কৃষকৰ বাবে বিশেষ প'ৰ্টেল মুকলি কৰিলে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে...

কৃষকৰ বাবে বিশেষ প'ৰ্টেল মুকলি কৰিলে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে
কৃষকৰ বাবে বিশেষ প'ৰ্টেল মুকলি কৰিলে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে
Published on
Updated on

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দেশৰ কৃষকসকলৰ বাবে পঞ্জীয়ন, বিক্ৰী আৰু মূল্য আদায়ৰ বাবে এটা প'ৰ্টেল মুকলি কৰে। এই অনুষ্ঠানত তেওঁ কয়, ২০২৭ চনৰ ভিতৰত মাহজাতীয় শস্য উৎপাদনৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠিব বুলি।

অনুষ্ঠানত নিজা ভাষণত তেওঁ কয় যে, মণ্ড আৰু বুট উৎপাদনৰ ক্ষেত্ৰত ভাৰতআত্ম-নিৰ্ভৰশীল হৈছে যদিও আন আন মাহজাতীয় শস্যৰ ক্ষেত্ৰত এতিয়াও আমদানিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। তেওঁ কৃষকসকলে মাহজাতীয় শস্য খণ্ডত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিব বুলিও আশা প্ৰকাশ কৰে।

ইয়াৰোপৰি তেওঁ কয়, যোৱা ৯টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে মাহজাতীয় শস্য উৎপাদন বৃদ্ধিৰ বাবে বহু কেইটা পদক্ষেপ গ্রহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি মুকলি কৰা এই পৰ্টেলটো বহু কেইটা ভাষাত উপলব্ধ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in