ডিজিটেল ডেস্ক: ''হিন্দী কোনো ভাষাৰ প্ৰতিযোগী নহয়, ই দেশৰ আন সকলো আঞ্চলিক ভাষাৰ বন্ধু । এখন দেশৰ লোক সকলৰ বিকাশ তথা অগ্ৰগতিৰ বাবে হিন্দী ভাষাৰ ওপৰত পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল'' এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।
হিন্দী দিৱস উপলক্ষে বুধবাৰে গুজৰাট চুৰটৰ পণ্ডিত দীনদয়াল উপাধ্যায় ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এক সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে। হিন্দী ভাষাৰ বিৰুদ্ধে চলা অপপ্ৰচাৰত শ্বাহে নিন্দা জনাই আৰু হিন্দীৰ সৈতে আন আঞ্চলিক ভাষা শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
শ্বাহে "মই এটা কথা অতি স্পষ্ট কৈ দিব বিচাৰো। কিছুমান লোকে হিন্দী আৰু গুজৰাটী, হিন্দী আৰু তামিল, হিন্দী আৰু মাৰাঠী প্ৰতিযোগী বুলি অপপ্ৰচাৰ চলাই আছে। হিন্দী দেশৰ আন কোনো ভাষাৰ প্ৰতিযোগী হ'ব নোৱাৰে। হিন্দী দেশৰ সকলো ভাষাৰ বন্ধু," ।
শ্বাহে কয় যে ব্ৰিটিছে বিভিন্ন ভাৰতীয় ভাষাত সাহিত্য কৰ্ম নিষিদ্ধ কৰিছিল। তাৰ ভিতৰত আছে হিন্দীত,উৰ্দু, তামিল, তেলেগু,পাঞ্জাৱী, গুজৰাটীত, মাৰাঠী, সিন্ধি, ওড়িয়াত, বাংলা, আৰু কানাড়। গতিকে এয়াই প্ৰমাণ কৰে যে ৰাজভাষা আৰু স্থানীয় ভাষাই কেনেকৈ স্বাধীনতা সংগ্ৰামক শক্তিশালী কৰিছিল যিয়ে ব্ৰিটিছ সকলক নিষিদ্ধ কৰিবলৈ বাধ্য কৰাইছিল।"
দেশ আৰু বিদেশত হিন্দী ভাষাৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ হিন্দীৰ অভিধান "অতি বৃহৎ আৰু বিতং" হোৱা প্ৰয়োজন বুলিও কয় মন্ত্ৰী গৰাকীয়ে।
শ্বাহে কয় যে এটা ভাষাই আন ভাষাৰ শব্দ গ্ৰহণ কৰিলে ই নিম্নমানৰ নহয়, বৰঞ্চ ইয়াৰ পৰিসৰ বহল হয়। আমি হিন্দীক নমনীয় কৰি তুলিব লাগিব। যেতিয়ালৈকে আমি এনে নকৰোঁ, আমি হিন্দীক বিকাশ কৰিব নোৱাৰো," । তদুপৰি শ্বাহে ৰাজভাষা আৰু স্থানীয় ভাষা শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।