সপ্তম NCORD বৈঠকত গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় নাৰ্কোটিক হেল্পলাইন 'MANAS'

যোৱা পাঁচটা বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজত লাভ কৰা সফলতাৰ বাবে সকলো সংস্থাকে অভিনন্দন জনালে অমিত শ্বাহে
সপ্তম NCORD বৈঠকত গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় নাৰ্কোটিক হেল্পলাইন 'MANAS'
সপ্তম NCORD বৈঠকত গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় নাৰ্কোটিক হেল্পলাইন 'MANAS'
Published on
Updated on

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সপ্তম সংখ্যক এন চি অ’ আৰ ডিৰ এপেক্স পৰ্যায়ৰ বৈঠক সম্বোধন কৰে। বৈঠকত ভাষণ প্ৰদান কৰি শ্বাহে যোৱা পাঁচটা বছৰত ড্ৰাগছৰ বিৰুদ্ধে যুঁজত লাভ কৰা সফলতাৰ বাবে সকলো সংস্থাকে অভিনন্দন জ্ঞাপন কৰে। অৱশ্যে, তেওঁ ভাষণত কয় যে এতিয়ালৈকে লাভ কৰা সাফল্য বা কৰিবলগীয়া কামৰ মাত্ৰ ১০ শতাংশহে।

তেওঁ ড্ৰাগছ বিৰোধী এই যুঁজৰ সন্দৰ্ভত কয়, "প্ৰকৃত যুদ্ধ এতিয়া আৰম্ভ হৈছেহে। যেতিয়ালৈকে ৩৫ বছৰৰ তলৰ প্ৰতিজন নাগৰিকে এই যুদ্ধত যোগদান কৰাৰ সিদ্ধান্ত নলয় আৰু ৩৫ বছৰৰ অধিক বয়সৰ প্ৰতিজন নাগৰিকে পথ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে আমি এই যুঁজত জয়ী হ'ব নোৱাৰো। চৰকাৰে কেৱল এই যুদ্ধ পৰিচালনা কৰিব পাৰে কিন্তু নিজে জয়ী হ’ব নোৱাৰে। সেয়ে এই যুঁজখনক দেশৰ ১৩০ কোটি নাগৰিকৰ কাষলৈ লৈ যোৱাৰ প্ৰয়োজন। ৰাজ্য চৰকাৰৰ সৈতে থকা সংস্থাসমূহকে ধৰি সকলো সংস্থাই এই লক্ষ্য গ্ৰহণ কৰা উচিত।‘’

গৃহমন্ত্ৰী শ্বাহে লগতে কয়, "ভাৰতৰ অমৃতকাল আৰম্ভ হৈছে। আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক প্ৰতিটো দিশত আগশাৰীৰ কৰি তুলিবলৈ সংকল্প লৈছো। কিন্তু আমি ভাৰতৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ বিপদৰ পৰা মুক্ত নকৰাকৈ এই লক্ষ্যত উপনীত হ’ব নোৱাৰো। আমি এই যুঁজখন গম্ভীৰতাৰে যুঁজিব লাগিব আৰু ইয়াক অগ্ৰাধিকাৰ হিচাপে ল'ব লাগিব। সেয়ে আমি সকলোৱে এই কামৰ বাবে প্ৰতি সপ্তাহত কিছু সময় উলিয়াব লাগিব আৰু ইয়াৰ বাবে এটা পৃথক উলম্ব আৰু প্ৰতিবেদন প্ৰণালী সৃষ্টি কৰিব লাগিব। আমাৰ সন্মুখত পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বহু উদাহৰণ আছে। যদি আমি একেলগে আৰু দৃঢ়তাৰে যুঁজ দিওঁ তেন্তে আমি এই যুঁজত জয়ী হ'ব পাৰিম।"

শ্বাহে লগতে কয় যে, একাংশ ৰাষ্ট্ৰই অপৰাধৰ তালিকাৰ পৰা কিছু ড্ৰাগছৰ ব্যৱহাৰ আঁতৰাই দিছে। তেওঁলোকে এই কাম কৰাৰ আঁৰৰ কাৰণ হৈছে অপৰাধীক আৱদ্ধ কৰিবলৈ কাৰাগাৰত তেওঁলোকৰ পৰ্যাপ্ত ক্ষমতা নাই।

তেওঁ পুনৰ কয়, "যোৱা পাঁচ বছৰত আমি গাঁথনিগত, প্ৰতিষ্ঠানগত আৰু তথ্যগত সংস্কাৰৰ জৰিয়তে এই যুঁজখন চলাইছিলো আৰু সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ জৰিয়তে আগবাঢ়িছিলো। এই পদ্ধতিৰ ফলাফল অতি উৎসাহজনক। ২০০৪ চনৰ পৰা ২০১৩ চনলৈ জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল ১.৫২ লাখ কিলোগ্ৰাম, যি ২০১৪ চনৰ পৰা ২০২৪ চনলৈ ৫.৪৩ লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত ড্ৰাগছৰ মূল্য ৫৯৩৩ কোটি টকাৰ পৰা ২২,০০০ কোটি টকাতকৈও অধিক হৈছে"।

তেওঁ ড্ৰাগছ ব্যাৱসায়ক নাৰ্কো সন্ত্ৰাসবাদ আখ্যা দি কয় "ড্ৰাগছৰ আসক্তিয়ে আমাৰ নতুন প্ৰজন্মক দুৰ্বল কৰি তুলিছে আৰু তেওঁলোকৰ পৰিয়াল এক হীনমন্যতাৰে ভূগিছে। ড্ৰাগছৰ ব্যৱসায় এতিয়া নাৰ্কো-সন্ত্ৰাসৰ সৈতে সম্পৰ্কিত, যিয়ে দেশৰ নিৰাপত্তাৰ বাবে এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে। এই বাণিজ্যই আমাৰ অৰ্থনীতিক দুৰ্বল কৰা উৎসবোৰকো শক্তিশালী কৰে। ড্ৰাগছৰ কাৰ্টেলবোৰ হাৱালা লেনদেন আৰু কৰ ফাঁকিৰ সৈতে জড়িত হৈ পৰে। এয়া এক বহুস্তৰীয় অপৰাধ আৰু আমি ইয়াৰ সৈতে কঠোৰভাৱে মোকাবিলা কৰিব লাগিব।‘’

তেওঁ ড্ৰাগছৰ ভয়াবহতাৰ পৰা পৰিত্ৰাণ পাবলৈ ড্ৰাগছ ব্যৱসায়ীৰ একবাৰে তলৰ পৰা পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈকে গোটেই নেটৱৰ্ক ধ্বংস কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি কয় যে, ড্ৰাগছ আসক্ত লোকসকলক কৰায়ত্ত কৰাৰ ওপৰত গুৰুত্ব দিলে নহ’ব। জব্দ কৰা প্ৰতিটো সামান্য পৰিমাণৰ ড্ৰাগছ ইয়াৰ উৎপত্তিস্থল বিচাৰি উলিওৱাৰ লগতে সাম্ভাব্য সৰবৰাহকাৰীসকলক বিচাৰি উলিয়াবলৈ অনুসন্ধান কৰিব লাগিব।

শ্বাহে কয়, "সংশ্লেষিত ড্ৰাগছ এক ডাঙৰ সমস্যা। বহুতো অবৈধ এনে পৰীক্ষাগাৰ উদ্ঘাটন কৰা হৈছে। মই সংস্থাসমূহক তেওঁলোকৰ ৰাজ্যত এনে ধৰণৰ অধিক পৰীক্ষাগাৰ বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছো। আমি এইটোও নিৰ্ধাৰণ কৰিব লাগিব যে ভাৰতত এক গ্ৰামো ড্ৰাগছ যাতে প্ৰৱেশ নকৰে বা ভাৰতৰ জৰিয়তে আন দেশলৈ এক গ্ৰামো ড্ৰাগছ প্ৰেৰণ নহয়। আমি পৃথিৱীৰ এটা অংশহে। এই যুঁজখন আমি এককভাৱে জিকিব নোৱাৰো"।

"ৰাষ্ট্ৰৰ ভিতৰত, আমি আমাৰ একত্ৰিত যুদ্ধ অব্যাহত ৰাখিব লাগিব। প্ৰতিখন জিলাই তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু ইয়াৰ সফলতাবোৰ পৰ্যালোচনা কৰিব লাগিব। তেওঁলোকে কিমান জন যুৱকক পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে আৰু ড্ৰাগৰ ব্যৱসায় আৰু অৰ্থনৈতিক অপৰাধৰ কিমানটা ঘটনা উদ্ধাৰ কৰিছে তাৰ হিচাপ ৰাখিব লাগিব। তেওঁলোকে স্থানীয় প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে এনেধৰণৰ সভাবোৰ অনুষ্ঠিত কৰিব লাগিব বুলিও শ্বাহে সভাত উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ড্ৰাগছ সম্পৰ্কীয় সকলো তথ্য সংস্থাসমূহৰ মাজত আদান-প্ৰদানৰ ওপৰত গুৰুত্ব দি কয়, "তথ্য আদান-প্ৰদানৰ সন্দৰ্ভত, আমাৰ সংস্থাবোৰে প্ৰয়োজনীয় নীতি গ্ৰহণ কৰিছিল। কিন্তু এতিয়া ইয়াক ভাগ-বতৰা কৰাৰ কৰ্তব্যলৈ সলনি কৰা উচিত। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ। আমি আমাৰ ব্যৱস্থাক বিশ্বাস কৰা উচিত। আমি ড্ৰাগছ যোগান শৃংখলাক ধ্বংস কৰাৰ বাবে এক কৌশলগত দৃষ্টিভংগী আৰু ক্ষতি হ্ৰাসৰ বাবে মানৱীয় দৃষ্টিভংগী ৰাখি ড্ৰাগছৰ বিৰুদ্ধে আমাৰ এক নিৰ্মম দৃষ্টিভংগী  ৰাখিব লাগিব"।

ইফালে মানস পৰ্টেল উদ্বোধন কৰাৰ প্ৰসংগত তেওঁ কয়, "আজি মানস পৰ্টেল মুকলি কৰা হৈছে।  নিচাজাতীয় সামগ্ৰী নিয়ন্ত্ৰণৰ উৎকৰ্ষ কেন্দ্ৰৰ ক্ষমতা নিৰ্মাণ চলি আছে আৰু ড্ৰাগছৰ বিৰুদ্ধে আন্দোলনৰ বাবে মিছন স্পন্দন আৰম্ভ কৰা হৈছে। আমি নিশ্চিত কৰিব লাগিব যে এই পদক্ষেপবোৰ ৰাজ্য আৰু জিলাসমূহ প্ৰতিটো বিভাগলৈ বিয়পি পৰে যিয়ে এই ব্যৱস্থাক ত্বৰান্বিত কৰিব পাৰে। মই ৰাজ্যিক পৰ্যায়ত যুটীয়া সমন্বয় সমিতি গঠন কৰিবলৈ আৰু ৰাজ্যিক পৰ্যায়ত বিত্তীয় অনুসন্ধানৰ কঠোৰ পৰ্যালোচনা কৰিবলৈ আৰু বিত্ত মন্ত্ৰালয়ৰ কেন্দ্ৰীয় সংস্থাসমূহত তেওঁলোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছো। মই কেন্দ্ৰীয় সংস্থাসমূহক নিজাববীয়া গোচৰ ৰুজু কৰিবলৈও অনুৰোধ জনাইছো। ৰাজ্যসমূহে তেওঁলোকৰ বাজেটৰ এটা অংশ নিচাজাতীয় ফৰেনচিকৰ ওপৰত ব্যয় কৰিব লাগিব। ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ে ‘স্বদেশী’ৰ ওপৰত কাম কৰি আছে। এই ‘স্বদেশী’ হৈছে  এক সস্তীয়া ফৰেনচিক নাৰ্কোটিক্স পৰীক্ষা কিট। সচিবসকলে মানস পৰ্টেলৰ বিষয়ে সজাগতা বৃদ্ধি আৰু ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে আদেশ জাৰি কৰিব লাগিব।"

সপ্তম NCORD বৈঠকত গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় নাৰ্কোটিক হেল্পলাইন 'MANAS'
অসম আৰক্ষীৰ বিৰুদ্ধে ৩ হমাৰক ন্যায় বৰ্হিভূত হত্যাৰ অভিযোগঃ নিৰপেক্ষ তদন্তৰ আহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in