ডিজিটেল ডেস্ক: এখন মহাকাশযানৰ উভতনি যাত্ৰা। আমি সকলোয়ে মহাকাশযানৰ যাত্ৰা অৰ্থাৎ উৎক্ষেপনৰ খবৰ পাওঁ। পিছে এই মহাকাশযান অথবা উপগ্ৰহবোৰ উৎক্ষেপনৰ পাছত ইয়াৰ স্থিতি কি হয় বা কেনে অৱস্থাত থাকে জানেনে? এনে মহাকাশযান অথবা উপগ্ৰহবোৰ অকৌ ঘুৰি আহেনে, যদি আহে কিয় আৰু কেতিয়া?
এখন মহাকাশ যানৰ উভতনি যাত্ৰা। মাইক্ৰ'মেটিঅ'ৰইড প্ৰভাৱৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ বাবে মহাকাশ যানখনৰ উপস্থিতিৰ কেইমাহ মান পাছতেই, ক্ষতিগ্ৰস্ত ৰাছিয়াৰ মহাকাশযানখন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা পৃথক হ'ব।
চয়ুজ এমএছ-২২ ক্ৰু নামৰ মডিউলটো কেইমাহমান পূৰ্বে ৰাছিয়াৰ গৱেষকে প্ৰেৰণ কৰিছিল মহাকাশ লৈ। পিছে মাইক্ৰ'মেটিঅ'ৰইড প্ৰভাৱৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই উক্ত মহাকাশ যানখন এতিয়া উভতিব নিজ উৎক্ষেপন স্থলীলৈ
মহাকাশ যানখনে যাত্ৰী অবিহনে উৰণ গৱেষণাগাৰৰ পৰা প্ৰস্থান কৰাৰ কথা প্ৰকাশ কৰিছে ৰাছিয়াৰ মহাকাশ গৱেষণা বিশেষজ্ঞই। ইয়াৰ কাৰণ হ’ল ৰাছিয়াই ইয়াক সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব। তথা আকস্মিক দুৰ্ঘটনা যদি হয়, তেতিয়া যাত্ৰীসকলক সুৰক্ষিত হ'ব।
ক্ষতিগ্ৰস্ত জাহাজখনে ইতিমধ্যেই উভতি যাত্ৰা আৰম্ভ কৰিছে। আনহাতে উভতনি যাত্ৰাৰ লগে লগে, মহাকাশত উপস্থিত হোৱা তিনিজন মহাকাশচাৰী উৰণপৰীক্ষাগাৰত থাকিব। যাত্ৰী অবিহনে বাহনখনে দুঘণ্টাতকৈও কম সময়ৰ ভিতৰতেই কাজাখস্তানত অৱতৰণ কৰাৰ কথাও গৱেষক সকলে প্ৰকাশ কৰিছে। উক্ত মহাকাশযান খন অৱতৰণ কৰিবলৈ পেৰাচুট ব্যৱহাৰৰ ব্যৱস্থা কৰিছে ৰাছিয়াই।
Also Read: ২০০০ কোটি টকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী! আদালতৰ চমন জাৰি...