ডিজিটেল ডেস্ক : ইউনিভাৰ্চিটি অৱ চাইঞ্চ এণ্ড টেকনোলোজি, মেঘালয়ৰ উপাচাৰ্য অধ্যাপক গৌৰী দত্ত শৰ্মাই শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীৰ এ আই ইউৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিছ (এ আই ইউ)ৰ সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে।
অধ্যাপক জি ডি শৰ্মা এগৰাকী বিজ্ঞানী আৰু দেশৰে এগৰাকী প্ৰতিষ্ঠিত শিক্ষাবিদ। তেওঁ অটল বিহাৰী বাজপেয়ী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য; নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰ-উপাচাৰ্য । তেওঁ দেশ-বিদেশৰ বিভিন্ন শৈক্ষিক সমিতিৰ সদস্য হোৱাৰ উপৰিও ২৬১খনৰো অধিক গৱেষণামূলক প্ৰকাশন আছে। অধ্যাপক শৰ্মাই যাদৱপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এ আই ইউৰ বিদায়ী অধ্যক্ষ অধ্যাপক সুৰঞ্জন দাসৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিছে।
উপলক্ষে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে কয় যে, উত্তৰ-পূবৰ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিৰ্বাচন কৰি এ আই ইউৰ সভাপতি হিচাপে ভাৰতীয় বিশ্ববিদ্যালয়সমূহক নেতৃত্ব দিয়াৰ দায়িত্ব দিয়াটো উত্তৰ-পূবৰ বিশ্ববিদ্যালয়সমূহৰ সমগ্ৰ পৰিয়ালৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
উল্লেখ্য, এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিছ প্ৰতিষ্ঠা কৰা হয় ১৯২৫ চনত, ১৯৬৭ চনত ভাৰতীয় বিশ্ববিদ্যালয়ৰ ব'ৰ্ডটোৰ নাম এ আই ইউ ৰখা হয়। ই বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ্বিতীয় পুৰণি বিশ্ববিদ্যালয় সংঘ। ইয়াত ২০খন বিদেশী বিশ্ববিদ্যালয়কে ধৰি ৯৫৪ খন বিশ্ববিদ্যালয় সদস্য হিচাপে আছে। ই ভাৰত চৰকাৰৰ তৰফৰ পৰা বিদেশী বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আৰু ব্যক্তিগত ব'ৰ্ডক স্বীকৃতি প্ৰদান কৰে। ইয়াৰ পূৰ্বৰ সভাপতিসকল আছিল ডo এছ ৰাধাকৃষ্ণন, ডo জাকিৰ হুছেইন, ডo শ্যামা প্ৰসাদ মুখাৰ্জী আদি। উচ্চ শিক্ষাৰ ওপৰত পাঁচটা মাণ্ডলিক আৰু এটা বাৰ্ষিক সভা আৰু সন্মিলনৰ আয়োজন কৰে। ইয়াৰ উপৰিও ই যুৱ প্ৰজন্মৰ বাবে খেলো ইণ্ডিয়াকে ধৰি আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া আৰু একেধৰণৰ যুৱ সাংস্কৃতিক উৎসৱ, গৱেষণা আৰু উদ্ভাৱন আদিৰ আয়োজন কৰে।
শুকুৰবাৰৰ অনুষ্ঠানটোত উপস্থিত আছিল ডo পংকজ মিট্টাল, সাধাৰণ সম্পাদক, এআইইউ, অধ্যাপক বিনয় কুমাৰ পাঠক, উপাচাৰ্য, চি এছ জে এম বিশ্ববিদ্যালয়, কানপুৰ, অধ্যাপক নাজমা আখতাৰ, উপাচাৰ্য, জামিয়া মিলিয়া ইছলামিয়া, দিল্লী, অধ্যাপক এ ডি এন বাজপেয়ী, উপাচাৰ্য, এবিভিভি, বিলাসপুৰ, ডাঃ নীলিমা গুপ্তা, উপাচাৰ্য, DHSGU, সাগৰ, অধ্যাপক পৰমজিত্ সিং জাচৱাল, উপাচাৰ্য, এছ আৰ এম বিশ্ববিদ্যালয়, সোনিপাট, লেফটেনেন্ট জেনেৰেল ভি কে শৰ্মা, এ ভি এছ এম (অৱসৰপ্ৰাপ্ত), উপাচাৰ্য, মৈত্ৰী বিশ্ববিদ্যালয়, উপাচাৰ্য, ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়, দ্বাৰভাঙা, ডাঃ কুলদীপ কে ৰাইনা, উপাচাৰ্য, সিদ্ধাৰ্থ ৰমিয়া বিশ্ববিদ্যালয়, বাংগালুৰু, অধ্যাপক পি এছ আইথাল, উপাচাৰ্য, শ্ৰীনিবাস বিশ্ববিদ্যালয়, মেঙ্গালুৰু, অধ্যাপক সবিতা চেঙাৰ, উপাচাৰ্য, ঝাৰখণ্ড ৰায় বিশ্ববিদ্যালয়, ৰাঁচী, অধ্যাপক ডি চট্টোপধ্যায়, উপাচাৰ্য, ভগ্নী নিবেদিতা বিশ্ববিদ্যালয়, কলকাতা, অধ্যাপক কাম্বোজ, উপাচাৰ্য, চি চি এছ কৃষি বিশ্ববিদ্যালয়।
Also Read: পূব ঢকুৱাখনা সমবায় সমিতিত শ-শ কুইণ্টল চাউল হৰলুকী; জড়িত গেৰুৱা নেতা...