ঘন কুঁৱলীৰ বাবে বিমান যাত্ৰাত বিলম্ব

ৰে'ল চলাচলতো কিছু পলমকৈ গন্তব্য স্থানলৈ যাত্ৰা কৰিব লগা হৈছে।
ঘন কুঁৱলীৰ বাবে বিমান যাত্ৰাত বিলম্ব
Published on
Updated on

ডিজিটেল ডেস্ক : ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ বাবে যাত্ৰাত ব্যাঘাত জন্মিছে শতাধিক বিমানৰ। দিল্লী বিমান বন্দৰৰ পৰা উৰা মাৰিব লগা ১০০ৰো অধিক বিমান ঘন কুঁৱলীৰ বাবে পলমকৈ যাত্ৰা কৰিব লগা হয়।

বিমানৰ সমান্তৰালকৈ ৰে'ল যাত্ৰাতো ব্যাঘাত জন্মিছে। ৰে'ল চলাচলতো কিছু পলমকৈ গন্তব্য স্থানলৈ যাত্ৰা কৰিব লগা হৈছে।

ঘন কুঁৱলীৰ বাবে আৰক্ষী তথা প্ৰশাসনে সকলো বাহন চালকক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। দিল্লীৰ সমান্তৰালকৈ পঞ্জাৱ, হাৰিয়ানা আদি চহৰতো শীত তথা কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাইছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ঘন কুঁৱলীৰ বাবেই গুৱাহাটীত অৱতৰণ কৰিব লগা বিমান গৈ পাইছিল বাংলাদেশ।

ঘন কুঁৱলীৰ বাবে বিমান যাত্ৰাত বিলম্ব
ভোগালীৰ উচাহৰ মাজতে সতীৰ্থৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in