আজিৰে পৰা কাৰ্যকৰী হোৱা ৩ ফৌজদাৰী আইনৰ সন্দৰ্ভত অমিত শ্বাহে কি ক'লে...

গণপ্ৰহাৰ, নাৰী নিৰ্যাতন, দেশদ্ৰোহীতাৰ বাবে আছে পৃথক ব্যৱস্থা
আজিৰে পৰা কাৰ্যকৰী হোৱা ৩ ফৌজদাৰী আইনৰ সন্দৰ্ভত অমিত শ্বাহে কি ক'লে...
আজিৰে পৰা কাৰ্যকৰী হোৱা ৩ ফৌজদাৰী আইনৰ সন্দৰ্ভত অমিত শ্বাহে কি ক'লে...
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা সমগ্ৰ দেশতে তিনিখন নতুন ফৌজদাৰী আইন কাৰ্যকৰী হৈছে। এই আইন কাৰ্যকৰী হোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদ মেল সম্বোধন কৰি আইন তিনিওখনৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ ভিতৰত তেওঁ বৰ্ধিত গণপ্ৰহাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

মন কৰিবলগীয়া যে, ভাৰতীয় দণ্ডবিধিত বৰ্তমানলৈকে গণপ্ৰহাৰ সন্দৰ্ভত কোনো পৃথক বিধান নাছিল। কিন্তু সোমবাৰৰ পৰা গৃহীত হোৱা নতুন আইনত গণপ্ৰহাৰ সন্দৰ্ভত বিশেষ ধাৰা সংযুক্ত কৰা হৈছে।

এতিয়াৰে পৰা যদিহে গণপ্ৰহাৰত কোনো লোকৰ মৃত্যু হয় তেন্তে দোষীৰ মৃত্যুদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে বুলি সংবাদ মেলত অৱগত কৰিছে অমিত শ্বাহে। এই সংবাদ মেলতে অমিত শ্বাহে বিৰোধীক কটাক্ষ কৰি কয় যে, নতুন আইনক লৈ ৰাজনীতি নকৰি দেশৰ জনতাৰ স্বাৰ্থত আইন কেইখনক সমৰ্থন কৰক।  

মন কৰিবলগীয়া যে, ভাৰতত গণপ্ৰহাৰৰ দৰে অপৰাধৰ সংখ্যা কম নহয়। প্ৰায়ে বিভিন্ন স্থানত গণপ্ৰহাৰত নিৰ্দোশী লোকৰ মৃত্যু হয়। অসমতেই তেনে গণপ্ৰহাৰৰ ঘটনাৰ উদাহৰণ বহু আছে।

এই গণপ্ৰহাৰৰ অপৰাধত অভিযুক্তসকলে দৃষ্টান্তমূলক শাস্তি পোৱাৰ উদাহৰণ কিন্তু তেনেই সীমিত। বহু সময়ত এনে অপৰাধত জড়িত সকলে অতি সহজেই দোষমুক্ত হোৱা পৰিলক্ষিত হয়। অসমৰ কাৰ্বি আংলং জিলাত গণপ্ৰহাৰত মৃত্যু হোৱা অভি-নীলে আজিলৈকে লাভ কৰা নাই ন্যায়।

ইমান দিনে আৰক্ষীয়ে গণপ্ৰহাৰত কোনো লোকৰ মৃত্যু হলে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰি গোচৰ চলাইছিল। কিন্তু এতিয়াৰে পৰা গণপ্ৰহাৰৰ বাবে নতুন ধাৰাৰ ব্যৱস্থা কৰা হৈছে।

অমিত শ্বাহে কয়, আগতে আইনত গণপ্ৰহাৰক লৈ কোনো বিধান নাছিল। নতুন আইনত গণপ্ৰহাৰৰ সংজ্ঞা নিৰূপণ কৰা হৈছে। গণপ্ৰহাৰৰ অপৰাধত মৃত্যু হলে দোষীৰ মৃত্যুদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে।

শ্বাহে কয় নতুন আইনত শাস্তিতকৈ সাধাৰণ মানুহে যাতে ন্যায় লাভ কৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। তেওঁ কয়, ঔপনিবেশিক যুগৰ ফৌজদাৰী আইনৰ সংশোধনৰ লগতে বিচাৰ ব্যৱস্থাত ভাৰতীয় আত্মা যোগ কৰা হৈছে। ইয়াৰ বিধানবোৰ এনেদৰে তৈয়াৰ কৰা হৈছে যে অনেক গোষ্ঠী উপকৃত হ'ব। ব্ৰিটিছ যুগৰ আইনৰ বহু ধাৰা আজিৰ সময়ৰ সৈতে সঙ্গতি ৰাখি প্ৰতিষ্ঠাপিত কৰা হৈছে।

এই নতুন আইনত নাৰী সুৰক্ষাৰ ওপৰত জোৰ দিয়া হৈছে। এই নতুন আইন অনুসৰি ভুক্তভোগীয়ে নিজৰ ঘৰৰ পৰাই ভাষ্য প্ৰদান কৰিব পাৰিব। অনলাইনৰ মাধ্যমতে এফ আই আৰ দাখিল কৰাৰো সুবিধা আছে।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, দেশদ্ৰোহীতাৰ ধাৰা আমি বাদ দিছোঁ। তাৰ পৰিৱৰ্তে দেশবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এক নতুন ধাৰা আনিছোঁ। ইয়াৰ পূৰ্বে চৰকাৰৰ বিৰুদ্ধে বিবৃতি দিয়াটো অপৰাধ আছিল। কিন্তু এতিয়া যদি কোনোৱে ভাৰতৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতাৰ ক্ষতি কৰাৰ বাবে চেষ্টা চলাই তাৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰা হব।

নতুন আইনত অপৰাধৰ প্ৰমাণ যোগাৰ কৰাত ভিডিঅ’ ৰেকৰ্ডিং বাধ্যতামূলক কৰা হৈছে। তালাচী অভিযানৰ সময়ত ভিডিঅ’ কৰিব লাগিব। কোনো ব্যক্তিকে যাতে ইচ্ছাকৃতভাৱে বলি কৰিব নোৱাৰে সেই কথা মনত ৰাখিয়েই এই ব্যৱস্থা কৰা হৈছে।

ধৰ্ষণ বা যৌন উৎপীড়ৰনৰ ক্ষেত্ৰত ভুক্তভোগীৰ ই-বিবৃতিও বৈধ হ'ব। পূৰ্বে আৰক্ষীয়ে কোনো ব্যক্তিক উঠাই নিলে সেই ব্যক্তিৰ পৰিয়ালৰ সদস্যই আদালতলৈ গৈ মুক্তিৰ ব্যৱস্থা কৰিব লাগে। এতিয়া প্ৰতিখন আৰক্ষী থানাতে এখন ৰেজিষ্টাৰ আৰু এখন ই-ৰেজিষ্টাৰ ৰখাটো বাধ্যতামূলক কৰা হৈছে। কোন কোন ব্যক্তি আৰক্ষীৰ জিম্মাত আছে সেই বিষয়ে এই তালিকাত উল্লেখ থাকিব।

উল্লেখ্য যে, ভাৰতীয় ন্যায় ব্যৱস্থা ইমান দিনে ব্ৰিটীছসকলৰ দ্বাৰা প্ৰণিত আইনৰ আধাৰতে চলি আছিল। নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ১৮৬০ চনতে তৈয়াৰ কৰা ভাৰতীয় দণ্ডবিধিৰ পৰিবৰ্তে ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰিছে।

১৮৯৮ চনৰ ফৌজদাৰী আইনৰ পৰিবৰ্তে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ১৮৭২ চনৰ ভাৰতীয় সাক্ষ্য আইনৰ পৰিবৰ্তে ভাৰতীয় সাক্ষ্য অধিনিয়ম কাৰ্যকৰী কৰিছে।

এই নতুন আইন সংসদত উত্থাপন কৰি পাছ কৰি নিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনোধৰণৰ আলোচনা নকৰাৰো অভিযোগ উঠিছে। বিৰোধীয়ে এতিয়াও এই আইনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আছে।

এই প্ৰসংগত অমিত শ্বাহে কয় এই আইনক লৈ লোকসভাত ৯ ঘণ্টা ৩৯ মিনিট সময় আলোচনা হৈছিল। এই আলোচনাত ৩৪ গৰাকী সাংসদে অংশগ্ৰহণ কৰিছিল। ৰাজ্যসভাত ৭ ঘণ্টা আলোচনা হৈছিল। এই বিল সংসদত পূৰ্বৰে পৰা তালিকাভুক্ত কৰি থোৱা আছিল।

শ্বাহৰ মতে এই আইন সন্দৰ্ভত সকলো সাংসদ, মুখ্যমন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু আমোলাৰ পৰা পৰামৰ্শ লোৱা হৈছে। সেই সকলো পৰামৰ্শ পৰ্যালোচনা কৰা হৈছিল।

বিৰোধীক উদ্দেশ্যি শ্বাহে কয় নতুন আইন দেশৰ ১৪০ কোটি জনতাৰ কথা মনত ৰাখি তৈয়াৰ কৰা হৈছে। ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়। আমি বিচাৰো বিৰোধীয়ে ইয়াক সমৰ্থন কৰক। নতুন আইনক লৈ যি কোনো আলোচনাৰ বাবে আমাৰ মন্ত্ৰণালয়ৰ দুৱাৰ খোলা আছে। আমি সকলোৰে কথা শুনিম।

স্মৰ্তব্য, আজিৰে পৰা কাৰ্যকৰী হোৱা এই তিনিওখন বিল সংসদত গৃহীত কৰাৰ সময়ত লোকসভা আৰু ৰাজ্যসভাত এক বিতৰ্কিত পৰিস্থিতিৰ সূচনা হৈছিল। সদনৰ সুৰক্ষা, নিৰাপত্তাৰ দাবীৰে আৰু লোকসভাত হোৱা স্ম'ক বোমাৰ আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ সংসদত বিৰোধীয়ে কৰা হুলস্থুলীয়া পৰিৱেশৰ বাবে দুয়োখন সদন মিলাই ১৪৩ গৰাকীকৈ সাংসদক নিলম্বিত কৰাৰ পাছত প্ৰায় বিৰোধী শূন্য সদনত গৃহীত কৰা হৈছিল এই তিনিওখন বিধেয়ক। আইন তিনিওখনক ২৫ ডিচেম্বৰ, ২০২৩ ত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল।

আজিৰে পৰা কাৰ্যকৰী হোৱা ৩ ফৌজদাৰী আইনৰ সন্দৰ্ভত অমিত শ্বাহে কি ক'লে...
অতীত হ'ল IPC: আইনত পৰিণত হ'ল ভাৰতীয় ন্যায় সংহিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in