খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰঃ অসমলৈ স্থানান্তৰ...

অৱশেষত খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰ ৷ ৩৭ দিনে পলায়নৰ অন্তত দেওবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে খালিস্তানী নেতা অমৃত পাল সিঙে ৷ ১৮ মাৰ্চৰ অমৃত পাল পঞ্জাৱৰ আৰক্ষীৰ পৰা পলায়ন কৰি আছিল অমৃত পালে
খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰঃ অসমলৈ স্থানান্তৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰ ৷ ৩৭ দিনে পলায়নৰ অন্তত দেওবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে খালিস্তানী নেতা অমৃত পাল সিঙে ৷ ১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীৰ পৰা পলায়ন কৰি আছিল অমৃত পালে ৷

পঞ্জাৱৰ মুগাত আত্মসমৰ্পন কৰিছে "ৱাৰিছ পঞ্জাৱ দে"ৰ সংগঠনটোৰ নেতাগৰাকীয়ে ৷ ৰাজ্যখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই সকলোকে শান্তি-শৃংখলা অটুত ৰাখিবলৈ আহ্বান জনাইছে ৷ লগতে ভুৱা বাতৰি প্ৰতাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে টুইটযোগে আহ্বান জনাইছে ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মোগা জিলাৰ ৰোডে গাঁৱৰ এটা গুৰুদ্বাৰাত আত্মসমৰ্পণ কৰিছে অমৃত পালে ৷ গ্ৰেপ্তাৰৰ পিছতেই খালিস্তানী নেতাগৰাকীক অসমৰ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লখ্য যে ৰাজ্যখনৰ আজনালা থানাৰ পৰা এজন সতীৰ্থক অস্ত্ৰ-শস্ত্ৰ লৈ বলপূৰ্বকভাবে উলিয়াই লৈ গৈছিল অমৃত পাল আৰু তেওঁৰ সহযোগীসকলে ৷ তেতিয়াৰে পৰা পঞ্জাৱ আৰক্ষীৰ তালাচত আছিল খানিস্তানী নেতাগৰাকী ৷

খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰঃ অসমলৈ স্থানান্তৰ...
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in