস্ক : ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী আৰু ৰাজধানীক্ষেত্ৰ। দিল্লীবাসীয়ে দৈনিক ২৬টাকৈ চিগাৰেটৰ সেৱনৰ সমান বায়ু প্ৰদূষণৰ মাজত বসবাস কৰিবলগীয়া হৈছে।
বায়ু প্ৰদূষণৰ বাবে ৰাজধানী চহৰখনৰ বাসিন্দাই শ্বাস- প্ৰশ্বাসৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে। এইমছৰ এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ তথ্য মতে বায়ু প্ৰদূষণৰ বাবে এজমা আৰু উশাহ- নিশাহৰ সমস্যাত ভোগা লোকৰ সংখ্যা বৃদ্ধি হৈছে।
বিগত কিছু দিনত এইমছৰ বহিঃ বিভাগত শ্বাস- প্ৰশ্বাসজনিত ৰোগীৰ সংখ্যা ২০ শতাংশ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ইফালে অতি শেহতীয়া তথ্য অনুসৰি দিল্লীৰ বায়ু প্ৰদূষণৰ সূচকাংকই ৪৯২ৰ ঘৰ স্পৰ্শ কৰিছে।
Also Read: মৰুভূমিত তুষাৰপাত! ইতিহাস সৃষ্টি কৰি চৌদি আৰৱত বৰফৰ আচ্ছাদন...PHOTOS